Class 7 Social Science | দ্ৰাঘিমাৰেখাৰ সহায়ত সময় গণনা


দ্রাঘিমাৰেখাৰ সহায়ত সময় গণনা  ঃ

পৃথিৱীৰ আহ্নিক গতিৰ ফলত প্রতিডাল দ্রাঘিমাৰেখাই ক্রমে এডালৰ পিছত আন এডাল সূৰ্যৰ সন্মুখীন হয় । অর্থাৎ প্রতিডাল দ্রাঘিমাৰেখাত আন দ্রাঘিমাৰেখাৰ তুলনাত বেলেগ বেলেগ সময়ত সূর্যোদয় , মধ্যাহ্ন আৰু সূর্যাস্ত হয় । ইয়াৰ উপৰি , পৃথিৱীৰ এনে গতিৰ ফলত একোডাল দ্রাঘিমাৰ ওপৰত থকা প্ৰতিটো বিন্দু বা স্থানেই একে সময়তে মধ্যাহ্ন সূৰ্যৰ মুখামুখি হয় ।

তােমালােকে ইতিমধ্যে জানি আহিছা যে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০ ° কোণ উৎপন্ন কৰে । গতিকে এই ৩৬০ ° অতিক্ৰম কৰিবলৈ পৃথিৱীক সময় লাগে ২৪ ঘণ্টা । কথাখিনি আৰু সহজভাৱে বুজিবলৈ এটা পৰীক্ষা কৰি চাওঁ আহা । টর্চ আৰু এটা গােলক লােৱা । এজনে গােলকৰ পিঠিত অংকন কৰা প্রাথমিক দ্রাঘিমাৰেখা ডালত এটি আঙুলি ৰাখা । এইবাৰ আন এজনে প্রাথমিকদ্রাঘিমাৰেখাৰ ওপৰত পােনে পােনে টৰ্চৰ পােৰ পেলােৱা । এতিয়া প্রথমজনে আঙুলিটো একে অৱস্থাত ৰাখি প্রাথমিক দ্রাঘিমাৰেখাড়াল টৰ্চৰ পােহৰৰ পৰা পূবলৈ আঁতৰাই নিয়া আৰু সম্পূর্ণ এপাক মাৰি পুনৰ আগৰ অৱস্থালৈ আনা । পৰীক্ষাটোৰ পৰা কি বুজিলা ? ক্রিয়াকলাপটো সকলােৱে কৰি চোৱা । প্রাথমিক দ্রাঘিমাৰেখাড়াল মধ্যাহ্ন সূৰ্যৰ মুখামুখি হলে তাত দুপৰীয়া হয় , অর্থাৎ দিনৰ ১২ বাজে । এই দ্রাঘিমাৰেখাড়াল পৃথিৱীৰ ঘূৰণৰ ফলত সূৰ্যৰ পৰা পূবলৈ আঁতৰি গৈ এপাক মাৰি পুনৰ মধ্যাহ্ন সূৰ্যৰ মুখামুখি হােৱালৈ সময় লাগে ২৪ ঘণ্টা । অর্থাৎ পৃথিৱীৰ উপৰিভাগৰ যিকোনাে এডাল দ্রাঘিমাই ২৪ ঘণ্টাত ৩৬০ ° অতিক্রম কৰে । সেই অনুসাৰে এক ঘণ্টাত যি কোনাে এডাল দ্রাঘিমাই ১৫ ° দূৰত্ব অতিক্রম কৰে বা প্রতি ৪ মিনিটত ১ ° দূৰত্ব অতিক্রম কৰে ।

পৃথিৱী পশ্চিমৰ পৰা পূবলৈ ঘূৰে । গতিকে পূবত থকা ঠাই এখন পশ্চিমৰ ঠাই এখনতকৈ আগতে সূৰ্যৰ মুখামুখি হয় । অর্থাৎ পূবৰ ঠাইখনত পশ্চিমৰ ঠাইখনতকৈ আগতে ৰাতিপুৱা , দুপৰীয়া আৰু সন্ধিয়া হয় পৃথিৱীৰ উপৰিভাগত সময় গণনা কৰা হয় মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই । কোনাে এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় ( Local time ) বােলে । বেলেগ বেলেগ দ্রাঘিমাৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়াে বেলেগ বেলেগ হয় । প্রাথমিক দ্রাঘিমাৰেখাড়ালৰ স্থানীয় সময়ক গ্রীনিজ মান সময় ( Greenwich Mean Time ) বােলে । পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ স্থানীয় সময় উলিয়াবৰ বাবে প্রাথমিক দ্রাঘিমাৰেখাৰ মান সময় ( GMT ) ক ভিত্তি হিচাপে লােৱা হয় । ইয়াৰ বাবে ঠাইখনৰ দ্রাঘিমাংশ জনাটো প্রয়ােজন । এটি উদাহৰণ লােৱা যাওঁক । ধৰা , স্থানীয় সময় অনুসাৰে প্রাথমিক দ্রাঘিমাৰেখাৰ ওপৰত পুৱা ৮ বাজিলে ৪৫ ° পূঃ দ্রাঘিমাংশত অৱস্থিত এখন ঠাইৰ স্থানীয় সময় কিমান হ'ব ?

ঠাই দুখনৰ দূৰত্ব হ’ল ৪৫ ° , গতিকে সময়ৰ ব্যৱধান হ’ব ৪৫x৪ মিনিট = ৩ ঘণ্টা । এতেকে প্রাথমিক দ্রাঘিমা ৰেখাত ৮ বাজিলে উক্ত ঠাইখনত ( ৮ বজা +৩ ঘন্টা = ১১ বজা ) ১১ বাজিব । অর্থাৎ ঠাইখনৰ স্থানীয় সময় অনুসৰি দিনৰ ১১ বাজিব ।

আকৌ দুখন ঠাইৰ স্থানীয় সময় জনা থাকিলে ঠাই দুখনৰ মাজৰ দূৰত্ব জানিব পাৰি । উদাহৰণ হিচাপে প্রাথমিক দ্রাঘিমাৰেখাত স্থানীয় সময় মতে দিনৰ ১২ বাজিলে আন এখন ঠাইৰ স্থানীয় সময় অনুসৰি পুৱা ৭ বাজে । এই স্থানীয় সময়ৰ ওপৰত ভিত্তি কৰি দুয়ােখন ঠাইৰ মাজৰ দূৰত্ব জানিব পাৰি ।

প্রাথমিক দ্রাঘিমাৰেখা আৰু ঠাইখনৰ মাজত সময়ৰ প্ৰার্থক্য ১২-৭ ঘণ্টা = ৫ ঘণ্টা । এতেকে ঠাইখনৰ দ্রাঘিমাংশ হ’ব ১৫x৫ = ৭৫ ° দ্রাঘিমাংশ । যিহেতু ঠাইখনত প্রাথমিক দ্রাঘিমাৰেখাতকৈ পিছত দুপৰীয়া হয় , সেয়েহে ই পশ্চিম দ্রাঘিমাংশত অৱস্থিত । এতেকে ঠাইখন প্রাথমিক দ্রাঘিমাৰেখাৰ পৰা ৭৫ ° পশ্চিম দ্রাঘিমাংশ দূৰত্বত অৱস্থিত ।

মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্রতিটো ক্ষেত্ৰতে সময় গণনা অতি প্রয়ােজনীয় দিশ । এখন দেশৰ প্ৰতিখন ঠাইৰে স্থানীয় সময়ৰ ভিত্তিত সময় নির্ধাৰণ কৰি ব্যৱহাৰ কৰিলে বিভিন্ন অসুবিধাই দেখা দিব । কোনাে এখন দেশৰ এটা অংশৰ স্থানীয় সময় মতে দিনৰ ১০ বাজিলে আনটো অংশৰ স্থানীয় সময় হয়তাে ১১-৩০ বাজিব । উদাহৰণ স্বৰূপে গুৱাহাটীৰ স্থানীয় সময় আৰু আহমেদাবাদ চহৰৰ স্থানীয় সময়ৰ পার্থক্য প্রায় ১ ঘণ্টা ২৪ মিনিট । স্থানীয় সময়ৰ এনে পার্থক্যই ব্যৱসায় বাণিজ্য , ৰেল - বিমান যাতায়াত আৰু যােগাযােগ আদি ব্যৱস্থাত অনেক বেমেজালিৰ সৃষ্টি কৰিব । ধৰি লােৱা হ'ল মুম্বাই চহৰত দেওবাৰে স্থানীয় সময় অনুসাৰে দিনৰ ১০ বজাৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজত এখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল অনুষ্ঠিত হ’ব । মুম্বাইৰ স্থানীয় দূৰদৰ্শন কেন্দ্র এটাই উক্ত খেলৰ চলন্ত সম্প্রচাৰ কৰিব । এতিয়া গােৱালপাৰাৰ ৰুবিয়া , শােভন ; মঙলদৈৰ জীমণি , মিকু ; লিডুৰ নয়নদীপ লচমীহঁতৰ বাবে সমস্যা হল । সিহঁতে কোন সময়ত ক্রিকেট খেলখন চাবৰ বাবে দূৰদৰ্শনৰ ওচৰত বহিব ? কাৰণ গােৱালপাৰা , মঙলদৈ আৰু লিডুৰ স্থানীয় সময় মুম্বাইৰ লগত নিমিলে । আনহাতে উক্ত তিনিওখন ঠাইৰ স্থানীয় সময়ে বেলেগ বেলেগ । সেয়েহে মুম্বাইত দিনৰ ১০ বাজিলে সিহঁতৰ নিজ নিজ ঠাইত কেইটা বাজিব তাক দ্রাঘিমাংশৰ সহায়ত উলিয়াবলৈ কাগজ কলম লৈ বহিল । কিন্তু এনেদৰে সদায় সকলােৱে আটাইবােৰ কাম কৰা সম্ভৱ হ'ব জানাে ? এনে অসুবিধাবােৰ দূৰ কৰিবলৈ দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যােৱা দ্রাঘিমাৰেখা এডালৰ স্থানীয় সময়ক সমগ্র দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয় । এনে দ্রাঘিমাৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে যি সময় গণনা কৰা হয় তাকে দেশখনৰ মান সময় ( Standard Time ) বােলে । আকৌ যিডাল দ্রাঘিমাৰেখাক মান সময় গণনাৰ বাবে লােৱা হয় তাক মান দ্রাঘিমাৰেখা ( Standard Meridian ) বােলে । ভাৰতবৰ্ষৰ এলাহাবাদ চহৰৰ ওচৰেৰে পাৰ। হৈ যোৱা ৮২ ১/২ °(৮২ °৩০)মিনিট পূব দ্ৰাঘিমাৰেখা ডালকে সমগ্ৰ দেশখনৰ মান দ্ৰাঘিমাৰেখা হিচাপে লোৱা হৈছে। এই দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় (Indian Standard time) বুলি গণ্য কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদিৰ দৰে বিশাল আয়তনৰ দেশসমূহত এটাতকৈঅধিক মান সময় গ্ৰহণ কৰা হয়।

নাবিক আৰু বৈমানিকসকলে ক্ৰনমিটাৰ ( Chronometer) যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰে। আনহাতে, চেক্সটাণ্ট (Sextants) যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি। গ্ৰীনিজৰ মান সময় আৰু ঠাইখনৰ স্থানীয় সময়ৰ ব্যৱধানৰ পৰা ঠাইখনৰ দ্ৰাঘিমাংশ নাবিকে নিৰ্ণয় কৰে। অৱশ্যে আজি কালি জি পি এছ (Global Positioning System) নামৰ সৰু যন্ত্ৰ এটিৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু ঠাইখনৰ সমুদ্ৰ-পৃষ্ঠৰ পৰা উচ্চতা সহজতে নৰ্ণয় কৰিব পৰা হৈছে।

আমাৰ সচৰাচৰ ঘড়ীবোৰ সাধৰণতে ১২ ঘণ্টীয়া। কিছু কিছু ক্ষেত্ৰ দিনটোৰ আটাইখিনি সময় সামৰি ২৪ ঘণ্টীয়া  ঘড়ী ব্যৱহাৰ কৰা হয়। আচলতে নিশা ১২ বজাৰ পৰা পিছৰ নিশা ১২ বজালৈ এই ২৪ ঘণ্টা সামৰি এটা দিন হয়। সেয়েহে ২৪ ঘণ্টীয়া ঘড়ীত ১২ ঘণ্টীয়া ঘড়ীৰ দৰে ১২ বজাতে গণনা শেষ নহৈ ১২, ১৩, ১৪, ১৫, আদি কৰি ২৪ লৈকে গণনা কৰা হয়। ৰে'লগাড়ী, বিমান আদি চলাচলত এনে ঘড়ী ব্যৱহাৰ হয়। সময় গণনাৰ ক্ষেত্ৰত আন এটি জানিবলগীয়া কথা হ'ল নিশা ১২ বজাৰ পৰা দিনৰ সময়খিনিক পূৰ্ব মধ্যাহ্ন (ante-meridian /a.m.) বোলে। আকৌ দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ সময়খিনিক উত্তৰ মধ্যহ্ন (post meridian /p.m.) বোলে।

পৃথিৱীৰ উপৰিভাগত সময় নিৰ্ণয়ৰ ক্ষেত্ৰত জানিবলগীয়া কেইটামান কথাঃ

১ ° দ্ৰঘিমাংশৰ অন্তৰত সময়ৰ ব্যৱধান হয় ৪মিনিট আৰু ১ ঘণ্টাত দ্ৰাঘিমাংশৰ ব্যৱধান হয় ১৫ °।

পৃথিৱীৰ আহ্নিক গতিৰ (দৈনিক ঘূৰণ) ৰ ফলত পূবৰ ঠাইসমূহ প্ৰথমেই সূৰ্যৰ মুখামুখি হয়।

গ্ৰীনিজৰ তুলনাত আগতীয়াকৈ কোনো ঠাইত দুপৰীয়া হ'লে ঠাইখনৰ পূব দ্ৰাঘিমাংশত আৰু পলমকৈ হ'লে পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।

দুখন ঠাইৰ স্থানীয় সময় জনা থাকিলে, ঠাইখনৰ মাজৰ দূৰত্ব জানিব পাৰি।

গ্ৰীনিজৰ পূব অথবা পশ্চিমৰ যি কোনো এইন ঠাইৰ দ্ৰাঘিমাংশ জনা থাকিলে আৰু গ্ৰীনিজৰ মান সময় জনা থাকিলে ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰে।

যদি কোনো দুখন ঠাই গ্ৰীনিজৰ একে ফালে অৰ্থাৎ পূবে অথবা পশ্চমে থকে তেন্তে দ্ৰাঘিমাংশৰ ডাঙৰ মানৰ পৰা সৰু মানটি বিয়োগ কৰিলে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য পাব পাৰি। 

✽ যদি কোনো দুখন ঠাইৰ এখন গ্ৰীনিজৰ পূবত আৰু আনখন পশ্চিমত থাকে তেন্তে দুয়োখন ঠাইৰ দ্ৰাঘিমাংশৰ মান যোগ কৰি ঠাই দুখনৰ  দ্ৰাঘিমাংশৰ পাৰ্থক্য পাব পাৰি।


Type: Nayan Moni Deka






Post ID : DABP005332