জীৱৰ বিৱৰ্তন | অধ্যায় ৭ | Chapter 7 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Evolution of Life Chapter Answer
জীৱৰ বিৱৰ্তন
প্ৰশ্নমালা
অতি চমু প্রশ্নোত্তৰ:
১। পৃথিৱীৰ কেতিয়া উৎপত্তি হৈছিল?
উত্তৰঃ 600 মিলিয়ন বছৰ আগত।
২। 'স্বতঃস্ফূর্ত উৎপত্তি বা নির্জীৱ উৎপত্তি মানে কি বুজা?
উত্তৰঃ এৰিষ্টটল আৰু বহুতে এটা সময়ত বিশ্বাস কৰিছিল যে জড় বস্তুৰ পৰা স্বতঃস্ফূর্তভাৱে কিছুমান জীৱৰ সৃষ্টি হৈছিল। ইয়াকে স্বতঃস্ফূর্ত উৎপত্তি মতবাদ বুলি জনা যায়।
৩। জীৱোৎপত্তি কোনে আগবঢ়াইছিল?
উত্তৰঃ লুই পেষ্ট্যুৰে।
৪। প্রট 'ভাইৰাছ কি?
উত্তৰঃ ভাইৰাছৰ আদি অবস্থা।
৫। মিলাৰৰ পৰীক্ষাৰ কেঁচামাল কি কি আছিল?
উত্তৰঃ CH4,NH3 আৰু H2
৬। পোন প্রথমে সৃষ্ট জীৱ কোন বিলাক?
উত্তৰঃ বেক্টেৰিয়া আৰু বেক্টেৰিয়াৰ দৰে প্ৰকোষকেন্দ্রীয় জীৱ।
৭। 'অৰিজিন আৰু স্পেচিচ' কোনে লিখিছিল?
উত্তৰঃ ডাৰউইনে।:
৮। জীৱৰ বিৱৰ্তনৰ বুৰঞ্জী বৰ্ণনা কৰিবলৈ কি শব্দ প্রয়োগ কৰিছিল?
উত্তৰঃ জাতি বৃত্তান্ত।
৯। প্রত্ন জীৱবিদ্যা কি?
উত্তৰঃ যি বিদ্যাৰ যোগেদি জীৱাশ্ম অধ্যয়ন কৰা হয়। ইয়াক প্রত্ন জীৱবিদ্যাও বোলা হয়।
১০। কোনে লব্ধ গুণক উত্তৰাধিকাৰ সম্পৰ্ক তত্ত্ব আগবঢ়াইছিল?
উত্তৰঃ লেমার্কে।
১১। যুগ মানে কি বুজা?
উত্তৰঃ পৃথিৱীৰ পৃষ্ঠ ভাগ গঠন কৰা পাললিক আৰু আগ্নেয় শিলাক পাঁচটা স্তৰ কৰা হৈছে। প্রতি তেনে স্তৰ সৃষ্টি হওঁতে যি সময় লাগিছিল তাক এটা যুগ বোলা হয়।
১২। জীৱিত গছ এজোপাৰ বয়স কেনেকৈ নিৰ্দ্ধাৰণ কৰিব পাৰি?
উত্তৰঃ তেজস্ক্রিয় কাৰ্বনৰ দ্বাৰা বা গুৰিৰ ফালে থকা মূল গছৰ প্রস্থচ্ছেদন কৰি সংবহন কলাৰ বলয়ৰ সংখ্যা নিৰূপণ কৰি এজোপা গছৰ বয়স নির্ণয় কৰা যায়।
১৩। জীৱাশ্মৰ বয়স কেনেকৈ নিৰ্দ্ধাৰণ কৰা হয়?
উত্তৰঃ পাললিক শিলাৰ যি স্তৰত জীৱাশ্ম পোৱা গৈছে সেই পাললিক শিলাস্তৰৰ তেজস্ক্রিয় ইৰেনিয়াম আৰু সীহৰ শতকৰা পৰিমাণ উলিয়াই জীৱাশ্মৰ বয়স নির্ণয় কৰা হয়।
১৪। যোগসূত্ৰ জীৱৰ সংজ্ঞা লিখি উদাহৰণ দিয়া
উত্তৰঃ দুটা ওচৰা-ওচৰি প্ৰাণীৰ শ্ৰেণীৰ মধ্যৱৰ্তী জীৱবোৰকে যোগসূত্ৰ জীৱ বোলে। এইবোৰ জীৱৰ দেহত দুয়োটা শ্ৰেণীৰে জীৱৰ লক্ষণ দেখা যায়। উদাহৰণস্বৰূপে মাছ আৰু উভচৰ প্ৰাণীৰ মাজত প্রট'পটেৰাছ যোগসূত্ৰ জীৱ, স্তন্যপায়ী আৰু সৰীসৃপৰ মাজত হাঁহঠুটীয়া চেপেতা নেজীয়া যোগসূত্র জীৱ।
১৫। এটাভিজিম কি?
উত্তৰঃ কোনো জীৱৰ দেহত পূৰ্বপুৰুষৰ দেহত দেখা অথচ সিহঁতৰ দেহত নথকা বা অৱশেষাংগ হিচাপে থকা অংগ কিছুমানৰ পুনৰ বিকাশকে এটাভিজিম বোলে। মানৱ শিশুৰ দেহত কেতিয়াবা পুচ্ছ হাড়ৰ বিকাশ ঘটে বা নেজ এডাল থকা দেখা যায়।
১৬। বায়'জোনটিক সূত্র বিকল্প নাম দিয়া আৰু ইয়াৰ সংজ্ঞা লিখা।
উত্তৰঃ পূৰ্বস্থিত জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হয় বুলি কোৱা ধাৰণাকে জীবাৎ-জীবোৎপতি বুলি কোৱা হয়। অন্যথাই ইয়াক বায় 'জেনেছিছ বুলি জনা যায়। এই তত্বৰ ধাৰণা ফ্রেন্সিকো বেডীয়ে আমাক আগবঢ়াইছিল।
১৭। অবিচিন্ন বিস্তাৰণ মানে তুমি কি বুজায়।
উত্তৰঃ কোনো এক জীৱৰ পৰা উৎপত্তি হোৱা জীৱবিলাক স্থানৰ পৰিৱৰ্তনৰ লগে বিভিন্ন ৰূপ ধাৰণ কৰে তেতিয়া তাক অবিচ্ছিন্ন বিস্তাৰণ বোলে।
১৮। জিন পুল কি?
উত্তৰঃ এটা আবাদীৰ সকলো জীৱৰ সমূহ জিনক একেলগে জিন পুল বোলে।
১৯। প্রজাতি এটাই প্রতিস্থাগিত প্ৰজাতি হ'বৰ কাৰণে কি কি প্রভাৱ দেখুৱায়?
উত্তৰঃ জীৱ এটাই ভিন্নতা প্ৰদৰ্শন কৰিলে নতুন প্ৰজাতিৰ প্ৰতিস্থাপক হৈ পৰে।
শূন্যস্থান পূৰণ কৰাঃ
১। ______আৰু______ই গৱেষণাগাৰৰ ভিতৰত এটি চেষ্টা কৰিছিল যিটো আদিম পৃথিৱীৰ আছিল।
পৰিবেশ সৃষ্টি কৰিবলৈ
উত্তৰঃ হেৰল্ড, ইউৰে, ষ্টেনৰী মিলাৰ।
২। এমিন এচিড শৃংখলিত হৈ_______কণিকা গঠন হয়।
উত্তৰঃ প্রটিন।
৩। মানুহৰ চকুৰ বাদু এক ধৰণৰ _______অংগ।
উত্তৰঃ লুপ্তপ্রায়।
৪। পৃথিৱীৰ বুকুত উদ্ভিদ আৰু প্ৰাণীৰ ধীৰ কিন্তু মন্থৰ পৰিৱৰ্তনৰ ফলত যি উৎপত্তি আৰু বিকাশ ঘটে তাক_______বোলে।
উত্তৰঃ বিৱর্তন।
৫। ই বৰ্তমান উদ্ভিদ আৰু প্ৰাণীৰ বিৱৰ্তনৰ সংযোগী জীৱ হিচাপে কাম কৰে।
উত্তৰঃ জীৱন্ত জীৱাশ্ম।
৬। উদ্ভিদৰ_______আৰু _______ৰ কণ্টক আৰু আকৰ্ষই অংগ বুজায়।
উত্তৰঃ দুৰন্ত, জুনুকা লতা।
৭। ______অনুকূলীয় প্ৰসাৰণৰ উদাহৰণ।
উত্তৰঃ ফিঞ্চ।
৮। অনবৰত ______ৰ ফলত এটি অংগৰ কাৰ্যকুশলতাৰ অবনতি হয় আৰু এটা সময়ত নোহোৱা হয়।
উত্তৰঃ অব্যৱহাৰ।
৯। ______ই উৎপৰিবৰ্তনৰ সম্পৰ্ক ধাৰণা দিছিল।
উত্তৰঃ দ্রাভিচ।
১০। ডাৰউইনৰ তত্বৰ দুটা ৰূপ আছিল _______আৰু_______।
উত্তৰঃ যোগ্যতমৰ উৎবৰ্তন, প্রাকৃতিক বৰণ।
১১। অন্তোজিনি_______ফাইল জেনি।
উত্তৰঃ বিকেপিচুলেট।
১২। _______হ'ল উপস্থি আৰু অস্থি মাছত মাজৰ যোগসূত্র জীব।
উত্তৰঃ প্ৰ'ট'পটেৰাছ।
১৩। জিনীয় ড্রিফেট ________জিনীয় বাৰংবাৰটাত পৰিবৰ্তন আনে।
উত্তৰঃ এলিল।
১৪। অতীতকালৰ বায়ুমণ্ডল বহুত_______যেতিয়া পৃথিৱীখন বহুত আছিল।
উত্তৰঃ গৰম (গেছীয়), ঠাণ্ডা (কঠিন)
সত্য আৰু অসত্য উক্তি নিৰ্ণয় কৰাঃ
১। জীৱনৰ উৎপত্তি হৈছিল মাটিত।
উত্তৰঃ অসত্য।
২। জীৱাশ্মই বিৱৰ্তনৰ সাক্ষী বহন নকৰে।
উত্তৰঃ অসত্য।
৩। বিৱৰ্তনৰ আটাইতকৈ পৰিয়নযোগ্য পতিয়নযোগ্য দৈহিক সাক্ষ্য দিয়ে লুপ্তপ্রায় অংগই।
উত্তৰঃ সত্য।
৪। ১৮০৯ চনত 'Philosophic Zoologique' নামক কিতাপ লিখিছিল লেমার্কে।
উত্তৰঃ সত্য।
৫। একে ধৰণৰ প্ৰজাতি, যিবিলাকে একেলগে বাস কৰে সেইবিলাকৰ ভিতৰত আন্তঃপ্ৰজাতিৰ সংগ্ৰাম হয়।
উত্তৰঃ অসত্য।
৬। হোগ' দ্য ভিচ এজন ওলন্দাজ উদ্ভিদবিদ আছিল যি উৎপৰিবৰ্তন শব্দ আখ্যা দিছিল।
উত্তৰঃ সত্য।
৭। সমসংস্থ অংগসমূহৰ বিভিন্ন ধৰণৰ কাম যদিও গঠনাত্মকভাৱে আৰু জীৱন বুৰঞ্জী হিচাপে সাদৃশ্য হোৱাৰ কাৰণ এইবিলাকৰ সাধাৰণ পূর্ব পুৰুষ একেই।
উত্তৰঃ সত্য।
৮। বৃহৎ তন্ত্ৰৰ সংযোগত থকা 'এপেন্ডিক্স' এটি লুপ্তপ্রায় অংগ নহয়।
উত্তৰঃ অসত্য।
৯। সম্ভৱত আদিকোষ বা আদি ভাইৰাছৰ নিচিনা কণিকাৰ পৰা প্ৰকোষকেন্দ্ৰীয় মনেৰা জাতীয় কোষৰ উদ্ভৱ হৈছিল যিবিলাকৰ কোষত সংঘটিত কোষকেন্দ্র আছিল।
উত্তৰঃ সত্য।
১০। এ জে অপাৰিন আৰু জে বি এছ হেলডনে জীৱৰ উৎপত্তি ৰাসায়নিক বিৱৰ্তনৰ তত্ত্ব আগবঢ়াইছিল।
উত্তৰঃ সত্য।
১১। চাইনোবেক্টেৰিয়াৰ আবিৰ্ভাৱত পৃথিবীৰ বায়ুমণ্ডল জৰিত হৈছিল।
উত্তৰঃ মিছা।
১২। ফিন আৰু ফ্লিপাৰবোৰ সমসংস্থ অংগ।
উত্তৰঃ সঁচা।
১৩। মেলেৰিয়া প্ৰভাৱী অঞ্চলত চিকল চেল এনিমিয়া এটা সুবিধাজনক দিশ।
উত্তৰঃ সঁচা।
১৪। উভচয় প্ৰাণীৰ দুকোষ্ঠীয় হৃদযন্ত্র থাকে।
উত্তৰঃ মিছা।
চমু প্রশ্নোত্তৰ:
১। ক’চাৰভেট মানে কি?
উত্তৰঃ আদিম পৃথিৱীৰ সাগৰৰ পানীত এটা সময়ত সৃষ্টি হোৱা নানা ধৰণৰ বৃহৎ অণু যেনে- বহু শর্করা স্নেহদ্রব্য, প্রটিন, নিউক্লিক এচিড আদি লগ লাগি এক জটিল প্রক্রিয়াৰে অৱশেষত কিছুমান এককোষী জীৱ সদৃশ কিছুমান বস্তুৰ সৃষ্টি হ'ল। এই বিলাকৰ পৰাই শেষত প্রকোষকেন্দ্রীয় এককোষী জীৱ সৃষ্টি হৈছিল। এই জীৱ সদৃশ বস্তুসমূহক ক’চাৰভেট বোলা হয়।
২। 'আৰ্কেঅপটেৰিক্স সৰ্প আৰু পক্ষীৰ মাজত সংযোগী প্রাণী বুলি ধৰা হয়'- ব্যাখ্যা কৰা।
উত্তৰঃ কেতিয়াবা দুই ধৰণৰ, দেখাত প্রায় বেলেগ জীৱাশ্মৰ মধ্যৱর্তী জীৱাশ্ম নোপোৱাত ধাৰাবাহিক পৰিৱৰ্তন চিত্র স্পষ্ট হৈ নুঠে। তাৰ বিপৰীতে তেনে মধ্যবর্তী জীৱাশ্মৰ আৱিষ্কাৰে পৰিস্থিতি সহজ কৰি তোলে। এনেকুৱা জীৱাশ্মক অন্তবর্তী গঢ় সংযোগী প্রাণী বোলা হয়। উদাহৰণস্বৰূপে আর্কিঅপটেৰিক্স নামৰ আদিম চৰাইৰ জীৱাশ্মৰ কথাই ধৰা যাওক। এই জীৱাশ্মৰ পৰা বুজা যায় যে আদিম চৰাইৰ ডেউকা আৰু পাখি আছিল যদিও সৰীসৃপ প্রাণীৰ দৰে সিহঁতৰ এডাল নেজ আছিল। আৰু হনুত দাঁতো আছিল গতিকে এনে প্রাণী সৰীসৃপ আৰু চৰাইৰ অন্তৰ্বতী সংযোগী অৱস্থা।
৩। ডাৰউইনৰ ফিঞ্চবিলাকে কেনেকৈ অনুকূলীয় প্ৰসাৰণৰ উদাহৰণ দিয়ে?
উত্তৰঃ পৃথিৱীৰ যিবিলাক জীৱ দেখিবলৈ পোৱা যায় সেই বিলাকৰ সকলো কিছুমান আদি পুৰুষৰ পৰা সৃষ্টি হৈছিল। বিভিন্ন জলবায়ু, প্রতিযোগিতা, প্রজনন বিচ্ছিন্নতা আৰু অনেক কাৰণত কিছুমান মূল প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈ বিবর্তন হ'ব ধৰে। ইয়াৰ ফলত এটা সময়ত মূল প্ৰজাতিৰ পৰা ভিন্ন হৈ পৰে আৰু এটি নতুন প্ৰজাতিৰ জন্ম দিয়ে। ইয়াকেই অনুকূলীয় প্ৰসাৰণ বোলে। ডাৰউইনৰ ফিঞ্চবিলাক মূল ভূ-ভাগৰ পৰা বিচ্ছিন্ন হৈ গালাপার্গ দ্বীপপুঞ্জ এনেকৈ বিভিন্ন ফিঞ্চ প্ৰজাতিৰ সৃষ্টি হৈছিল।
8। বিশেষ সৃষ্টি তত্ত্ব কি? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ পৃথিৱীত আমি দেখা পোৱা অজস্ৰ ধৰণৰ জীৱ কেতিয়া আৰু কি অৱস্থাত সৃষ্টি হৈছিল তাক জানিবৰ
প্ৰয়াস অতীতকালৰ পৰাই চলি আহিছে। সুদূৰ অতীতৰ মানুহে বিশ্বাস কৰিছিল যে জীৱবিলাক যেনে ৰূপত
দেখা যায় ঠিক তেনে ৰূপতেই সৃষ্টি হৈছিল। কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই আৰু অনন্তকাল ধৰি এনেদৰেই
থাকিব। এই শাশ্বত মতবাদ বহুকাল ধৰি চলি আছিল। এই তত্ত্বৰ লগত বিশেষ সৃষ্টি তত্ত্বৰ পাৰ্থক্য প্রায় নাছিল।
বিশেষভাবে সৃষ্টিৰ অর্থ আছিল এয়ে যে কোনো ঐশ্ববিক শক্তিয়ে প্রতিটো জীৱৰ একোটা বিশেষ ৰূপ দিছিল
আৰু এই ৰূপ পৰিৱৰ্তনশীল নহয়।
৫। জীৱৰ আবিৰ্ভাৱক আটাইতকৈ গ্রহণযোগ্য তত্ত্ব কোনটো আৰু কোনে এইটো আগবঢ়াইছিল?
উত্তৰঃ অপাৰিণ আৰু হেলডেনে আগবঢ়োৱা জীৱৰ আবিৰ্ভাৱ সম্পর্কীয় তত্ত্ব আটাইতকৈ গ্রহণযোগ্য বুলি বিবেচিত। এই তত্ত্বমতে ৰাসায়নিক বিৱৰ্তনৰ ফলত কিছুমান ৰাসায়নিক কণিকাৰ পৰা প্ৰথম জীবকোষ সদৃশ বস্তু সৃষ্টি হৈছিল যাৰ পৰা শেষত প্রকোষকেন্দ্রীয় এককোষ সৃষ্টি হৈছিল।
৬। জীবাশ্ম মানে কি?
উত্তৰঃ ভূ-পৃষ্ঠৰ ভিন্ ভিন্ স্তৰত সোমাই থকা জীৱৰ শিলাভূত অংশ জীৱৰ ছাপ থকা শিল বা জীৱৰ জৈৱ পদার্থ আঁতৰ কৰি সোমাই পৰা অজৈৱ পদাৰ্থৰ দ্বাৰা গঠিত জীৱৰ অনুৰূপ সাচক জীৱাশ্ম বোলা হয়।
৭। ভূ-তাত্বিক সময় তালিকা কি?
উত্তৰঃ ভূ-তাত্বিক তালিকা: পাললিক আৰু আগ্নেয় শিলৰ যি স্তৰবিলাকৰ দ্বাৰা পৃথিৱীৰ পৃষ্ঠ গঠিত হৈছে তাৰ নাম আৰু আনুমানিক বয়স তলত দিয়া হ'ল। বয়স অনুযায়ী এই স্তৰসমূহক মুঠ পাঁচটা ডাঙৰ ভাগত ভাগ কৰা হৈছে। তেনে প্রতিটো স্তৰ সৃষ্টি হওঁতে যি সময় লাগিছিল তাক একোটা যুগ বোলা হয়। এই ডাঙৰ স্তৰবিলাকৰ প্রতিটোক কেইবাটাও সৰু সৰু স্তৰত ভাগ কৰি তেনে একোটা স্তৰ সৃষ্টি হওঁতে যি সময় লাগিছিল তাক একোটা কাল বোলা হয়। কালবিলাকক আকৌ কিছুমান সৰু সক অধিকালত ভাগ কৰা হৈছে।
৮। মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ দুটা অংশ লিখা যি মানুহৰ শৰীৰৰ হাত-ভৰিৰ লগত সমসংস্থ।
উত্তৰঃ চৰাইৰ ডেউকা, ঘোঁৰাৰ আগ ঠেং।
৯। অনুকূলীয় প্ৰসাৰণ ক্ষমতা বংশগতভাবে পায়। প্রতিপাদন কৰা।
উত্তৰঃ মূল প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈ নতুন পৰিৱেশত নতুন চৰিত্ৰ আহৰণ কৰি মূল প্ৰজাতিৰ পৰা পৃথক প্রজাতি সৃষ্টি হোৱা জীৱব আহৰণ কৰা চৰিত্ৰ বংশগতি ভাবে সতি সন্ততিয়ে পায়। ডাৰবিনৰ ফিঞ্চবিলাক ইয়াৰ উত্তম উদাহৰণ। মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ অসংখ্য ফিঞ্চ প্রজাতি উদ্ভৱ হৈছিল আৰু বংশ বিস্তাৰ কৰিছিল।
১০। উৎপৰিবৰ্তন কি?
উত্তৰঃ হঠাৎ হোৱা পৰিবৰ্তনক উৎপৰিৱৰ্তন বোলে। এনে পৰিৱৰ্তন স্থায়ী হ'লে বংশগতিভাৱে পৰিৱর্তনসমূহ
সতি-সন্ততিয়ে পায়, ডাৰউইনৰ ধাৰাবাহিক পৰিৱৰ্তনৰ বিপৰীতে এনে পৰিৱৰ্তনক বিচ্ছিন্ন পৰিবৰ্তন বোলা হয়।
উৎপৰিৱৰ্তনৰ ফলতো বিবর্তন হয়। এনে হঠাৎ পৰিবৰ্তন নানা কাৰণে হ'ব পাৰে। তাৰ ভিতৰত ক্ৰমজমৰ
বিজুতি জিনৰ অনুক্ৰমৰ সাল-সলনি আদি প্রধান। এনে পৰিবৰ্তন বংশগতি সূত্রে বাহিত হ'লে পৰিৱৰ্তন স্থায়ী
হয়।
১১। উর্দ্ধমুখী আৰু নিম্নমুখী জৈৱবিৱৰ্তন কাক বোলে উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ জীৱৰ আকাৰ, গঠন আদিৰ বৃদ্ধি হ'লে তেনে ক্রমবিকাশক প্রগ্রেছিড আনহাতে আকাৰ, আয়তন, আদি কমি গ'লে, কোনো সংগৰ নিষ্ক্রিয়তা বৃদ্ধি পালে তাক বেট্ট গ্রেছিভ ক্রমবিকাশ বোলে। ঘোঁৰাৰ ঠেঙত আঙুলিৰ সংখ্যা কমি যোৱাটো এনে বেট্ৰ'গ্ৰেছিভ ক্রমবিকাশৰ উদাহৰণ।
১২। স্বতঃস্ফূর্ত উৎপত্তি মতবাদ কি? কোনজন বিজ্ঞানীয়ে ইয়াৰ অসত্যতা প্রমাণ কৰিছিল?
উত্তৰঃ স্বতঃস্ফুর্ত ক্রমবিকাশ ধাৰণা অনুসৰি জীৱবোৰে জড় পদাৰ্থৰ পৰা স্বতঃস্ফূর্তভাৱে উৎপত্তি হৈছে। এই তত্বক এবায়জেনেছিছ তত্বও বোলে। এই তত্ত্ব ভন হেলমন্টে আগবঢ়াইছিল।
১৩। বায় জৈনেচিছৰ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ যিবিলাক জীর দেখাত একে আৰু সিহঁতৰ মাজত প্রজনন কার্য সম্পাদন কৰে তেনে জীৱবোৰকে
জৈবিক প্রজাতি বোলে।
১৪। বায় 'জৈনেচিছৰ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ বায় 'জেনেছিছ মানে হ'ল পূর্বস্থিত জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱা।
১৫। শ্রীছে আগবঢেঞাৱা তথ্যানুযায়ী জৈৱিক ক্রমবিকাশ বা প্ৰজাতিৰ উৎপত্তিৰ ধাৰণাটো লিখা।
উত্তৰঃ দ্যা শ্রীছে আগবঢ়োৱা উৎপৰিৱৰ্তন তত্ব মতে ক্রমবিকাশ হ'ল হঠাতে আৰু অবিচ্ছিন্নভাৱে সৃষ্টি হোৱা প্রজাতি য'ত নতুনকৈ সৃষ্টি হোৱা প্ৰজাতিটো পূর্বস্থিত প্রজাতিতকৈ বহুগুণে বেলেগ।
১১। প্রাকৃতিক নির্বাচন কি? জীবৰ ভিন্নতাৰ ওপৰত প্ৰাকৃতিক নিৰ্বাচনৰ প্ৰভাৱ দুটা লিখা।
উত্তৰঃ পৰিবেশৰ সৈতে খাপ খাব পৰা নতুন জীৱ এটা যেতিয়া পূর্বস্থিত জীৱৰ পৰা সৃষ্টি হয় আৰু
এই নির্বাচনী প্রক্রিয়া প্রকৃতিয়ে স্বতঃস্ফূর্তভাৱে কৰে কাৰণে ইয়াক প্রাকৃতিক নির্বাচন বোলে।
প্রাকৃতিক নিৰ্বাচনৰ কাৰণে নিম্নোক্ত প্রভাৱসমূহ দেখা যায়-
(ক) প্রাকৃতিক নিৰ্বাচনৰ দ্বাৰা জীৱৰ অভিযোজন ক্ষমতা বৃদ্ধি পায় আৰু যিবোৰে অভিযোজন ঘটাব নোৱাৰে সেইবোৰ বিলুপ্ত হয়।
(খ) প্রাকৃতিক নির্বাচনত ভাগ ল'ব নোৱাৰা বোৰে পৰিবেশৰ লগত মিলাই ল'ব নোৱাৰে, ফলত প্রজনন ঘটাব নোৱাৰে আৰু ফলস্বৰূপে সংখ্যা দিনক দিনে কমি যায়। যি
বিলাকে খাপ খুৱাই ল'ব পাৰে সিহঁতৰ প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি পায়।
১২। প্ৰজাতিৰ উৎপত্তি কি? বিভিন্ন প্ৰকাৰৰ জীৱৰ উৎপত্তি পদ্ধতি লিখা।
উত্তৰ: পূর্ববর্তী প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ উৎপত্তি হোৱা প্রক্রিয়াটোকে প্ৰজাতিৰ উৎপত্তি বা স্ফেচিয়েছন বোলে। প্ৰজাতিৰ উৎপত্তি নিম্নোক্ত ধৰণে হ'ব পাৰে।
(ক) গ্রেজুবেল স্পেচিয়েছন: ইয়াত প্রজাতিৰ উৎপত্তি ধিৰে ধিৰে হয়। ই দুই প্ৰকাৰৰ-
(i) এলোপেট্রিক স্পেচিয়েছন: কোনো ভৌগোলিক কাৰকৰ কাৰণে জীৱসমূহৰ মাজত বাধাৰ সৃষ্টি হ'লে
জীৱৰ যি পার্থক্য দেখা যায় তাৰ কাৰণে সৃষ্টি হোৱা জীৱবোৰক এলোপেট্রিক স্পেচিয়েছন বোলে।
যেনে- গালাপাগোছ দ্বীপপুঞ্জত দেখা ফিন্স পক্ষীবোৰ।
(ii) চিমপেট্রিক স্পেচিয়েছন: একেটা স্থানতে বাস কৰিলেও সিহঁতৰ মাজত প্রজনন কার্য সম্পূর্ণ নহয় যিয়ে বেলেগ প্রজাতিৰ উৎপত্তি কৰে। উদাহৰণস্বৰূপে পিগফ্ৰগ আৰু গ'ফাৰ ফ্ৰগ।
(খ) এবৰাপাট স্পেচিয়েছন: হঠাতে দেখা দিয়া পৰিৱৰ্তনৰ কাৰণে নতুন প্ৰজাতিৰ সৃষ্টি হয়। ই দুই প্ৰকাৰৰ:
(i) উৎপৰিবৰ্তন:উৎপৰিত্তবৰ্ত্তনৰ কাৰণে এটা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ উৎপত্তি হ'ব পাৰে। বিভিন্ন ধৰণৰ
ঘেঁহু, কপাহ আদি এইদৰেই সৃষ্টি হয়।
(ii) সংকৰণঃ দুটা বিভিন্ন প্রজাতিৰ মাজত সংকৰণ ঘটিও দুটা বেলেগ প্রজাতিতকৈ সম্পূৰ্ণৰূপে পৃথক প্ৰজাতিৰ সৃষ্টি হয়। যেনে ৰেফান 'ত্রেছিকা আদি।
১৩। হণ্ড-দ্যা-ভ্রীছে আগবঢ়োৱা উৎপৰিবৰ্তন ডাৰউইনে আগবঢ়োৱা ভিন্নতাতকি কেনেদৰে
বেলেগ পৃথক লিখা।
উত্তৰঃ ডাৰউইনৰ তত্ব আৰু উৎপৰিবৰ্তন প্ৰক্ৰিয়াৰ মাজত থকা পার্থক্যসমূহ হ'ল
(ক) উৎপৰিৱৰ্তন হ'ল হঠাতে হোৱা পৰিৱৰ্তন আনহাতে ডাৰউইনৰ ভিন্নতা হ'ল ধীৰে ধীৰে হোৱা এক প্ৰকাৰৰ পৰিবৰ্তন।
(খ) উৎপবিবর্তন একেটা প্ৰজাতিৰ আবাদী মাজত দেখা যায় আনহাতে ডাৰউইনৰ ভিন্নতা নেদেখিবও পাৰো।
(গ) উৎপৰিবৰ্তনত জীৱ এটাৰ ক্ৰম'জ'মৰ সংখ্যা আৰু আখৰৰ পৰিবৰ্তন হ'ব পাৰে আনহাতে
ডাৰউইনৰ ভিন্নতাই জীৱসমূহৰ পৰিবেশৰ প্ৰতি সংবেদনশীলতাক নির্দেশ কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ (বর্ণনামূলক):
১। কেনেকৈ সালোক সংশ্লেষণকাৰী জীৱৰ আবিৰ্ভাৱ হ'ল। আলোচনা কৰা।
উত্তৰঃ ৰাসায়নিক বিবৰ্ত্তনৰ ফলত সৃষ্টি হোৱা বৃহৎ অণু কিছুমান, যেনে - বহু শর্কৰা লিপিড, প্রটিন, নিউক্লিক এচিড সাগৰৰ পানীৰ লগত বিক্ৰিয়া কৰি ফেন সদৃশ ঘন কলডিয় গোট সৃষ্টি কৰিছিল। এইবিলাকক ক'ৱাছাৰভেট বোলা হয়। এইবিলাকৰ কোনো আৱৰণ নাছিল কিন্তু আদি কোষবিলাকৰ নিচিনা মুকুল সৃষ্টি কৰিব পাৰিছিল। পৰবৰ্ত্তন কালত ক'ৱাছাৰভেটসমূহৰ চাৰিওফালে যেতিয়া স্নেহ আৰু প্রটিনৰ আৱৰণ সৃষ্টি হ'ল আৰু ভিতৰত নিউক্লিক এচিডে জৈৱ ৰাসায়নিক ক্রিয়া নিয়ন্ত্রণ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া এইবিলাক ক্রমে আদিম জীরকোষলৈ ৰূপান্তৰিত হ'ল। ক'বাছাৰভেটৰ কলয়ডিয় অৱস্থাৰ পৰা আদিম জীৱকোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পৰা জৈৱ বিৱৰ্ত্তন সূচনা হৈছিল বুলি কোৱা হয়।
অন্য তত্ত্ব মতে ৰাসায়নিক বিৱৰ্তনৰ ফলত বৃহৎ অণু যেনে- প্রটিন আৰু নিউক্লিক এচিড লগ লাগি নিউক্লিয় প্রটিন সৃষ্টি হৈছিল। এই নিউক্লিয় প্রটিনেই আছিল ভাইৰাছৰ প্রাথমিক অৱস্থা। সেইবাবে ইয়াক প্রট'ভাইৰাছ আখ্যা দিয়া হৈছিল। এই প্রট 'ভাইৰাছৰ পৰা ক্ৰমে ভাইৰাছ আৰু শেষত বেক্টেৰিয়া, প্রটয'ৱা আদি সৃষ্টি হৈছিল।
পৃথিৱীৰ আদিম অৱস্থাত বায়ুমণ্ডলত অক্সিজেন নাছিল। প্রথম সৃষ্ট জীৱই অবাত শ্বাস প্রক্রিয়াৰে জীৱন
নিৰ্বাহ কৰিছিল। এনে বিজাৰিত পৰিবেশ বহু হাজাৰ বছৰ ধৰি চলি আছিল আৰু নতুনকৈ সৃষ্টি
হোৱা সকলোবিলাক আদিম জীৱই সাগৰৰ পানীত মিহলি হৈ থকা ৰাসায়নিক দ্রব্যৰ পৰা পুষ্টি গ্রহণ কৰিছিল।
এই গোটেইবিলাকেই পৰপুষ্ট আছিল। ক্রমশঃ স্বপুষ্ট জীৱৰ আবিৰ্ভাৱ হ'বলৈ ধৰিলে। হৰিৎকণা সৃষ্টিৰ ফলত
সালোক সংশ্লেষণ ক্ৰিয়া আৰম্ভ হ'ল। তাৰ ফলত অক্সিজেন উদ্ভৱ হ'বলৈ ধৰিলে। বায়ুমণ্ডলত অক্সিজেন
গোট খোৱাত ক্রমে বিজাৰিত পৰিবেশ জাৰিত পৰিবেশলৈ ৰূপান্তৰিত হ'ল। যিমানেই সেউজীয়া
এক কোষৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে সিমানেই বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি পাবলৈ ধৰিলে।
প্রথম সেউজীয়া এককোষী জীর যেনে, কিছুমান আদিম নীল সেউজীয়া শেলাইৰ উদ্ভৱ হৈছিল।
শেষলৈ সংকোষকেন্দ্ৰীক এককোষী শেলাই আৰু পিছত ক্রমে বহুকোষী শেলাই সৃষ্টি হৈছিল।
এইবিলাকৰ পৰা বিৱৰ্তনৰ ফলত সৰল স্থলজ উদ্ভিদ যেনে মছ আদিৰ উদ্ভৱ হৈছিল।
২। জৈৱ বিবর্তন মানে কি? জৈৱ বিৱৰ্তনৰ সাক্ষ্য দিয়া।
উত্তৰঃপৃথিবীত প্রথম অৱস্থাত সৃষ্টি হোৱা জীৱবোৰৰ গঠন একান্ত সৰল আছিল আৰু সিহঁত এককোষী আছিল।
এই জীৱসমূহ প্রট'প্লাজমৰপৰাই সৃষ্টি হোৱা বুলি বহুতবে বিশ্বাস। আদিম অৱস্থাত প্রাণী বা উদ্ভিদ বুলি বেলেগ
বেলেগ গুণ বিশিষ্ট পৃথক শ্রেণী হিচাপে নাছিল। যুগ যুগ পৰিৱৰ্তনৰ লগে লগে এইবোৰৰ গতি-সোঁত দুটা ভাগত
বিভক্ত হ'বলৈ ধৰিলে আৰু লাহে লাহে আকৃতি, গঠন প্রণালী আদি সম্পূর্ণ সলনি হৈ প্রাণী আৰু উদ্ভিদ নামৰ দুটা
ভাগৰ সৃষ্টি হ'ল।
কালক্রমত এককোষী জীৱসমূহেও বংশ বিস্তাৰ কৰিছিল। সিহঁতে জন্ম দিয়া সতি-সন্ততিবোৰৰ আকৃতি, গঠন আৰু জৈৱিক ক্রিয়াকলাপ ইত্যাদিৰ ক্ষেত্ৰত সিহঁতৰ পিতৃ-পুৰুষতকৈ যথেষ্ট উন্নত দেখা গৈছিল। এইদৰে পুৰুষানুক্রমে সিহঁতে উন্নতি লাভ কৰাটো পৰিলক্ষিত হয়। ক্রমবিকাশৰ ধাৰা অনুসৰি এককোষী জীৱৰপৰা বহুকোষী, বহুকোষীৰ পৰা জটিল আৰু জটিলতৰ প্ৰাণীৰ উদ্ভৱ হ'বলৈ ধৰিলে। এইদৰে ক্ষুদ্র ক্ষুদ্ৰ পৰিৱৰ্তনবোৰ একগোট হৈ সময়ত বেলেগ বেলেগ ৰূপত জীৱ আৰু উদ্ভিদৰ সৃষ্টি হয়। বর্তমান সময়ত দেখিবলৈ পোৱা নানা প্ৰকাৰৰ উদ্ভিদ, জীৱ-জন্তু আদি উক্ত ক্রমবিৱৰ্তনৰেই ফল মাথোন।
এইদৰে ধাৰাবাহিকৰূপে সৰল একদেহী প্ৰাণীৰপৰা বিকশিত হৈ জটিলতৰ প্রাণী আৰু উদ্ভিদৰ উৎপত্তি হোৱাকে উদ্ভিদ আৰু জীৱৰ ক্ৰমবিকাশ বা জৈৱ বিবর্তন বোলে।
জৈৱ বিৱৰ্তনৰ সাক্ষ্যসমূহ:
জৈৱ বিৱৰ্তনৰ সপক্ষে পোৱা সাক্ষ্যসমূহৰ নাম উল্লেখ কৰা হ'ল-
(ক) জীৱাশ্মৰ সাক্ষ্য।
(খ) ভ্রূণতত্ত্বৰ সাক্ষ্য।
(গ) শাৰীৰিক আৰু আভ্যন্তৰীণ গঠনৰ সাক্ষ্য।
(ঘ) শ্রেণীবদ্ধতা বা প্রণালীবদ্ধতাৰ সাক্ষ্য।
(ঙ) শৰীৰ বিজ্ঞান সম্বন্ধীয় সাক্ষ্য।
(চ) ভৌগোলিক বিস্তৃতিৰ সাক্ষ্য।
(ছ) ক্ষয়প্রাপ্ত গঠন প্রণালীৰ সাক্ষ্য।
৩। জীৱাশ্ম কি? জীৱাশ্ম কেনেকৈ সৃষ্টি হৈছিল?
উত্তৰঃ যুগ যুগ ধৰি পৃথিৱীৰ উপৰিভাগৰ পৰ্যায়ক্রমে স্তবে স্তৰে বিভিন্ন প্রকাৰে গেদীয় শিল জমা হৈ তৈয়াৰ হৈছে।
নানা ধৰণৰ কাৰণবশতঃ প্রাণী আৰু উদ্ভিদৰ দেহ গেলি-পচি নগৈ শিলাকৃতি অৱস্থালৈ ৰূপান্তৰিত হয়।
এইবোৰকে জীৱাশ্ম বোলা হয়। কেতিয়াবা ইহঁতক সম্পূর্ণ শিলাকৃতি অৱস্থাত অথবা এইবোৰৰ শিলৰ ওপৰত
থকা সাঁচ পোৱা যায়।
বিভিন্ন যুগত তৈয়াৰ হোৱা বিভিন্ন স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহে ভালকৈ প্ৰমাণ কৰি দিয়ে কিদৰে বিভিন্ন যুগত এটা সূক্ষ্ম গতিত উন্নত আৰু জটিল আকৃতিৰ প্ৰাণীসমূহৰ বিকাশ হৈছে। আটাইতকৈ প্রাচীন যুগৰ শিলাস্তৰত আদিম আৰু সৰল প্রাণী আৰু উদ্ভিদৰ অস্তিত্ব পোৱা গৈছে। ইয়াৰ পৰৱৰ্তী শিলাস্তৰত পোৱা গৈছে সেইবোৰতকৈ জটিল উন্নত ধৰণৰ উদ্ভিদ আৰু প্ৰাণী যেনে- উন্নত সামুদ্রিক শেলাই, মচ জাতীয় উদ্ভিদ, ঢেকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ উন্নত ধৰণৰ অমেৰুদণ্ডী প্রাণী আৰু নিম্নখাপৰ মেৰুদণ্ডী প্রাণী।
ইয়াৰ পিছৰ শিলাস্তৰত দেখা গৈছে ঢেকীয়া জাতীয় উদ্ভিদসমূহ লাহে লাহে লুপ্ত হৈ যাব ধৰিছে আৰু নগ্নবীজউদ্ভিদ বৃদ্ধি পাইছে। ইয়াৰ পিছৰ শিলাস্তৰসমূহত দ্বিবীজীয় উদ্ভিদ আৰু স্তন্যপায়ী প্রাণীসমূহৰ
অৱস্থিতিৰ সাক্ষ্য পোৱা যায়। আনহাতে সেই কালছোৱাত ঢেকীয়া জাতীয় আৰু নগ্নবীজী উদ্ভিদ ক্রমান্বয়ে
লুপ্ত হৈ যাব ধৰিছে। ইয়াৰ পিছৰ সময়ছোৱাত দ্বি-বীজপত্রী উদ্ভিদ আৰু স্তন্যপায়ী প্রাণীসমূহে বিস্তাৰ লাভ
কৰে আৰু লগতে একবীজপত্রী উদ্ভিদ, সৰীসৃপ আৰু পক্ষী দেখা দিয়ে। ইয়াৰ পিছৰ পৃথিৱীখনৰ উপৰিভাগত
উন্নত ধৰণৰ গছ-গছনিৰ অটব্য হাবিৰে ভৰি পৰে আৰু উন্নত শ্ৰেণীৰ পক্ষী আৰু স্তন্যপায়ী প্রাণীৰ অস্তিত্বৰ
প্ৰমাণ পোৱা যায়। ইয়াৰ পিছৰ কালত ডাঙৰ গছ-গছনি আদিৰ বিলুপ্তি হৈ হাবি ক্রমে হ্রাস হ'বলৈ ধৰে আৰু ল
গতে বৃহদাকাৰ স্তন্যপায়ী প্রাণীসমূহ এই পৃথিৱীৰপৰা লুপ্ত হয়। অৱশেষত বর্তমান যুগত পৃথিবীত মানুহ আৰু
শাক-বন জাতীয় উদ্ভিদে একাধিপত্য স্থাপন কৰিলে। গতিকে জীৱাশ্মবোৰ অধ্যয়ন কৰি আদিমকালৰ পৰা
বৰ্তমানলৈকে জীৱৰ এটা সূক্ষ্ম পৰিৱৰ্তন হৈ বর্তমান অবস্থা পাইছে তাৰে আভাস পোৱা যায়। আকৌ কেতবোৰ
উদ্ভিদ আৰু প্ৰাণীৰ জীৱাশ্মই জৈব বিবর্তনত উদ্ভব হোৱা দুটা শ্ৰেণীৰ মধ্যবর্তী অৱস্থাৰ কথা সোঁৱৰাই দিয়ে।
যেনে- গুটি লগা ঢেকীয়া আৰু আর্কিওপটেৰিক্স।
৪। ডাৰউইনৰ প্ৰকৃতি বৰণ বা ডাৰউইন তত্ত্ব আলোচনা কৰা।
উত্তৰঃ চালর্চ ডাৰউইনে আৱিষ্কাৰ কৰা প্ৰাকৃতিক মতবাদকেই ডাৰউইনিজম্ বা ডাৰউইন তত্ত্ব বুলি কোৱা হয়।
১৮৫২ চনত তেওঁ বিখ্যাত 'প্রজাতিৰ উৎপত্তি' (Origin of pecies) প্রকাশ কৰে। ইয়াত তেওঁ 'প্রাকৃতিক নির্বাচন
মতবাদ' সুস্পষ্টভারে দাঙি ধৰে। এই মতবাদৰ মূল নীতিকেইটা হ'ল-
(ক) জীবন-সংগ্রাম
(খ) সজ্জনৰ উদ্ধাৰ বা প্রাকৃতিক নির্বাচন আৰু
(গ) ন-প্ৰজাতিৰ উৎপত্তি।
(ক) জীৱন-সংগ্রামঃ প্রতিকূল পৰিবেশ আৰু বাসস্থান বিচাৰি জীৱৰ মাজত প্রতিদ্বন্দ্বিতা চলিব লাগিছে।
ইয়াৰ ফলত বহুতো প্রাণীয়েই মৃত্যুবৰণ কৰিবলগীয়াত পৰিছে। এই জীৱন সংগ্রামক আকৌ তিনিটা উপভাগত
ভাগ কৰিব পাৰি- অন্তঃপ্রজাতি সংগ্রাম, আন্তঃপ্রজাতি সংগ্ৰাম আৰু পৰিবেশ সংগ্রাম।
(খ) সজ্জনৰ উদ্ধাৰ বা প্ৰাকৃতিক নির্বাচন: জীৱন সংগ্রামত যিবিলাক প্রসস্ত বৈচিত্র্য আহৰণ কৰিব পাৰে
সেইবোৰে উৎকৃষ্টভাবে জীয়াই থাকি বংশবিস্তাৰ কৰে। হাবার্ট স্পেন্সাৰৰ মতে ই হ'ল সজ্জনৰ উদ্ধাৰ।
কিন্তু ডাৰউইনে ইয়াক প্রাকৃতিক নির্বাচন বুলি কৈছিল। এনেকুৱা প্ৰাকৃতিক নিৰ্বাচনত যিবিলাকৰ ক্ষেত্ৰত বৈচিত্র্য
দেখা যায়, সেইবোৰে জীয়াই থাকিব বা বংশবৃদ্ধি কৰিব পাৰে। যিবোৰে লক্ষণৰ বৈচিত্র্যতা আনিব নোৱাৰে,
সেইবোৰ ধ্বংসপ্রাপ্ত হয়। গতিকে সজ্জনৰ উদ্ধাৰে যথেষ্ট নহয়; জীৱবোৰে পৰিৱৰ্তিত প্ৰকৃতিৰ লগত খাপ খুৱাব
পৰা উচিত।
(গ) ন-প্ৰজাতিৰ উৎপত্তিঃ পৰস্তজীৱীৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খুৱাই চলিবলৈ কৰা অভিযোজনৰ
ফলত নতুন গঠন আনকি নতুন স্বভাৱ হোৱা দেখা যায়, এই চৰিত্ৰবোৰ যেতিয়া বংশানুক্রমে সতি-সন্ততিৰ
গালৈ যায় ফলস্বৰূপে কেইটামান চামৰ পাছত সম্পূর্ণ নতুন প্রজাতি এটাৰ আগৰ প্ৰজাতিৰপৰা উৎপত্তি হয়।
৫। ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ আৰু অনুকূলন প্ৰসাৰণ সম্পর্কে লিখা।
উত্তৰঃ জীৱৰ বিৱৰ্তন সম্পৰ্কে ডাৰৱিনৰ মতবাদৰ গুৰিতে যি কথা আছে সেইটো হ'ল-
আজি পৃথিৱীত যি বিভিন্ন ধৰণৰ জীৱ দেখিবলৈ পোৱা যায় তাৰ সকলোবিলাক কিছুমান আদি পুৰুষৰ পৰা
উদ্ভৱ হৈছে। বিভিন্ন সময়ত পৰিবেশৰ লগত খাপ খুৱাবলৈ জীৱ সম্প্রদায়ে যি সংগ্রাম কৰিবলগীয়া হয় তাৰ
ফলত জীৱসমূহৰ মাজত বিভিন্ন পৰিৱৰ্তনে দেখা দিয়ে। এনে পৰিৱৰ্তনসমূহ ইমান ধীৰ গতিত হয় যে হাজাৰ
হাজাৰ বছৰ ধৰি চলা সূক্ষ্ম পৰিৱৰ্তনসমূহ লগ লাগিহে শেষত পৰিৱৰ্তন চকুত পৰা হয়। এটা জাতৰ আদি
পুৰুষৰ পৰা বিভিন্ন পৰিবেশত বিভিন্ন আকৃতিৰ বিভিন্ন স্বভাৱৰ জীৱৰ সৃষ্টি হ'ব পাৰে। তেনে প্রত্যেক জীৱ
আদি পুৰুষৰ পৰা সম্পূর্ণ বিচ্ছিন্ন হৈ নতুন প্ৰজাতিৰ জন্ম দিয়ে। নতুন পৰিবেশত উপস্থিত হোৱা কোনো
জীৱৰ বংশধৰবিলাকৰ সকলোবোৰে পৰিবেশৰ লগত খাপ খাব নোৱাৰে। পৰিবেশে এনেবিলাককে বাছি লয়
যিবিলাকৰ জিন-জোটকে পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাবলৈ নিজকে অধিক সক্ষম কৰিতোলে। বাকী জীৱ
ব্যক্তিসমূহ বিলুপ্ত হৈ যায়। নতুন পৰিবেশত খাপ খাই লব পৰা জীৱগোষ্ঠী যদি যৌন প্রজননৰ ক্ষেত্ৰত মূল
জীৱগোষ্ঠীৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেতিয়া নতুন পৰিবেশত গঢ় লৈ উঠা জনসমষ্টিৰ মাজতহে প্ৰজনন কৰে।
এনেধৰণৰ নতুন গোষ্ঠী মূল গোষ্ঠীৰ পৰা ক্রমশঃ বিচ্ছিন্ন আৰু পৰিৱৰ্তিত হৈ শেষত যেতিয়া নিজৰ মাজত
প্ৰজনন কৰিবলৈ সক্ষম হয়, তেতিয়া মূল প্ৰজাতিৰ পৰা পৃথক এক প্ৰজাতিৰ সৃষ্টি কৰে। এই নতুন প্রজাতিৰ
কোনো কোনো জীৱ ব্যক্তিয়ে যদি অন্য স্থানলৈ প্ৰব্ৰজন কৰে আৰু যদি পৰিবেশ আগতকৈ ভিন্ন হয় তেতিয়া
সেই ভিন্ন পৰিবেশৰ লগত নিজকে খাগ খুৱাবলৈ যত্নপৰ হয়। নতুন পৰিবেশত নিজকে খাপ খুৱাবলৈ কৰা
চেষ্টাৰ ফলত যিবিলাকৰ দৈহিক, শৰীৰবিদ্যা সম্পর্কীয় আৰু বংশগতি সম্পর্কীয় ৰূপান্তৰ ঘটে সেইবিলাকে
পৰিণতিত নতুন প্ৰকাৰ জন্ম দিয়ে। এনেকৈ ক্রমে এটা প্রজাতির জীৱই বিভিন্ন স্থানত গৈ নতুন নতুন প্ৰজাতিৰ
সৃষ্টি কৰে। ইয়াকে অনুকূলীয় প্রসাদ বোলা হয়। এনে নতুন প্রজাতি যদি আকৌ কোনো নতুন পৰিবেশলৈ
প্ৰব্ৰজন কৰে তেতিয়া তাৰ ব্যক্তিসমূহৰ মাজত ধীৰে ধীৰে পৰিবৰ্তন আহে। পৰিৱৰ্তনসমূহ গোট খাই নতুন
প্ৰজাতিৰ সৃষ্টি হয়। এনেকৈ এটা প্ৰজাতিৰ জীৱৰ পৰা অসংখ্য নতুন নতুন প্রজাতিৰ সৃষ্টি হয়।
Type Himanku Bora
Post ID : DABP004465
New Update 2026