কৃষ্ণকান্ত সন্দিকৈ


কৃষ্ণকান্ত সন্দিকৈ বিষয়ে (১৮৯৬-১৯৮২)


চমু পৰিচয়ঃ-

    ১৮৯৮ চনৰ জুলাই মাহৰ ২০ তাৰিখ অসমৰ যোৰহাট চহৰত কৃষ্ণকান্ত সন্দিকৈ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাম আছিল নাৰায়নী সন্দিকৈ। ৰাখাকান্ত আৰু নাৰায়নী সন্দিকৈৰ চাৰিজন পুত্ৰ সন্তান আৰু এজনী কন্যা। পুত্ৰ চাৰিজনৰ নাম হ'ল- কৃষ্ণকান্ত, চন্দ্ৰ কান্ত, লক্ষ্মীকান্ত আৰু ইন্দ্ৰ কান্ত সন্দিকৈ। কন্যাজনীৰ নাম অন্নদা। চন্দ্ৰ কান্ত, লক্ষ্মীকান্ত আৰু ইন্দ্ৰ কান্ত প্ৰায় অকালতে মৃত্যু হয়। 

      কৃষকান্ত সন্দিকৈয়ে যোৰহাটৰ প্ৰাথমিক বিদ্যালয় শিক্ষালাভ কৰিছিল। প্ৰাথমিক শিক্ষাৰ লাভ কৰা পাছত যোৰহাট চৰকাৰী হাইস্কুলৰ নাম ভৰ্তি কৰে তাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৩ চনত কৃষ্ণকান্তই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্য়ম হৈ গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰে। আৰু এ কলেজৰ পৰাই ১৯১৫ চনত আই.এ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ  পিছত সংস্কৃত কলেজৰ পৰা সন্মানসহ স্নাতক হয় ১৯১৭ চনত। 

    তেওঁ এগৰাকী সংস্কৃত পণ্ডিত আৰু ভাষাতত্ত্ববিদ আছিল। বিদেশত থাকি সন্দিকৈয়ে বিদেশ সাহিত্য ভাষা জ্ঞান অৰ্জনত গুৰুত্ব দিয়ে। তেওঁ আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ জ্ঞানৰ সমাহাৰ। সন্দিকৈদেৱে সীমিত সংখ্যক প্ৰৱন্ধৰে হ'লেও অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সৈতে পৰিচয় কৰাই দিয়া কৃতিত্ব অৰ্জন কৰিছিল। 

    কৃষ্ণকান্ত সন্দিকৈ ৮৪ বছৰ কাল এই সংসাৰত থাকি ১৯৮২ চনৰ সাত জুন তাৰিখে ডিব্ৰুগড়ৰ জি-এম হস্পিতালত মৃত্যু বৰণ কৰে। 


সৌৰভ বৰা (Sourab bora)