অৰণ্য - প্ৰকাৰৰ আৰু বিতৰণ ঃ

 প্রাকৃতিক উদ্ভিদৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য । ৰাজ্যখনৰ প্রাকৃতিক পৰিৱেশ নানা ধৰণৰ উদ্ভিদৰ জন্ম আৰু বৃদ্ধিৰ বাবে বিশেষভাৱে উপযােগী । উল্লেখযােগ্য যে কুৰি শতিকাৰ প্রায় মাজভাগলৈকে অসম এখন ‘ জংঘলৰ ৰাজ্য ’ হিচাপে জনাজাত আছিল । তেতিয়া বৰ্তমানৰ দৰে ৰাজ্যখনৰ সকলােতে জনবসতি নাছিল । ১৯৫১ চনৰ লােকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল ৮.০৩ নিযুত । ২০১১ চনত ই হয়গৈ ৩১.১৬ নিযুত । জনসংখ্যা বৃদ্ধি আৰু প্রয়ােজনীয় বাসভূমি , কৃষিভূমি , ৰাস্তা - ঘাট , শিল্প - উদ্যোগ আদিৰ প্রসাৰে ৰাজ্যখনৰ বনাঞ্চলবােৰত যথেষ্ট হেচা দিছে । তথাপি দেশৰ অন্য বহুতাে ৰাজ্যৰ তুলনাত অসমৰ অৰণ্য যথেষ্ট বৈচিত্র্যপূর্ণ । ইয়াৰ গুৰিতে আছে ৰাজ্যখনৰ বৈচিত্র্যময় ভূ - প্রকৃতি আৰু অনুকূল জলবায়ু ।

অৰণ্যৰ প্ৰকাৰ(Types of Forest)ঃ

অসমত প্রাকৃতিক পৰিৱেশ অঞ্চলভেদে বেলেগ বেলেগ । নৈপৰীয়া সমতলকে ধৰি বিভিন্ন উচ্চতাৰ পাহাৰ - মালভূমি , আদ্রভূমি আদি থকাৰ কাৰণে ৰাজ্যখনত কেইবা প্রকাৰৰাে অৰণ্য দেখা যায় । ৰাজ্যখনৰ অৰণ্যক পাঁচটা প্রধান ভাগত ভাগ কৰিব পাৰি—

 ( ক ) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য ( Tropical evergreen forest ) , 

( খ ) ক্রান্তীয় অধচিৰসেউজীয়া অৰণ্য ( Tropical semi - evergreen forest ) , 

( গ ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য ( Tropical moist deciduous forest ) , 

( ঘ ) নৈপৰীয়া অৰণ্য ( Riverine forest ) আৰু 

( ঙ ) ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্য ( Tropical dry deciduous forest ) ।

 এই অৰণ্যবােৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে আছে । কিছুমান আছে সংৰক্ষিত বনাঞ্চল হিচাপে আৰু অন্য কিছুমান অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে । অন্য কিছুমান অৰণ্য আকৌ ভিতৰুৱা ঠাইবােৰত মুকলিকৈ সচঁৰতি হৈও আছে ।

 ( ক ) ক্রান্তীয় চিৰসেউজীয়া অৰণ্যঃ ৰাজ্যখনৰ অতি বেছি বৰষুণ হােৱা ঠাইবোৰত এই অৰণ্য দেখা যায় । বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতােকৈ বেছি হােৱা ঠাইত এই অৰণ্য পােৱা যায় বাবে ইয়াক বর্ষাৰণ্য ( Rain forest ) বুলিও কোৱা হয় । অৰুণাচল প্রদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্রকাৰৰ অৰণ্য দেখা যায় ।

    সাধাৰণতে চিৰসেউজীয়া অৰণ্য তিনিতৰপীয়া হােৱাটো পৰিলক্ষিত হয় । প্রথম তৰটো অতি ওখ গছৰ দ্বাৰা গঠিত । অসমৰ চিৰসেউজীয়া অৰণ্যত হােলােং , মেকাই আদি অতি ওখ গছ পােৱা যায় । ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে । এই তৰপত সাধাৰণতে নাহৰ , চিয়া নাহৰ , আমাৰি আদি গছ দেখা যায় । একেবাৰে তলৰ তৰপত চাপৰ গছ বন আদি থাকে । চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা , তৰা , বাঁহ - বেত , কপৌফুল আদিও থাকে । সম্প্রতি অসমত বিভিন্ন কাৰণত এই অৰণ্য বেয়াকৈ সংকুচিত হৈ আহিছে । 

খ ) ক্রান্তীয় অর্ধচিৰসেউজীয়া অৰণ্যঃ ব্রহ্মপুত্র উপত্যকাৰ উত্তৰ অংশৰ ভাৱৰ ( Bhabar ) অঞ্চল , কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চলৰ কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণ ভাগত অর্ধচিৰসেউজীয়া অৰণ্য দেখা যায় । ব্রহ্মপুত্র উপত্যকাৰ ভাৱৰ অঞ্চলটোৰ মাটিভাগ হিমালয় পর্বতৰ পৰা নৈয়ে কঢ়িয়াই অনা শিল , বালি আদি গেদৰ দ্বাৰা গঠিত । এই মাটি গঠনত ঢিলা । এই অঞ্চলটোৰ পৰিৱেশ অর্ধচিৰসেউজীয়া অৰণ্যৰ বাবে অনুকুল । এনে অৰণ্যৰ প্ৰধান গছ - গছনি হৈছে নাহৰ , বনচোম , চাম , শিৰীষ , ঔ , গন্ধসৰৈ , অগৰু , পমা আদি । বাঁহ - বেত , ঢ়েঁকীয়া আদি এই অৰণ্যত যথেষ্ট পৰিমাণে পােৱা যায় । পাহাৰৰ পাদদেশীয় এলেকাবােৰলৈ জনবসতি আৰু ৰাস্তা - ঘাটৰ প্ৰসাৰ ঘটাত ৰাজ্যখনৰ অর্ধসেউজীয়া অৰণ্যও যথেষ্ট পৰিমাণে আক্রান্ত হৈছে ।

(গ) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী  অৰণ্য ঃ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা, কাৰ্বি, আংলং আৰু ডিমা হাছাও জিলা আৰু বৰাক উপত্যকা কিছু কিছু অংশত  এই অৰণ্য  পোৱা যায় সাধাৰণতে বাৰ্ষিক  বৃষ্টিপাত ২০০-২৫০ চেন্টিমিটাৰ  হোৱা এলেকাবোৰত এই অৰণ্য প্ৰাধন্য়  বেছি । পৰ্ণপাতী অৰণ্যৰ বেছিভাগ  গছৰে খৰালি পাত  সৰে ।  আচলতে শীতকালত  পাৰসৰা উদ্ভিদকে পৰ্ণপাতী অৰণ্যৰ  প্ৰধান  গছ- গছনি  । দক্ষিণ কামৰূপ  আৰু গোৱালপাৰা জিলাৰ  তুলতামূলকভাৱে ওখ ঠাইবোৰত  শাল- গছৰ অৰণ্য  দেখা যায়। 

( ঘ ) নৈপৰীয়া অৰণ্যঃ অসম এখন নদীমাতৃক ৰাজ্য । ৰাজ্যখনৰ প্রাকৃতিক পৰিৱেশ বহু পৰিমাণে নৈ , বিল আদিৰ দ্বাৰা নিয়ন্ত্রিত । নৈ - বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূভাগত এক বিশেষ ধৰণৰ অৰণ্য দেখা যায় । এনে অৰণ্যক নৈপৰীয়া অৰণ্য বুলি ক'ব পাৰি । এসময়ত অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যই আগুৰি আছিল । এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্রাধান্য বেছি । গছৰ ভিতৰত চোম , সোঁৱালু , উৰিয়াম , মজ , ঔ , আজাৰ আদি প্রধান । নল , খাগৰি , তৰা , কৌপাত , বেত , ঝাওঁ , কঁহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবােৰ বিশেষ উপযােগী । কিাজিৰঙা , ডিব্ৰু - ছৈখােৱা , পবিতৰা , ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্রধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত । অৱশ্যে সাম্প্রতিক কালত জনবসতি ক্রমে নৈপৰীয়া এলেকাবােৰলৈ সম্প্রসাৰিত হােৱাৰ ফলত এই অৰণ্য দ্রুতগতিত সংকুচিত হৈছে । ( 

ঙ ) ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্যঃ সাধাৰণতে নৈৰ পৰা কিছু আঁতৰৰ প্লাৱনভূমিৰ আপেক্ষিকভাৱে শুকান পৰিৱেশত এই অৰণ্য দেখা যায় । এনে অৰণ্যতাে দুই ধৰণৰ উদ্ভিদ চকুত পৰে— কিছু ওখ গছ আৰু ঘাঁহজাতীয় উদ্ভিদ । গছৰ ভিতৰত শিশু , ভেঙ্কৰ , শিমলু , খৈৰা , বগৰি আদি প্রধান । বিৰিণা , খাগৰি , উলু , কুশবন আদি প্রধান ঘাঁহজাতীয় উদ্ভিদ । নৈপৰীয়া জীপাল অঞ্চলৰ অৰণ্যৰ কাষৰীয়া কিছু শুকান বালিয়া এলেকাবােৰত শুষ্ক পর্ণপাতী অৰণ্য দেখা যায় । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ আপেক্ষিকভাৱে শুকান প্লাৱনভূমি অঞ্চলত এই ধৰণৰ অৰণ্য কিছু পৰিমাণে আছে । ওপৰত উল্লেখ কৰা কেইবিধৰ উপৰি ৰাজ্যখনৰ বিশেষ কিছু এলেকাত অন্য প্রকাৰৰ অৰণ্যও চকুত পৰে । তাৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ওখ পাহাৰীয়া এলেকাবােৰত থকা সৰলবর্গীয় গছৰ ( Pine tree ) অৰণ্য উল্লেখযােগ্য । তদুপৰি আক্রান্ত বনাঞ্চলবােৰৰ কিছুমানত ডাঙৰ গছ - গছনি লােপ পােৱাত চাপৰ জোপােহা গছৰ বননিৰ সৃষ্টি হৈছে । এনে বননিক অৱক্ষয়িত অৰণ্য ( Degraded forest ) বুলি কোৱা হয় । ৰাজ্যখনৰ প্ৰায়বােৰ জিলাতে এনে অৰণ্য আছে ।

Type Sumit Patar

Class 9 Social Science Geography