জীৱৰ বিৱৰ্তন | অধ্যায় ৭ | Chapter 7 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Evolution of Life Chapter Answer

জীৱৰ বিৱৰ্তন

প্ৰশ্নমালা

(A) চমু উত্তৰৰ প্রশ্নঃ

1. জীৱৰ উৎপত্তি সম্পর্কে বিশেষ সৃষ্টিবাদে কেনে ধৰণে ব্যাখ্যা কৰিছিল?

2. জীৱৰ পৰাহে জীৱৰ উৎপত্তি হয়এই তত্ত্ব কোনে প্রতিষ্ঠা কৰিছিল? এই তত্ত্ব সম্পর্কে চমু ব্যাখ্যা দিয়া।

3. পৃথিৱীৰ আদিমতম পৰিৱেশ কেনে ধৰণৰ আছিল?

4. ষ্টেলি মিলাৰৰ পৰীক্ষাৰ পৰা কি প্রমাণ হয়?

5.  সমসংস্থ অংগ বুলিলে কি বুজা যায়? এনে অংগসমূহে বিৱৰ্তন সম্পর্কে কিবা আলোকপাত কৰেনে?

6. বিভিন্ন মেৰুদণ্ডী প্রাণীৰ হৃদপিণ্ড আৰু মস্তিষ্কৰ গঠনৰ মৌলিক মিল থকাৰ পৰা কি প্রমাণ হয়?

7. লুপ্তপ্রায় অংগ বুলিলে কি বুজা যায়? এনে অংগসমূহৰ অস্তিত্বই কি প্রমাণ কৰে?

8. সংযোগী জীর কোন বিলাক?

9. বিৱর্তনৰ জৈৱ-ৰাসায়নিক প্রমাণ কি কি?

10. লেমার্কে ভবামতে অংগৰ ব্যৱহাৰ বা অব্যৱহাৰৰ ফলত দেহৰ যি পৰিৱর্তন হয় সেইটো উত্তৰাধিকাৰ সূত্রে সতি-সন্ততিয়ে পায় নেকি? যুক্তিসহ ব্যাখ্যা কৰা।

11. ব্যৱহাৰ বা অব্যৱহাৰৰ ফলত অংগৰ পৰিৱৰ্তন যে হয় তাৰ কি কি প্রমাণ লেমার্কে দিছিল? এইবিলাক বিমান যুক্তিসংগত আছিল?

12. ডাৰউইনে জীৱন-সংগ্রাম বুলি কওঁতে কেনে ধৰণৰ সংগ্ৰামৰ কথা কৈছিল?

13. কিহৰ বাবে প্ৰজাতিৰ মাজত জীৱন-সংগ্রাম আৰম্ভ হয় আৰু তাৰ পৰিণতি কি হয়?

15. দ্য চিৰ বিৱৰ্তন তত্ত্বৰ মূল বক্তব্যখিনি লিখা।

16. ৱেইজমেন তত্ত্বৰ সাৰাংশ লিখা।

17. বিৱর্তন ও উৎপৰিবৰ্ত্তনৰ বৈশিষ্ট বর্ণনা কৰা।

18. বিৱৰ্তন সম্পর্কে জীৱাশ্মৰ পৰা কি সাক্ষ্য পোৱা যায়?

19.  প্ৰকাৰণ কাক বোলে আৰু কেনেকৈ হয়?  

20. জীৱাশ্মৰ বয়স কেনেকৈ নিৰূপণ কৰা হয়?

21. প্ৰকাৰণৰ লগত প্ৰজাতিৰ উদ্ভৱৰ সম্পৰ্ক কি?

22. ৰাসায়নিক বিবর্তন আৰু জৈৱ বিৱৰ্তনৰ মাজত পার্থক্য কি?

23. পৃথিবীৰ আদিম পৰিৱেশ কেনে আছিল?

24. বিৱৰ্তনৰ ভ্ৰূণবিদ্যা সম্পর্কীয় সাক্ষ্যৰ ব্যাখ্যা দিয়া।

25. ভূতাত্বিক সময় তালিকা বুলিলে কি বুজা? ইয়াৰ তাৎপৰ্য্যৰ বিষয়ে লিখা।

26. জীৱৰ ব্যক্তি বৃত্তান্তই তাৰ জাতি বৃত্তান্তক পুনৰাবৃত্তি কৰে' উক্তিটোৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

27. প্রজাতিৰ উদ্ভাৱন বুলিলে কি বুজা? প্রজাতি উদ্ভাৱনৰ বিভিন্ন প্ৰকাৰসমূহ লিখা।

28. আর্কিটেৰিক্সক পক্ষী আৰু সৰীসৃপৰ মাজৰ যোগসূত্র বুলি ধৰা হয়। কথাষাৰ ব্যাখ্যা কৰা।

29. হার্ডি উইনবার্গৰ মূল তত্ত্ব কি?

30. জীৱৰ ৰাসায়নিক উৎপত্তি প্রমাণ কৰিবলৈ মিলাৰে কৰা পৰীক্ষাটো চমুকৈ আলোচনা কৰা।

31. হার্ডি উইনবার্গৰ সাম্যাৱস্থাৰ ওপৰত ক্রিয়া কৰা পাচটা কাৰকৰ উল্লেখ কৰা।

(B) অতি চমু উত্তৰৰ প্রশ্নঃ

1. লুই পেষ্ট্যুৰৰ আৱিষ্কাৰৰ পিছত জীৱৰ উৎপত্তি সম্পর্কে কি তত্ত্ব জনাজাত হয় আৰু সেই তত্ত্বক কি বুলি কোৱা হয়?

2. বর্তমান পৃথিৱীত থকা কোন ধৰণৰ কণিকাৰ লগত আদিম জীৱ কণিকাৰ তুলনা কৰিব পৰা যায়?

3. উদ্ভিদৰ লুপ্তপ্রায় অংগ কিছুমানৰ উদাহৰণ দিয়া।

4. সংযোগী প্রাণী তিনিটাৰ নাম লিখা।

5. জীৱাশ্ম কোন প্রকাৰৰ শিলাস্তৰত পোৱা যায়?

6. অন্তৱৰ্তী জীৱাশ্ম বুলিলে কি বুজা?

7. এটি অন্তর্বর্তী জীৱাশ্মৰ নাম লিখা আৰু এই জীৱাশ্ম কোন দুই ধৰণৰ জীৱৰ অন্তৱৰ্ত্তী ৰূপ আছিল লিখা।

8. জীৱাশ্ম কাক বোলে?

9. ভেঁকুলীৰ লালুকী অৱস্থাই তাৰ জাতি বৃত্তান্তৰ নে ব্যক্তি বৃত্তান্তৰ পুনৰাবৃত্তি কৰে?

10. প্রতি জীৱৰে ব্যক্তি বৃত্তান্তই তাৰ জাতি বৃত্তান্তক পুনৰাবৃত্তি কৰে”—এই উক্তিটোৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

11. “চিৰাম” পৰীক্ষা কৰি প্ৰাণীৰ বিৱৰ্তন সম্পর্কে কি ধৰণৰ তথ্য পোৱা যায়?

12. আধুনিক বিৱর্তনবাদ মতে কোন কেইটা প্রক্রিয়াই একেলগে ক্রিয়া কৰিলে বিৱর্তন সম্ভৱ হয়?

13. মানুহৰ লুপ্তপ্রায় অংগ কেইটামানৰ নাম লিখা?

14. কোন প্রাণীৰ লগত মানুহৰ চিৰামৰ মিল পোৱা যায়?

15. যিজন অর্থনীতিবিদৰ জনসংখ্যা সম্পৰ্কীয় তত্ত্বই ডাৰৱিনক প্ৰভাৱিত কৰিছিল সেই অর্থনীতিবিদজনৰ নাম কি আছিল?

16. ডাৰৱিনৰ সমসাময়িক আন এজন ইংৰাজ প্রকৃতিবিদে ডাউইনৰ দৰেই বিৱর্তন সম্পর্কে প্রায় একেই সিদ্ধান্তত উপনীত হৈছিল। সেই প্রকৃতিবিদজনৰ নাম কি আছিল?

17. ৰাসায়নিক বিৱৰ্তন মানে কি?

18. কৱাছাৰভেট মানে কি বুজা?

19. প্ৰকাৰণ আৰু বিৱৰ্তনৰ সম্পৰ্ক কি?

20. জীৱন্ত জীৱাশ্ম কাক বোলে?

21. জীৱৰ উৎপত্তি সাগৰৰ পানীত হৈছিল উদাহৰণ সহ যুক্তি আগবঢ়োৱা।

22. প্ৰজাতিৰ স্পষ্ট সংজ্ঞা দিয়া।

23. এটা অনুকূলীয় প্ৰসাৰণৰ উদাহৰণ দিয়া?

24. মানুহৰ বিৱৰ্তনক অনুকূলীয় প্ৰসাৰণ কব পাৰিনে?

25. আদি ভাইৰাছ কি?

26. এটা উদাহৰণৰে প্ৰণীৰ অনুকূলী বিকিৰণৰ বৰ্ণনা কৰা।

(C) বহু বিকল্পী প্ৰশ্নঃ

1. জীৱৰ স্বতঃস্ফুৰ্ত উৎপত্তি নহয় বুলি প্ৰমাণ কৰিছিলঃ

(a) লেমাৰ্কে (b) মেণ্ডেলে (c) লুই পেষ্ট্যুৰে (d) কুভিয়াৰে

2. জৈৱ বিৱৰ্তন সম্পৰ্কে প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়াইছিলঃ

(a) লুই পেষ্ট্যুৰে (b) লেমাৰ্কে (c) ৱেইজমেনে (d) ডাৰৱিনে

3. জীৱ সৃষ্টিৰ আদিতে পৃথিৱীৰ বায়ুমণ্ডলত আছিলঃ

 

(a) কক্সিজেন, নাইট্ৰজেন, মিথেন, আৰু এমনিয়া, (b) অক্সিজেন, হাইড্ৰজেন, মিথেন আৰু জলীয় বাষ্প, (c) মিথেন, এমনিয়া, হাইড্ৰজেন আৰু জলীয় বাষ্প, (d) মিথেন, এমনিয়া, নাইট্ৰজেন আৰু হাইড্ৰজেন।

4. তলৰ কোনটো তত্ত্ব লেমাৰ্কৰ নহয়ঃ

(a) প্ৰয়োজন অনুযায়ী অংগ গঠন হয়, (b) অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ ফলত দৈহিক পৰিৱৰ্তন হয়, (c) লব্ধ গুণ বংশগতি সূত্ৰে পায়, (d) জীৱন-সংগ্ৰামত জয়ী জীৱকেই কেৱল প্ৰকৃতিয়ে বৰণ কৰি লয়।

5. ডাৰৱিন তত্ত্বৰ বিচাৰ্য বিষয়সমূহ ক্ৰমিক পৰ্য্যায়ত সজোৱাঃ

(a) অধিক জন্মহাৰ (b) জীয়াই থকাৰ সংগ্ৰাম (c) যোগ্যতমৰ জয় (d) খাদ্য আৰু বাসস্থানৰ অভাৱ (e) অনুকূল প্ৰকাৰণ সষ্টি।

6. পুনৰাবৃত্তি তত্ত্বৰ মূল কথা হলঃ

(a) জীৱৰ ব্যক্তি বৃত্তান্তই তাৰ জাতি বৃত্তান্তৰ পুনৰাবৃত্তি কৰে, (b) জীৱৰ জাতি বৃত্তান্তই তাৰ ব্যক্তি বৃত্তান্তৰ পুনৰাবৃত্তি কৰে, (c) জীৱিত বস্তু সদায় আন জীৱিত বস্তুৰ পৰা সৃষ্টি হয়, (d) জীৱৰ ক্ৰমবিকাশ হয়।

7. দ্য-ভ্ৰিচ বখ্যাত হোৱাৰ কাৰণঃ

(a) তেওঁৰ উপৰিৱৰ্তন তত্ত্ব, (b) তেওঁ ডাৰউইনৰ লগত একমত নোহোৱা, (c) তেওঁ এজন বিখ্যাত উদ্ভিদবিদ, (d) তেওঁৰ জীজপ্ৰৰস তত্ত্ব।

8. লেমাৰ্কৰ তত্ত্বৰ মূল বিষয়ে আছিলঃ

(a)ৎপৰিৱৰ্তন (b) লব্ধ উত্তৰাধিকাৰ (c) জীৱন সংগ্ৰামৰ যোগেদি ক্ৰমবিকাশ (d) কিছুমান নিৰ্ধাৰকে বংশগতি নিৰ্ণয় কৰে।

 

(D) টোকা লিখাঃ

(i) জীৱৰ ৰাসায়নিক উৎপত্তি, (ii) জীৱৰ অধিক জন্মহাৰ আৰু তাৰ প্ৰতিক্ৰিয়া, (iii) উৎপৰিৱৰ্তন, (iv) নতুন ডাৰউইনবাদ, (v) বিৱৰ্তনৰ আধুনিক সংশ্লেষণ তত্ত্ব, (vi) প্ৰকাৰণ, (vii)ৱাছাৰভেট, (viii) লুপ্তপ্ৰায় অংগ, (ix) অন্তৰ্ৱতী জীৱ।

(E) পাৰ্থক্য দেখুওৱাঃ

 

(i) অন্তঃ প্ৰাজাতিক সংগ্ৰাম আৰু আন্তঃ প্ৰাজাতিৰ সংগ্ৰাম, (ii) বীজপ্ৰৰস আৰু দেহপ্ৰৰস, (iii) ধাৰাবাহিক পৰিৱৰ্তন আৰু বিচ্ছিন্ন পৰিৱৰ্তন, (iv) জীৱন্ত জীৱাশ্ম, (v) ৰাসায়নিক বিৱৰ্তন আৰু জৈৱ বিৱৰ্তন, (vi) অন্তৱৰ্তী জীৱ আৰু সংযোগী জীৱ।

(F) ৰচনাধর্মী প্রশ্নঃ

1. জীৱৰ উৎপত্তি সম্পর্কে এটি আলোচনা আগবঢ়োৱা।

2. জৈৱ বিৱর্তন সম্পর্কে আগবঢ়োৱা বিভিন্ন তত্ত্বসমূহৰ মূল বক্তব্য চমুকৈ ব্যাখ্যা কৰা।

3. জৈৱ বিৱর্তন সম্পর্কে যিবিলাক সাক্ষ্য পোৱা যায় সেইবিলাক উল্লেখ কৰা আৰু তাৰে যি দুটা সাক্ষ্য তোমাৰ মতে গুৰুত্বপূৰ্ণ বুলি ভাবা সেই দুটাৰ আলোচনা কৰা।

4. জৈৱ বিৱর্তনৰ সপক্ষে অঙ্গসংস্থান আৰু কলাসংস্থান ভিত্তিক সাক্ষ্যবিলাকৰ গুৰুত্ব আলোচনা কৰা।

5. জীৱাশ্ম কাক বোলে? জীৱাশ্মৰ পৰা বিৱৰ্তন সম্পর্কে কি তথ্য পোৱা যায় লিখা।

6. জীৱৰ উৎপত্তিৰ আধুনিকতম মতবাদ কোনে আগবঢ়াইছিল? এই মতবাদ মতে জীৱৰ উৎপত্তি প্রক্রিয়াৰ বিভিন্ন পর্যায়সমূহ উল্লেখ কৰা। এই মতবাদৰ সপক্ষে এটা পৰীক্ষামূলক প্রমাণ চমুকৈ লিখা।

7. অপাৰিণ আৰু হেডেনে জীৱৰ উৎপত্তি সম্পর্কে কি দাবী কৰিছিল? কোনে আৰু কেনেকৈ ইয়াক প্ৰমাণ কৰিছিল? বর্তমান অৱস্থাত কিয় জীৱৰ উৎপত্তি নহয়?

৪. বিৱৰ্তন সম্পর্কে ভ্ৰূণবিদ্যা সম্বন্ধীয় আৰু ভৌগোলিক সাক্ষ্যসমূহ বিচাৰ কৰা।

9. লেমার্কৰ বিৱর্তন সম্পর্কীয় মতবাদ আলোচনা কৰা।

10. ডাউইনৰ মতবাদ মানে বুজা? ডাউইনৰ মতবাদৰ মূল ভেঁটি কেইটাৰ চমু বিৱৰণ দিয়া।

11. ৰাসায়নিক বিৱৰ্তন আৰু জৈৱৰিৱর্তনৰ পাৰ্থক্য উল্লেখ কৰা। লুপ্তপ্রায় অংগ আৰু জীৱাশ্মই কেনেকৈ বিৱৰ্তনৰ সপক্ষে সাক্ষ্য দিয়ে বর্ণনা কৰা।

12. ডাউইনৰ মতবাদৰ মূল ভেঁটি কি কি চমুকৈ বর্ণনা কৰা। ডাউইনৰ সমসাময়িক যি ব্যক্তিয়ে একেই মতবাদ প্রস্তাৱ কৰিছিল তেখেতৰ নাম লিখা।

13. ভূ-তাত্ত্বিক সময় তালিকা মানে কি? জীৱাশ্মৰ বয়স নির্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা কি? জীৱাশ্মৰ বয়স নির্ধাৰণৰ বাবে কি কি তেজস্ক্রিয় পদার্থ ব্যৱহাৰ কৰা হয়? জীৱাশ্মৰ সাক্ষ্যই কেনেকৈ বিৱৰ্তনৰ প্রমাণ দিয়ে।

14. ভূ-তাত্বিক সময় তালিকা বুলিলে তুমি কি বুজা? ইয়াৰ চাৰিটা তাৎপৰ্য্যৰ বিষয়ে লিখা।

15. জৈর ক্রমবিবর্তন কি? জৈৱ ক্রমবিৱৰ্তনৰ প্রত্নতাত্ত্বিক সাক্ষ্যসমূহ চমুকৈ বর্ণনা কৰা।

16. ডাউইনিবাদৰ মৌলিক তথ্যসমূহ আলোচনা কৰা।

17. বিৱৰ্তনৰ আধুনিক সংশ্লেষিত তত্ত্বটি আলোচনা কৰা।

18. হার্ডি উইনবার্গে আগবঢ়োৱা তত্ত্বৰ সংক্ষিপ্ত বর্ণনা কৰা।

(G) শূন্যস্থান পূৰণ কৰাঃ

(i) জীৱৰ পৰা জীৱৰ উৎপত্তি হোৱা মতবাদ ______ প্ৰতিষ্ঠা কৰিছিল। (ii) ______ আৰু ______ গবেষণাগাৰত প্ৰথম জীৱৰ উৎপত্তি সম্পৰ্কে পৰীক্ষা কৰিছিল। (iii) প্ৰাকৃতিক নিৰ্বাচন সম্পৰ্কে মতবাদৰ স্বীকৃতি ডাৰৱিনৰ লগত ______ দিয়া হৈছিল। (iv) যিবিলাক অংগ উৎপত্তিগত ভাৱে একে কিন্তু ভিন্ন কাৰ্য কৰে সেই বিলাকক ______ অংগ বোলে। (v) বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা ______ অংগ।

                                                           

সম্ভাব্য প্ৰস্নাৱলী

A. অতি চমু উত্তৰৰ প্রশ্ন (এক নম্বৰ)ঃ

1. পৃথিৱীৰ কেতিয়া উৎপত্তি হৈছিল?

2. ‘স্বতঃস্ফূর্ত উৎপত্তি বা নির্জীব উৎপত্তি’ মানে কি বুজা?

3. জীৱোৎপত্তি তত্ত্ব কোনে আগবঢ়াইছিল?

4. প্রটভাইৰাছ কি?

5. মিলাৰৰ পৰীক্ষাৰ কেঁচামাল কি কি আছিল?

6 . কোনবোৰ জীৱ আটাইতকৈ পুৰণি?

7. ‘অৰিজিন আৰু স্পেচিচ’ কোনে লিখিছিল?

৪. জীৱৰ বিৱৰ্তনৰ বুৰঞ্জী বর্ণনা কৰিবলৈ কি শব্দ প্রয়োগ কৰা হয়?

9 . প্রত্ন জীৱবিদ্যা কি?

10. কোনে ‘লব্ধ গুণৰ উত্তৰাধিকাৰ তত্ত্বটো আগবঢ়াইছিল?

11. যুগ মানে কি বুজা?

12. জীৱিত গছ এজোপাৰ বয়স কেনেকৈ নিৰ্দ্ধাৰণ কৰিব পাৰি?

13. জীৱাশ্মৰ বয়স কেনেকৈ নিৰ্দ্ধাৰণ কৰা হয়?

14. সংযোগী জীৱ বুলিলে কি বুজা উদাহৰণেৰে বুজোৱা।

15. এটাভিজিম কি?

16. বায়’জেনিক তত্ত্বৰ সলনি ব্যৱহাৰ কৰা শব্দটো কি আৰু ইয়াৰ সংজ্ঞা দিয়া।

17. বিচ্ছিন্ন বিস্তৃতি কি?

18. জিনপুল কি?

19. ফলক সৃষ্টিৰ পৰিঘটনাৰ বাবে প্রজাতি এটা সৃষ্টিকাৰী কেতিয়া হ'ব পাৰে?

(B) শূন্যস্থান পূৰণ কৰা

1. ______ আৰু ______ ই গবেষণাগাৰৰ ভিতৰত এটি পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল যিটো আদিম পৃথিৱীৰ আছিল।

2. এমিন এচিড শৃংখলিত হৈ ______ অণু গঠন হয়।

3. মানুহৰ চকুৰ কোনত থকা নিমিলখ পর্দাখন এক ধৰণৰ ______ অংগ।

4. পৃথিৱীৰ বুকুত উদ্ভিদ আৰু প্ৰাণীৰ বীৰ কিন্তু মন্থৰ পৰিৱৰ্তনৰ ফলত যি উৎপত্তি আৰু বিকাশ ঘটে তাক ______ বোলে

5. ______ য়ে বর্তমান উদ্ভিদ আৰু প্ৰাণীৰ বিৱৰ্তনৰ সংযোগী জীৱ হিচাপে কাম কৰে।

6. উদ্ভিদৰ ______ আৰু ______ ৰ কন্টক আৰু আকর্ষই সমসংস্থ অংগ বুজায়।

7. ______ অনুকূলীয় প্ৰসাৰণৰ উদাহৰণ।

8. অনবৰত ______ ৰ ফলত এটি অংগৰ কাৰ্যকুশলতাৰ অবনতি হয় আৰু এটা সময়ত নোহোৱা হয়।

9. ______ য়ে উৎপৰিৱর্তনৰ সম্পর্ক ধাৰণা দিছিল।

10. উাৰউইন তত্ত্বৰ দুটা ৰূপ আছিল ______ আৰু ______

11. অন্তজেনি ______ ফাইল’ জেনি।

12. ______ হ’ল তৰুণাস্থিযুক্ত আৰু অস্থিযুক্ত মাছৰ সংযোগী প্রাণী।

13. জেনেটিক অপসাৰণে ______ ৰ জিন অৱস্থিতিৰ সলনি ঘটায়।

14. পৰিৱেশ আদিতে অতিশয় ______ আছিল আৰু বৰ্তমানৰ পৃথিৱীখন অতিশয় ______

(C) অতি আৰু অসত্য উক্তি নির্ণয় কৰাঃ

1. জীৱনৰ প্রথম উৎপত্তি হৈছিল মাটিত।

2. জীৱাশ্মই বিৱর্তনৰ সাক্ষ্য বহন নকৰে।

3. বিৱৰ্তনৰ আটাইতকৈ পতিয়নযোগ্য দৈহিক সাক্ষ্য দিয়ে লুপ্তপ্রায় অংগই।

4. 1809 চনত ''Philosophic Zoologies" নামৰ কিতাপ লিখিছিল লেমার্কে।

5. একেলগে বাস কৰা একে প্রজাতিৰ জীৱৰ মাজত আন্তঃ প্রজাতি সংগ্রাম হয়।

6. হিউগ' দ্য চি এজন ওলন্দাজ উদ্ভিদবিদ আছিল যিয়ে 1901 চনত উৎপৰিবর্তন শব্দ আখ্যা দিছিল।

7. সমসংস্থ অংগ সমূহৰ বিভিন্ন ধৰণৰ কাম যদিও গঠনাত্মক ভাবে আৰু জীৱনবুৰঞ্জী হিচাপে সাদৃশ্য হোৱাৰ কাৰণ এইবিলাকৰ সাধাৰণ পূর্ব পুৰুষ একেই।

৪. বৃহৎ তন্ত্ৰৰ সংযোগত থকা এপেণ্ডিক্স’ এটি লুপ্তপ্রায় অংগ নহয়।

9. সম্ভৱত আদিকোষ বা আদি ভাইৰাছৰ নিচিনা কনিকাৰ পৰা প্রকোষকেন্দ্রীয় মনেৰা জাতীয় কোষৰ উদ্ভৱ হৈছিল যিবিলাকৰ কোষত সংঘটিত কোষকে আছিল।

10. এ জে অপাৰিন আৰু জে বি এছ হেলডেনে জীৱৰ উৎপত্তিৰ ৰাসায়নিক বিৱর্তনৰ তত্ত্ব আগবঢ়াইছিল।

11. চায়ান বেক্টেৰিয়াৰ আবির্ভাব লগেলগে পৃথিৱীৰ পৰিৱেশ জ্যাৰিত হৈছিল।

12. ফিন আৰু ফান সমসংস্থ অংগ।

13. মেলেৰিয়া প্ৰৱণ ঠাইত কাঁচি কোষ ৰক্তহীনতাৰ নির্দিষ্ট উপকাৰিতা দেখা যায়।  

14. উভচৰৰ দ্বিকোঠালীযুক্ত হৃদযন্ত্র থাকে।

II. দুই নম্বৰৰ প্ৰশ্ন (চমু উত্তৰৰ প্ৰশ্ন)ঃ

1. ‘ক’চাৰভেট মানে কি?

2. আৰ্কেঅপটেৰিক্স সর্প আৰু পক্ষীৰ মাজত সংযোগী প্রাণী বুলি ধৰা হয়’—ব্যাখ্যা কৰা।

3. ডাউইনৰ ফিঞ্চ বিলাকে কেনেকৈ অনুকূলীয় প্রসাৰণৰ উদাহৰণ দিয়ে?

4. বিশেষ সৃষ্টি তত্ত্ব কি? চমুকৈ ব্যাখ্যা কৰা।

5. জীৱৰ আবির্ভাবক আটাইতকৈ গ্রহণযোগ্য তত্ত্ব কোনটো আৰু কোনে এইটো আগবঢ়াইছিল?

6. জীৱাশ্ম মানে কি?

7. ভূ-তাত্বিক সময় তালিকা কি?

8. মেৰুদণ্ডী প্রাণীৰ শৰীৰৰ দুটা অংশ লিখা যি মানুহৰ শৰীৰৰ হাত-ভৰিৰ লগত সমসংস্থ।

9. অনুকুলন ক্ষমতা বংশগতভাবে পায়।— যুক্তিযুক্ততা ব্যাখ্যা কৰা।

10. উৎপৰিবর্তন কি?

11. উপযুক্ত উদাহৰণৰ সহায়ত ক্রমবর্ধমান আৰু ক্রমহ্রাসমান ক্রমবিকাশৰ বৰ্ণনা কৰা।

12. স্বতঃজনন তত্ত্ব বুলিলে কি বুজা? এই ধাৰণা খণ্ডন কৰা বিজ্ঞানীজনৰ নাম লিখা।

13. জৈৱ প্রজাতি কি?

14. বায়’জেনেচিছ কি বর্ণনা কৰা।

15. ডি ভ্ৰাইচৰ মতে জৈৱিক ক্রমবিকাশ/প্রজাতি সৃষ্টিৰ পদ্ধতিৰ ধাৰণা লিখা।

III. 3 নম্বৰৰ প্রশ্ন

চমু উত্তৰৰ প্ৰশ্নঃ

1. “ভ্ৰূণবিদ্যাই জৈৱ বিৱৰ্তনৰ সাক্ষ্য দিয়ে’—ব্যাখ্যা কৰা।

2. পার্থক্য লিখা  (a) সমসংস্থ আৰু সমবৃত্তি অংগ (b) অভিসাৰী আৰু অপসাৰী বিৱৰ্তন।

3. লেমার্কৰ তত্ত্ব সম্পর্কে সংক্ষেপে আলোচনা কৰা।

4. বিৱৰ্তনত উৎপৰিৱর্তনৰ কিবা গুৰুত্ব আছেনে? ব্যাখ্যা কৰা।

5. বিৱর্তনৰ আধুনিক সংশ্লেষিত তত্ত্ব আলোচনা কৰা।

6. অনুকুলীয় প্ৰসাৰণ কি? উদাহৰণ দিয়া।

7. দুটা কাৰক উল্লেখ কৰা যি জেনেটিক সাম্যাৱস্থা বজায় ৰখাত অসুবিধাৰ সৃষ্টি কৰে।

৪. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক কিয় সমসংস্থ অংগ বোলা হয়?

9. “শিল্পবিপ্লবৰ সময়ত ইংলেণ্ডত চকৰীৰ বিৱর্তনে প্রতিপন্ন কৰে যে বিৱর্তন আপাতত বিপৰীতমুখী”–আলোচনা কৰ।

10. মিলাৰৰ পৰীক্ষাৰ চমু আলোচনা কৰা।

11. প্রাকৃতিক নির্বাচন কি? জীৱৰ বৈসাদৃশত প্রাকৃতিক নির্বাচনৰ দুটা ভিন্ন প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা।

12. প্ৰজাতিৰ সৃষ্টিবুলিলে কি বুজা? প্রজাতি সৃষ্টিৰ বিভিন্ন প্ৰকাৰৰ নাম লিখা।

13. হিউগ’-ডি-ভাইছে বর্ণনা কৰা উৎপৰিবর্তন ডাউইনেৰ বৰ্ণনা কৰা বিৰূপতাৰ লগত কোনফালৰ পৰা পৃথক?

IV. পাঁচ নম্বৰৰ প্রশ্নঃ

1. কেনেকৈ সালোকসংশ্লেষণকাৰী জীৱৰ আবির্ভাব হ’ল? আলোচনা কৰা। জৈৱ বিৱৰ্তন মানে কি?

2. জৈৱ বিৱর্তনৰ সাক্ষ্য দিয়া।

3. জীৱাশ্ম কি? জীৱাশ্ম কেনেকৈ সৃষ্টি হৈছিল?

4. ডাউইনৰ প্রকৃতি বৰণ তত্ত্ব বা ডাউইন তত্ত্ব আলোচনা কৰা।

5. সাধাৰণ পূর্বপুৰুষ আৰু অনুকূলীয় প্ৰসাৰণ সম্পর্কে ডাউইনৰ ধাৰণা সম্বন্ধে লিখা।

6. হার্ভি ওয়েনবার্গৰ নীতি আলোচনা কৰা। কেতিয়া সন্তুলন বিঘ্নিত হয়?—চমুকৈ ব্যাখ্যা কৰা।

7. “মানুহৰ দ্বাৰা কাৰ্যকলাপে প্ৰজাতিৰ ক্ৰমবিবর্তন ঘটাইছিল”। উপযুক্ত উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।

৪. কৃত্রিম নির্বাচন কি? কৃত্রিম নির্বাচনে প্রাকৃতিক নির্বাচন পদ্ধতিত ক্ষতি কৰে নেকি? যদি হয় কেনেকৈ?

9. “স্তন্যপায়ী আৰু পক্ষী সৰিস্পৰ পৰা বিকশিত হয়”—এই বাক্যশাৰীৰ সত্যতা জ্বণবিজ্ঞানৰ তুলনামূলক অধ্যয়নেৰ দ্বাৰা প্ৰকাৰে কি প্ৰকাৰে কৰিব পাৰি?

Type Himanku Bora





Post ID : DABP004465