যাদৱ পায়েং

যাদৱ পায়েং জন্ম (১৯৬৩) চনত

চমু পৰিচয়ঃ-  
যাদৱ পায়েং ১৯৬৩ চনত জন্ম হৈছিল। পিতৃ নাম লক্ষীৰাম পায়েং আৰু মাতৃ নাম  আফুলি পায়েং। 

    যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা কৰ্মী । তেখেতে যোৰহাটৰ ককিলামুখৰ ওচৰত ব্ৰহ্মপুত্ৰৰ চাপৰিত তেখেতে কেইবাদশকো জুৰি গছ ৰোপণ তথা প্ৰতিপালন কৰি এক সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছে। তেখেতৰ নামেৰে এই বনাঞ্চলক মুলাই কাঠনিও বোলে। পায়েংৰ এই বনাঞ্চলত বৰ্তমান কেইবাটাও ঢ়েকীয়াপতীয়া বাঘ, শতাধিক হৰিণাপহু বন-গাহৰি আদি জন্তু উপৰি শগুণ আৰু অনেক প্ৰজাতিৰ চৰায়ে বাস কৰি আছে।  এই অৰণ্যখন অৰ্জুন এজাৰ, কৰৈ, শিমলু, আদি মূল্যৱান গছ-গছনিৰে ভৰপূৰ ।

    ২০১২ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ অৰ্থাৎ ( Forest Man Of India) উপাধি প্ৰদান কৰে। ২০১২ চনৰ উইলিয়াম ডগলাছ মেকমাষ্টাৰ নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে তেখেতৰ কৰ্মৰ আধাৰত (Forest Man) নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তেখেতেৰ এই মহান কাৰ্যৰ বাবে ভাৰত চৰকাৰে তেখেতৰ ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। ২০১৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে। অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকী নাম ।


Sumit Pator (Morigaon)