লোক বসতি | অধ্যায় ৪ | Chapter 4 | Class 12 Geography Assamese Medium | HS 2nd Year Geography Notes | 


লোক বসতি 

 অধ্যায় ৪ 

______________________


১) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

i) তলত দিয়া কোনখন চহৰ নদীৰ তীৰত অৱস্থিত  নহয় ?

ক) আগ্ৰা 

খ) ভূপাল 

গ) পাটনা

ঘ) কলকতা

উত্তৰঃ (খ) ভূপাল।

২) লোক পিয়ল অনুসৰি কোনটো সংজ্ঞা চহৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ?

ক) জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ ৪০০ জন 

খ) মিউনুচিপেলিটি , নিগমৰ ব্যৱস্থা থকা 

গ) ৭৫ শতাংশ লোক প্ৰাথমিক বৃত্তিত নিয়োজিত থাকিব

ঘ) জনসংখ্যাৰ আকাৰৰ ক্ষেএত ৫,০০০ জন বা ততোধিক থকা 

উত্তৰঃ (গ) ৭৫ শতাংশ লোক প্ৰাথমিক বৃত্তিত নিয়োজিত থাকিব।

iii) তলত উল্লেখ কৰা কোনটো পৰিবেশত বিৰল বসতি আশা কৰিব নোৱাৰি ?

ক) গংগা উপত্যকাৰ পলসুৱা সমভূমিত

খ) ৰাজস্থানৰ অৰ্ধশুষ্ক আৰু শুকান মৰুভূমিত

গ) হিমালয় নামনি উপত্যকা অঞ্চলত 

ঘ) উত্তৰ-পূব ভাৰতৰ বননি/অৰণ্যাবৃত আৰু পাহাৰীয়া অঞ্চলত 

উত্তৰঃ (খ) ৰাজস্থানৰ অৰ্ধশুষ্ক আৰু শুকান মৰুভূমিত।

iv) নিম্ন উল্লেখিত কোনটো চহৰ গোট আকৃতিৰ অনুক্ৰমৰ ১,২,৩ আৰু ৪ৰ অনুক্ৰমত আছে ?

ক) মুম্বাই, বাংগালোৰ, চোন্নাই, কলিকতা

খ) দিল্লী, মুম্বাই, চেন্নাই, কলিকতা

গ) কলিকতা, মুম্বাই, চেন্নাই, দিল্লী

ঘ) মুম্বাই, কলিকতা, দিল্লী, চেন্নাই  

উত্তৰঃ

২) ৩০টামান শব্দৰ ভিতৰত লিখা-

i) গেৰিচন(garrission) চহৰ কি ? ইয়াৰ প্ৰকাৰ্য লিখা ।

উত্তৰঃ গেৰিচন (garrission) চহৰবোৰ হৈছে সেই চহৰ যাৰ গঠন এটা সামৰিক ঘটি স্থাপনৰ ফল। তেওঁলোকক কন্টেনমেন্ট চহৰ বুলিও কোৱা হয়। আম্বালা, মহু আদিক গেৰিচন চহৰ বুলি ক'ব পাৰি। গেৰিচন চহৰসমূহৰ মূখ্য কাম হৈছে প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা আৰু ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সেৱাত নিয়োজিত লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা। এইবোৰ বিশেষভাৱে সামৰিক, নৌ সেনা বা বায়ু সেনাৰ কাৰ্যকলাপৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।

ii) নগৰ কেন্দ্ৰীকৰণ কেনেকৈ চিনাক্ত কৰিব পৰি ?

উত্তৰঃ নগৰীকৰণ এনে এক সামাজিক প্ৰক্ৰিয়া যাৰ লগত সমাজখনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পৰ্ক আছে। নগৰীকৰণ হ'ল নগৰ এখনত প্ৰব্ৰজনৰ বাবে জনসংখ্যা একত্ৰিত হোৱাৰ আৰু এই জনসংখ্যাৰ ঘনত্ব আৰু পৰিসৰ আৰু ঘনত্ব ক্ৰমে বৃদ্ধি হোৱা প্ৰক্ৰিয়া। নগৰীকৰণ জনসংখ্যাৰ বসতিৰ ঘনত্বৰ বৃত্তি সামজিক জীৱনধাৰণ প্ৰণালী আদিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও বুলি চিনাক্ত কৰা হয়। ভাৰতত নগৰ এখনৰ জনসংখ্যা কমেও দহ হাজাৰ হ'ব লাগে। সেয়েহে ভাৰতীয় দৃষ্টিভংঙ্গীৰে জাতি ব্যৱস্থাৰ, শ্ৰেণী ব্যৱস্থালৈ ৰূপান্তৰ, যৌথ পৰিয়ালৰ একক পৰিয়াললৈ ৰূপান্তৰ, কৃষি  ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন ঔদ্যোগিক বৃত্তিলৈ ৰূপান্তৰ আৰু গ্ৰামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন পৰম্পৰাগত আচাৰ - ব্যৱহাৰৰ পৰিৱৰ্তন আদিৰ সামগ্ৰিক প্ৰক্ৰিয়াকে মুঠতে নগৰ কেন্দ্ৰীকৰণ বুলি ক'ব পাৰি।

iii) মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ কি কাৰকৰ অভাৱ দেখা যায় ?

উত্তৰঃ মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ সাধাৰণতে মৰুভূমি অঞ্চলত আৰ্থিক ভাৱে অনগ্ৰসৰ  আৰু যাতায়ত ব্যৱস্থা পিছ পৰি ৰোৱা এলেকাত বিৰল বসতি গঢ় লৈ উঠে বাবে সেই ঠাইত গ্ৰাম্য বসতি স্থাপন হ'বলৈ অভাৱ।

iv) মেট্ৰ'পলিটান মহানগৰ কি ? পৌৰ কেন্দ্ৰীকৰণৰ লগত ইয়াৰ পাৰ্থক্য কি ?

উত্তৰঃ এক নিযুতৰ পৰা পাঁচ নিযুতাধিক জনসংখ্যাৰ চহৰসমূহক মেট্ৰ'পলিটান মহানগৰ বুলি কোৱা হয়। 

    মেট্ৰ'পলিটান  আৰু পৌৰ কেন্দ্ৰীকৰণৰ মাজত পাৰ্থক্য হৈছে-

(১) মেট্ৰ'পলিটান চহৰসমূহ এখন বৃহৎ জনবহুল চহৰ হোৱাৰ বিপৰীতে সন্নিহিত চহৰপুঞ্জসমূহ একোখন চহৰৰ নিগৰ নিগমৰ অধিনস্থ এলেকাৰ পৰিধী চুই যোৱা অৱস্থানত পৃথক প্ৰশাসনাধীন কিছুমান চহৰকণা। আনহাতে, পৌৰ বসতি সাধাৰণতে স্তূপীকৃত আৰু আকাৰত ডাঙৰয়। পৌৰ বাসিন্দাসকল কৃষি, মাছমৰা, পশুপালন আদিৰ বাদে অন্য অৰ্থনৈতিক আৰু প্ৰশাসনিক বৃত্তিৰ সৈতে জড়িত। চৌদিশে অৱস্থিত গ্ৰাম্য অঞ্চলৰ লগত পৌৰ বসতিৰ প্ৰকাৰ্য সাঙোৰ খাই থাকে। 

৩) ১৫০টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

i) গ্ৰাম্য বসতিৰ বিভিন্ন অবয়ৱবোৰ বৰ্ণনা কৰা । বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বসতিৰ আৰ্হিত প্ৰভাৱ বিস্তাৰ কৰা কাৰকবোৰ কি ? 

উত্তৰঃ নিৰ্মিত অঞ্চল আৰু আন্তঃবাসগৃহৰ ওপৰত নিৰ্ভৰ কৰি বসতিস্থানৰ নিৰ্ধাৰণ কৰা হয়। ভাৰতবৰ্ষত কেইবাশ গৃহৰ কেন্দ্ৰীকৃত গাঁও এটা সাধাৰণ অবয়ব। উত্তৰ ভাৰতৰ নদী গঠিত পলসুৱা সাৰুৱা ভূমিত এনে কেন্দ্ৰীকৃত বাসস্থান সততে দেখা যায়। যেই হওক, আন কিছুমান অঞ্চলত অন্য আকৃতিৰ গ্ৰাম্য বসতি আছে। ভাৰতবৰ্ষত বিভিন্ন প্ৰকাৰৰ লোকবসতি বিৰাজমান। ইয়াৰ মূলতেই আছে কিছুমান কাৰক আৰু অৱস্থা। সেইবোৰ হ'ল --

    (i) প্ৰাকৃতিক অৱয়ব, যেনে ভূপৃষ্ঠৰ প্ৰকৃতি, সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা, জলবায়ু, ব্যৱহাৰযোগ্য পানীৰ যোগান, (ii) সাংস্কৃতিক কাৰক-সামাজিক সংৰচনা, জাতি আৰু ধৰ্ম, (iii) সুৰক্ষাজনিত কাৰক- চোৰ, ডকাইত আদিৰ পৰা প্ৰতিৰক্ষা ব্যৱস্থা। ভাৰতবৰ্ষৰ গ্ৰাম্য বসতি প্ৰধানকৈ চাৰি প্ৰকাৰৰ-

(১) কেন্দ্ৰীকৃত বসতি বা পুঞ্জিত বসতি

(২) উপকেন্দ্ৰীকৃত বা খণ্ডীকৃত বসতি

(৩) সৰু গাঁও বসতি

(৪) বিৰল বসতি

প্ৰাকৃতিক পৰিৱেশত বসতিৰ আৰ্থিত প্ৰভাৱ বিস্তাৰ কৰা কাৰকবোৰ -

(ক) প্ৰাণীৰ উৎসমূহ গ্ৰাম্য বসতি বিস্তাৰণৰ উল্লেখযোগ্য কাৰক বুলি ক'ব পাৰি। নদী, বিল, হদ্ৰ, নিজৰা প্ৰভৃতি ব্যৱহাৰযোগ্য় পানীৰ জলাশয়সমূহৰ পাৰে পাৰে গ্ৰাম্য বসতি গঢ় লৈ উঠে। 

(খ) প্ৰাথমিক খণ্ডৰ জীৱিকাসমূহৰ ভিতৰত কৃষিকাৰ্য আটাইতকৈ সুবিধাজনক বৃত্তি। সেয়েহে নদী উপত্যকা অথবা আন যিকোনো অৱস্থানৰ জীপাল - সাৰুৱা মাটিৰ বিস্তীৰ্ণ এলেকাবোৰ গ্ৰাম্য বসতিৰ ঘাই অঞ্চল ৰূপে যুগ যুগ ধৰি চিনাক্ত হৈ আহিছে।

(গ) গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক ক্ষেত্ৰত উৎপন্ন হোৱা সামগ্ৰীৰ উপলব্ধতায়ো অনেক সময় গ্ৰাম্য বসতিৰ অৱস্থান নিৰ্ধাৰণ কৰে।

(ঘ) গ্ৰাম্য বসতিৰ লোকসকল কৃষি, মীন, পশুপালন, অৰণ্য আৰু প্ৰভৃতি প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক কাম - কাজৰ লগত জড়িত এওঁলোক অৰ্থনৈতিক কাম-কাজ বহুদূৰলৈকে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল।

ii) একক প্ৰকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা চহৰ থকাটো অনুমান কৰিব পাৰিনে ? নগৰবোৰ একাৰ্ধিক প্ৰকাৰ্যৰ হোৱাৰ কাৰণ কি ? 

উত্তৰঃ 


Type: Jyotismita Hazarika 

Answer Type : Pompi Hazarika