জনন স্বাস্থ্য | অধ্যায় ৪ | Chapter 4 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Reproductive Health Chapter Answer
জনন স্বাস্থ্য
প্ৰশ্নমালা
অতি চমু প্রশ্নোত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
১। পৰিবেশে, আবাদী এটা বহন কৰিব পৰা উচ্চসীমাক_______বোলা হয়।
উত্তৰঃ বহন ক্ষমতা।
২। মানুহৰ জননসংখ্যাৰ দ্রুত বৃদ্ধিক ______বুলি কোৱা।
উত্তৰঃ জননসংখ্যা বিস্ফোৰণ।
৩। ভেচেক্টমিত অস্ত্রোপচাৰৰ সহায়ত ______গুচাই দিয়া হয়।
উত্তৰঃ শুক্রবাহী নলীৰ এটা অংশ।
৪। মানুহৰ ডিম্বৰ জীৱনকাল______।
উত্তৰঃ ৭২ ঘণ্টা।
৫। স্ত্রীৰ দেহকোষত থকা ডাঠ ৰঙৰ পদাৰ্থ যিটো পুৰুষত নাথাকে তাক_______বুলি কোৱা হয়।
উত্তৰঃ এবিধ ৰঙীণ জীন।
৬। ______প্রক্রিয়াত ভ্রূণটো ৮ টা কোষযুক্ত অৱস্থা পালে তাক স্ত্ৰীৰ ফেলোপিয়ান নলীলৈ স্থানান্তৰ কৰা হয়।
উত্তৰঃ ভ্রূণ স্থানান্তৰ।
৭। এমনিয়াটিক বসত থকা ক্ৰ 'মজমৰ অধ্যয়নৰ দ্বাৰা অনীতিগত যৌন নির্ণয় কৰা পদ্ধতিটোক ______
বোলে।
উত্তৰঃ এমিন চিনটেছিছ।
শুদ্ধ নে অশুদ্ধ:
১। টেষ্টটিউব বেবী পদ্ধতিত কৃত্রিম শুক্রনিক্ষেপণ কৰা হয়।
উত্তৰঃ অশুদ্ধ।
২। ভাৰতবৰ্ষত, চিকিৎসাসম্মত গর্ভপাত ১৯৭১ চনত বৈধ বুলি ঘোষণা কৰা হৈছিল।
উত্তৰঃ অশুদ্ধ।
৩। প্রজননৰ লগত জড়িত বিভিন্ন দিশসমূহৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰি জনস্বাস্থ্য
সমস্যাসমূহৰ উন্নতি কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
৪। সকলো যৌন ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ।
৫। পৰীক্ষানলীৰ শিশু আঁচনি একপ্ৰকাৰৰ ইন ভিট্র' নিষেচন।
উত্তৰঃ সঁচা।
অতি চুটি উত্তৰৰ প্ৰশ্ন:
১। গৰ্ভস্থ সন্তানৰ জিনীয় বিসংগতি মাক-দেউতাকৰ পৰা ধৰা পেলাবলৈ এটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ আনুবংশিক বিজ্ঞান বা জিনতত্ত্ব।
২। ভাৰতৰ পৰিয়াল পৰিকল্পনা আঁচনি কোন চনত আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
৩। বিশ্বস্বাস্থ্য সংস্থাৰ মতে জননস্বাস্থ্যৰ সংজ্ঞা লিখা।
উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মানুহৰ প্ৰজননৰ সকলো দিশ যেনে- দৈহিক, আবেগিক, আচৰণ আৰু সামাজিক এই আটাইবোৰেই সমুদায় স্বাভাৱিক আৰু সন্তুলিত কার্য্য় ক্ষমতাকেই জননস্বাস্থ্য বোলা হয়।
৪। IUD ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ: Intra Uterine Device (ইন্ট্রা ইউটেৰাইন ডিভাইচ) বা জৰায়োভ্যন্তৰীম কৌশল।
৫। গর্ভ নিৰোধক পিলবোৰত সাধাৰণতে কি পদার্থ থাকে।
উত্তৰঃ গর্ভনিৰোধক পিলসমূহত অতি কম পৰিমাণৰ প্ৰজেষ্টজেন বা প্রজেক্টজেন-এষ্ট্র'জেন সংযোজন হিচাপে থাকে।
৬। টিউবেক্ট'মি কি?
উত্তৰঃ স্ত্রী বন্ধ্যাকৰণ বা টিউবেক্টমি হৈছে মহিলাৰ পেটত কৰা সৰু ছেদমৰ দ্বাৰা অথবা যোনিৰ মাজেৰে পৰা অস্ত্রোপচাৰৰ দ্বাৰা ফেল 'পিয়ান নলীৰ এটা ক্ষুদ্র অংশ কাটি নাইবা পৃথতকৈ গাঁথি মাৰি দিয়া পদ্ধতি।
৭। মানুহৰ জনসংখ্যা বৃদ্ধিৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ মানুহৰ জনসংখ্যা বৃদ্ধিৰ দুটা প্রধান কাৰণ হৈছে-
(ক) উন্নত জীৱন যাপনৰ পৰিবেশৰ লগতে স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহৰ বৃদ্ধি আৰু
(খ) প্রজননক্ষম বয়সৰ মানুহৰ সংখ্যা বৃদ্ধি।
৮। MTP ৰ সম্পূর্ণ নামটো লিখা।
উত্তৰঃ Medical Termination of Pregnancy মেডিকেল টাৰমিনেচন অব প্রেগনেঞ্চি বা চিকিৎসাসম্মত গর্ভপাত।
১৯। অস্ত্রোপচাৰৰ সহায়ত কৰা জন্মনিয়ন্ত্ৰণৰ পদ্ধতিৰ এটা আসোঁৱাহ উল্লেখ কৰা।
উত্তৰঃ এইব্যৱস্থাৰ ফলত গৰ্ভধাৰণৰ সম্ভাৱনা একেবাৰেই নোহোৱা হৈ যায় আৰু বিচাৰিলেও গৰ্ভধাৰণ কৰিব নোৱাৰি।
চমু প্রশ্নোত্তৰঃ
১। জনসংখ্যা বিস্ফোৰণ মানে কি?
উত্তৰঃ জনসংখ্যা অতি দ্রুত হাৰত হোৱা বৃদ্ধিকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়।
২। জনন আৰু শিশু স্বাস্থ্যৰ যতন আঁচনিখনৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ প্রজননৰ বিভিন্ন দিশ সমূহৰ লগতে এক সুস্থ জননস্বাস্থ্য সম্পন্ন সমাজ গঢ়াৰ বাবে প্রদান কৰা সুবিধা আৰু সহযোগবোৰৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰাটোৱে হৈছে এই আঁচনি সমূহৰ মুখ্য কাম।
৩। এমনিওচেন্টেচিচ বা ভ্রূণৰস পৰীক্ষা কিয় বন্ধ কৰা হৈছে?
উত্তৰঃ এমনিওচেপ্টেচিচৰ সহায়ত ভ্রূণ চিনাক্ত কৰিব পৰা হোৱাৰ কন্যাভ্রূণ হত্যাৰ হাৰ যথেষ্ট বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য বাখি ইয়াক বন্ধ কৰা হৈছে।
৪। জনন স্বাস্থ্য বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণতে জননস্বাস্থ্য বুলিলে নিৰোগী আৰু স্বাভাবিকভাবে কাৰ্য্যক্ষম জননাংগক বুজায় যদিও ই মানুহৰ প্ৰজননৰ আৱেগিক আৰু সামাজিক দিশবোৰকো সামৰি লোৱা দেখা যায়।
বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে মানুহৰ প্ৰজননৰ সকলো দিশ যেনে- দৈহিক, আৱেগিক, আচৰণ আৰু সামাজিক এই আটাইবোৰৰেই সমুদায় স্বাভাৱিক আৰু সন্তুলিত কাৰ্য্যক্ষমতাকেই জনন বোলা হয়।
৫। স্ত্ৰীসকলে ব্যৱহাৰ কৰা কপাৰ-টিয়ে কেনেকৈ এক সফল গর্ভনিৰোধক হিচাপে কাম কৰে?
উত্তৰঃ কপাৰ-টি হৈছে এক জবায়োভ্যন্তৰীণ কৌশল। ই হর্মণমুক্তকাৰী আৰু জবায়ুক ভ্রূণ আৰোপণৰ বাবে অনুপযোগী কৰি তোলাৰ উপৰিও জবায়ুৰ গ্ৰীৱাৰ মাজেৰে শুক্রাণুৰ চলাচল অসম্ভৱ কৰি তোলে। খ
৬। মুখেৰে গ্ৰহণ কৰা স্ত্রী গৰ্ভনিৰোধকৰ হৰ্মনৰ গঠন বা নাম লিখা। ই কেনেকৈ গর্ভনিৰোধক হিচাপে কাম কৰে বৰ্ণনা কৰা।
উত্তৰঃ মুখেৰে গ্ৰহণ কৰা স্ত্রী গৰ্ভনিৰোধকত কম পৰিমাণে প্রজেক্টজেন আৰু ইষ্ট্র 'জেন প্রজেস্টজেন হর্মনৰ সংযোজন থকা দেখা যায়।
এই হৰ্মনবোৰে ডিম্বক্ষৰণ আৰু আৰোপণ কাৰ্য্যত বাধা দিয়াৰ উপৰিও যোনি গ্ৰীবাই ক্ষৰণ কৰা মিউকাচ বা শ্লেষ্মাৰ প্রকৃতি সলনি কৰি দিয়ে যাতে যোনি গ্রীবাৰ মাজেৰে কোনো শুক্রাণুৰেই প্রকাশ ঘটিব নোৱাৰে।
৭। MTP ৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ গর্ভকাল সম্পূৰ্ণ হোৱাৰ আগতে ইচ্ছাকৃতবাৱে কৰা গৰ্ভপাতক চিকিৎসাসন্মত গর্ভপাত বা প্রবোচিত গর্ভপাত (MTP) বোলে। সমগ্র পৃথিৱীত বছৰি ৪৫ ৰ পৰা ৫০ মিলিয়ন MTP কৰা হয়। যদিও জনসংখ্যা হ্রাসকৰণত MTP ৰ উল্লেখযোগ্য ভূমিকা আছে তথাপিও জনসংখ্যা হ্রাস উদ্দেশ্যে ইয়াক ব্যৱহাৰ কৰা নহয়। এতিয়ালৈ ইয়াক ন্যায়সংগত কৰা হোৱা নাই যদি ১৯৭১ চনত MTP ক অপব্যৱহাৰ কৰিব নোৱাৰাকৈ (যেনে স্ত্রী ভ্রূণ হত্যা ইত্যাদি) কিছুমান কঠোৰ নিয়মৰ দ্বাৰা বিধিবদ্ধকৰণ কৰিছে।
৮। জন্ম নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিটো আলোচনা কৰা।
উত্তৰঃ জন্ম নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিটো হৈছে হর্মনযুক্ত (IUD) ৰ ব্যৱহাৰ যেনে প্রজেষ্টেৰণযুক্ত
(progestasert, LNG-20) ইত্যাদি। এই ধৰণৰ জবায়ুভ্যন্তৰীণ কৌশল (IUD) বোৰে জৰায়ুৰ ভিতৰত শুক্রাণুৰ
চলন ক্ষমতা নোহোৱা কৰি নিষেচন ক্ষমতা ৰোধ কৰে।
ৰচনাধর্মী প্রশ্নোত্তৰ:
১। বৰ্তমান সময়ত ভাৰতবৰ্ষত বৰ্দ্ধিত স্তৰৰ জনসংখ্যা এটা চিন্তাৰ বিষয়। ইয়াক নিয়ন্ত্ৰণ কৰাৰ কিছুমান
উপায় লিখা।
উত্তৰঃ বৰ্দ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ উপায়সমূহ হ'ল-
(ক) সৰু সৰু পৰিয়ালবোৰক বিভিন্ন প্রকাৰৰ গৰ্ভনিৰোধক পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া।
(খ) বিবাহৰ বাবে উপযুক্ত নিম্নতম বয়স মহিলাৰ বাবে ১৮ বছৰ আৰু পুৰুষৰ বাবে ২১ বছৰ নিৰ্দ্ধাৰ কৰি প্ৰণয়ন কৰা আইন।
(গ) সৰু পৰিয়াললৈ আগবঢ়োৱা চৰকাৰী উদগণি আৰু উপহাৰ।
২। বিদ্যালয় স্তৰত প্ৰজননৰ লগত জড়িত দিশ বা কথাসমূহৰ বিষয়ে দিবলগীয়া পৰামৰ্শৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ বিদ্যালয় স্তৰত ছাত্র-ছাত্রীসকলক যৌন শিক্ষা দিয়াটো অতিশয় জৰুৰী; কিয়নো, ই উঠি অহা যুৱচামক জনন অংগৰ বিষয়ে সম্যক ধাৰণা, বয়ঃসন্ধি আৰু ইয়াৰ লগত জড়িত পৰিবৰ্তনসমূহ, নিৰাপদ আৰু স্বাস্থ্য সন্মত যৌন কাৰ্য্য, যৌন ৰোগ (STD), AIDS আদিৰ বিষয়ে পোৱা যথোপযুক্ত জ্ঞানে সুস্থ জনন স্বাস্থ্য লাভ কৰাত সহায় কৰে। ইয়াৰ উপৰিও উপযুক্ত যৌন শিক্ষাই যুৱক-যুৱতীসকলক যৌন সম্পর্কীয় অন্ধবিশ্বাস আৰু ভুল ধাৰণাবোৰৰ পৰা মুক্ত কৰি সকলোকে এই বিষয়ত যথেষ্ট সজাগ কৰে। গতিকে বিদ্যালয় স্তৰত যৌন শিক্ষা প্রৱৰ্ত্তন কৰি এইবোৰ অন্তর্ভুক্ত কৰিব লাগে।
৩। STD মানে কি? মানুহৰ তিনিটা STD লিখা। ইয়াক কেনেকৈ প্রতিবোধ কৰিব পাৰি?
উত্তৰঃ STD মানে Sexually Transmitted Disease বা যৌনৰোগ।
মানুহৰ তিনিবিধ যৌনৰোগ হৈছে-
(ক) গ'নৰীয়া (খ) চিফিলিছ আৰু (গ) ট্রাইক'ম 'নিয়ছিছ
ইয়াৰ প্ৰতিৰোধ কৰিবলৈ কৰণীয় হ'ল-
(ক) অজ্ঞাত ব্যক্তি অথবা একাধিক ব্যক্তিৰ লগত যৌন সম্ভোগ পৰিহাৰ কৰা।
(খ) সংগমৰ সময়ত সদায় ক'নড'মৰ ব্যৱহাৰ কৰা আৰু
(গ) যৌনৰোগ বুলি সন্দেহ হ'লে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু নিশ্চিত হ'লে সম্পূৰ্ণকৈ চিকিৎসা কৰা।
৪। টেষ্ট টিউব বেবিৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ এই প্রক্রিয়া সহায়কাৰী জনন প্রযুক্তিৰ অন্যতম কৃত্রিম নিষিক্তকৰণ বা IVF পদ্ধতি। টেষ্ট টিউব বেবী নামেৰে জনাজাত এই আঁচনিৰ স্ত্ৰীৰ পৰা অথাব দাতা মহিলাৰ পৰা ডিম্বাণু আৰু স্বামী বা দাতা পুৰুষৰ পৰা শুক্রাণু সংগ্ৰহ কৰি পৰীক্ষাগাৰৰ ভিতৰত যথোপযুক্ত পৰিৱেশত ডিম্বাণু আৰু শুক্রাণুৰ মিলন ঘটাই যোজনকোষ সৃষ্টি কৰি লোৱা হয়।
পিছত যোজন কোষটো ভ্রূণ স্থানান্তৰ প্ৰক্ৰিয়াৰে স্ত্রী গৰ্ভলৈ স্থানান্তৰ কৰা হয়। এনে ভ্রূণ ৮টা ব্লাষ্ট'মেয়াৰ
অৱস্থাপ্রাপ্ত হ'লে স্ত্ৰীৰ ফেল'পিয়ান নলীতে সংস্থাপন কৰা হয় যাক আন্তঃফেল 'পিয়ান স্থানান্তৰকৰণ বোলে।
আনহাতে পৰীক্ষানলীত ভ্রূণৰ বৃদ্ধি ৮ টা ব্লাষ্ট 'মেয়াৰতকৈ অধিক হ'লে আন্তঃজৰায়ু স্থানান্তৰকৰণ প্ৰক্ৰিয়াবে স্ত্ৰীৰ
জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ভ্রূণৰ বিকাশ হ'বলৈ দিয়া হয়। যিবোৰ মহিলাই গৰ্ভধাৰণ কৰিবলৈ অক্ষম হয়,
তেনে ক্ষেত্রত মহিলাৰ শৰীৰত নিষেচিত হোৱা ভ্রূণ একে পদ্ধতিৰে স্থানান্তৰকৰণ কৰা হয়।
Type Himanku Bora
Post ID : DABP006688
New Update 2026