বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া 

অনুশীলন- 

১. বিবিধ পচন্দৰ প্ৰশ্নবোৰ (Multiple choice questions) 

(ক) যদি ভূ-পৃষ্ঠত বায়ুৰ চাপ ১,০০০  মিলিবাৰ হয়, তেতিয়া ভূ-পৃষ্ঠৰ পৰা ১ কিঃমিঃ উচ্চতাত বায়ুৰ চাপ হ'ব ঃ 

(১) ৭০০ মিলিবাৰ  (২) ১,১০০ মিলিবাৰ 

(৩) ৯০০ মিলিবাৰ  (৪) ১,৩০০ মিলিবাৰ 

উত্তৰঃ (৩) ৯০০ মিলিবাৰ।


(খ) আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলটো সৃষ্টিঃ

(১) বিষুৱৰ ওচৰত  (২) মকৰ ক্ৰান্তীৰ ওচৰত 

(৩) কৰ্কট ক্ৰান্তীৰ ওচৰত  (৪) মকৰ ক্ৰান্তীৰ ওচৰত 

উত্তৰঃ (১) বিষুৱৰ ওচৰত। 


(গ) উত্তৰ গোলাৰ্দ্ধত এটা নিম্ন চাপ কেন্দ্ৰৰ চৌদিশে বতাহৰ গতি হয়ঃ (১) ঘড়ীৰ কাটাৰ  দিশত   (২) সমচাপ ৰেখা লম্ব দিখত 

(৩) ঘড়ী কাটাৰ বিপৰীত দিশত  (৪) সমচাপ ৰেখাৰ সমান্তৰালভাৱে 

উত্তৰঃ (৩) ঘড়ী কাটাৰ বিপৰীত দিশত। 


(ঘ) বায়ুপুঞ্জ গঠনৰ বাবে তলৰ কোনটো অঞ্চলক উৎস  বুলি গণ্য কৰিব পাৰি ? 

(১) বিষুৱীয় অৰণ্য অঞ্চল  (২) হিমালয় পৰ্বতমালা 

(৩) চাইবেৰিয়াৰ সমভূমি অঞ্চল  (৪) দাক্ষিণাত্য মালভুমি অঞ্চল 

উত্তৰঃ (৩) চাইবেৰিয়াৰ সমভূমি অঞ্চল।


২. তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা (প্ৰতিটো প্ৰশ্নৰ উত্তৰ ৩০ টা শব্দৰ ভিতৰত হ'ব লাগে)

(ক) চাপ জুখিৱলৈ কি একক ব্যৱহাৰ কৰা হয় ? বতৰৰ মানচিত্ৰ প্ৰস্তুত  কৰোতে কোনো ঠাইৰ চাপ সাগৰ পৃষ্ঠ সাপেক্ষে জোখা হয় কিয় ? 

উত্তৰঃ চাপ জুখিবলৈ ব্যৱহাৰ একক বিধৰ নাম হল মিলিবাৰ ইয়াক চমুকৈ mb বোলা হয়।

বতৰৰ মানচিত্ৰ প্ৰস্তুত কৰোতে কোনো ঠাইৰ চাপ সাগৰপৃষ্ঠ সাপেক্ষ জোখা হয়, ইয়াৰ প্ৰধান কাৰনবোৰ হল-

১) সমুদ্ৰ পৃষ্ঠ এক স্থায়ী পৃষ্ঠ যাৰ কোনো পৰিবৰ্তন কম সময়ৰ ভিতৰত কেতিয়াও সংঘটিত নহয় অথবা বহু হাজাৰ বছৰ ধৰি সমুদ্ৰ পৃষ্ঠ পৰিবৰ্তন নোহোৱাকৈ থাকে। যদিও ক্তিয়াবা হয় সিও মাত্ৰ হাজাৰ বা লক্ষ্য ভাগৰ এভাগ মান হব, যিয়ে কোনো জোখ মাখত বৰ বিশেষ প্ৰভাৱ বিস্তাৰ নকৰে।

২) দ্বিতীয়তে ভূ-পৃষ্ঠৰ প্ৰায় এক তৃতীয়াংশ ঠাই জলপৃষ্ঠই আৱৰি ৰাখিছে। সেয়ে, জল পৃষ্ঠ সকলো ঠাইতে সহজে পোৱা যায়।

৩) তৃতীয়তে, পৃথিৱীত কোনো ভূ-আন্দোলন হলে সাধাৰনতে স্থলভাগেই বৰ বেয়াকৈ ক্ষতিৰ সম্মুখীন হয়। সেয়ে, সমুদ্ৰ পৃষ্ঠই এক স্থায়ী পৃষ্ঠ হিচাপে গ্ৰহন কৰি গোলকীয় কামবোৰ কৰা হয়।


(খ) যেতিয়া উত্তৰ গোলাৰ্দ্ধত চাপৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ অৰ্থাৎ উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিষুৱীয় অঞ্চললৈ থাকে, তেতিয়া বায়ু ক্ৰান্তীয় অঞ্চলত উত্তৰ-পূৱ বতাহ হৈ বলে কিয় ? 

উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ ভিন্নতা হোৱাৰ বাবে বায়ুৱে গতি কৰে অৰ্থাৎ বতাহ ববলৈ ধৰে উচ্চ চাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপবিশিষ্ট অঞ্চললৈ। ভূ-পৃষ্ঠৰ ওপৰত গতি কৰা বতাহৰ গতি কিছুমান কাৰকে নিয়ন্ত্ৰন কৰে। সেই কাৰক বোৰৰ ভিতৰত পৃথিৱীৰ আহ্নিক গতিকে সৃষ্টি কৰা এক বিশেষ গতি। যাৰ নাম কৰিঅলিচ বল।

পৃথিৱীৰ আহ্নিন গতিৰ ফলত সৃষ্টি হোৱা এই কৰিঅলিচ বলে ভূ-পৃষ্ঠৰ ওপৰত প্ৰৱাহিত বতাহৰ গতি নিয়ন্ত্ৰন কৰে। অৰ্থাৎ উত্তৰ গোলাৰ্দ্ধত যেতিয়া উপক্ৰান্তীয় উচ্চ চাপ অঞ্চলৰ পৰা বিষুৱীয় অঞ্চলললৈ বতাহ বৈ থাকে, তেতিয়া কৰিঅলিচ বলৰ বাবে উত্তৰৰ পৰা দক্ষিনলৈ বৈ অহা বতাহ কিছু পূৱ দিশলৈ যাবলৈ বাধ্য হয়। সেয়ে আমি সেই বতাহ খিনি উত্তৰ পূৱ হৈ বলা দেখিবলৈ পাওঁ।


(গ) ভূ-কেন্দ্ৰীয় বতাহ কি ? 

উত্তৰঃ বতাহৰ গতিবেগ আৰু দিশ প্ৰধানকৈ নিৰ্ভৰ কৰে বতাহ সৃষ্টিকাৰী বলৰ ওপৰত। যি বিলাক বলৰ বাবে বতাহৰ সৃষ্টি হয়, সেইবোৰ বলৰ ভিতৰত ঘৰ্ষন বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ ওপৰভাগত বেছি। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২-৩ কিলোমিটাৰ ওপৰত ঘৰ্ষন বলৰ প্ৰভাৱ নাই। এই উচ্চতাৰ বতাহক প্ৰধানকৈ চাপৰ ঢাল আৰু কৰিঅলিচ বলে নিয়ন্ত্ৰন কৰে। এই উচ্চতাত যেতিয়া সমচাপ বোৰ পোনহৈ যায় আৰু কোনো ধৰনৰ ঘৰ্ষনৰ সৃষ্টি হোৱা দেখা নাযায়, তেনে পৰিস্থিতিত চাপৰ ঢাল আৰু কৰিঅলিচ বলৰ মাজত এক সমস্থাপন হোৱা দেখা যায়। এই সময়ত বতাহ সমচাপ ৰেখাৰ সমান্তৰাল ভাৱে ৱৱলৈ আৰম্ভ কৰে।


(ঘ) স্থলবতাহ আৰু জলবতাৰ বাখ্যা কৰা । 

উত্তৰঃ আমি জানো যে সূৰ্য্যৰ তাপত মাটি আৰু পানি একেলগে গৰম নহয়। অৰ্থাৎ স্থলভাগ কম সময়ৰ ভিতৰত গৰম হয় আৰু জলভাগ লাহে লাহে গৰম হয়। দিনৰ ভাগত সূৰ্যৰ তাপত স্থলভাগ যেতিয়া গৰম হৈ পৰে তেতিয়া স্থলভাগৰ বায়ু উৰ্ধগামী হৈ নিম্ন চাপৰ সৃষ্টি কৰে। এই নিম্ন চাপলৈ তেতিয়া জলভাগৰ পৰা অৰ্থাৎ উচ্চচাপ অঞ্চলৰ পৰা বতাহ বৈ আহে। জলভাগৰ পৰা বৈ অহা এনে বতাহক জলবতাহ বোলা হয়। আনহাতে ৰাতিৰ ভাগত জলভাগতকৈ স্থলভাগে তাপ সোনকালে বিকিৰন কৰাৰ ফলত অধিক চেঁচা হৈ পৰে। তেতিয়া বায়ুৰ চাপৰ ঢাল মাটি ভাগৰ পৰা সাগৰৰ পানী ভাগলৈ প্ৰসাৰিত হয়, আৰু এনে বতাহক আমি স্থলবতাহ বুলি কওঁ।


৩. তলৰ প্ৰশ্নবিলাক প্ৰত্যেকৰে উত্তৰ ১৫০ টা শব্দৰ ভিতৰত দিয়া ঃ

(ক) বতাহৰ গতি আৰু দিশ নিৰ্ণয়কাৰী কাৰকবোৰ আলোচনা কৰা । 

উত্তৰঃ গতিশীল বায়ুক বতাহ বুলি কোৱা হয়। কিছুমান বিশেষ কাৰকৰ প্ৰবাৱতে বতাহ ববলৈ ধৰে আৰু সেই কাৰক বোৰে বতাহৰ গতিৰ লগতে দিশও নিৰ্ণয় কৰে। বতাহৰ গতি আৰু দিশ নিৰ্ণয় কৰা মূল কাৰন কেইটা হল-

১) বায়ুৰ চাপৰ পাৰ্থক্য বা চাপৰ ঢালৰ বল।

২) ঘৰ্ষন বল

৩) কৰিঅলিচ

বায়ুৰ চাপৰ পাৰ্থক্য বা চাপৰ ঢালৰ বলঃ পৃথিৱী পৃষ্ঠৰ সকলো ঠাই একে সময়তে উত্তপ্ত হৈ নুঠে। ইয়াৰ কাৰন ভূ-অৱয়বৰ পাৰ্থক্য অথবা সূৰ্য্যৰ ৰশ্মিৰ পৰিমানৰ পাৰ্থক্য। যি বিলাক অঞ্চলে সূৰ্য্যৰ ৰশ্মি বেছিকৈ লাভ কৰে সেইবোৰ ঠাই বেছি উত্তপ্ত হৈ পৰে ফলত চেঁচা অঞ্চলৰ পৰা উত্তপ্ত অঞ্চললৈ বতাহ বৱলৈ আৰম্ভ কৰে।

আনহাতে ভূ-পৃষ্ঠৰ ভূ-অৱয়ব এনে ধৰনৰ নহয়। কিছুমান অঞ্চলত ডাঠ অৰণ্য থকাৰ বিপৰীতে বহু অঞ্চল শুকান বালিময়। সেয়ে উত্তাপৰ তাৰতম্য অতি সহজে দেখিবলৈ পোৱা যায়। বায়ুমণ্ডলৰ এনে পাৰ্থক্যৰ বাবে চাপৰ পাৰ্থক্য দেখা যায়। আৰু চাপৰ ঢালৰ বাবে বতাহৰ সৃষ্টি হয়।

ঘৰ্ষন বলঃ ঘৰ্ষন বল আন এক কাৰক যিয়ে বতাহৰ গতি আৰু দিশ নিৰ্ণয় কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে। বতাহ যেতিয়া ভূ-পৃষ্ঠৰ ওপৰেৰে প্ৰৱাহিত হয় তেতিয়া ই নান অৱয়ৰ সংস্পৰ্শত আহে। সেয়ে ভূপৃষ্ঠৰ একেবাৰে নিম্নাংশত ঘৰ্ষণ বেছি। এই ঘৰ্ষন বল ১ৰ পৰা ৩ কিলোমিটাৰ মানলৈকে বেছি থাকে। আনহাতে সমুদ্ৰ পৃষ্ঠত ঘৰ্ষন বল আটাইতকৈ কম। সেয়ে সাগৰ পৃষ্ঠত বতাহ এক গতিত প্ৰৱাহিত হোৱা পৰিলক্ষিত হয়।

কৰিঅলিচঃ পৃথিৱীৰ আহ্নিক গতিৰ ফলত এক প্ৰকাৰ বলে ইয়াৰ বায়ুমণ্ডলৰ ওপৰত প্ৰভাৱ পেলায়, যাক কোৱা হয় কৰিঅলিচ বল। এই কৰিঅলিচ বলৰ বাবে উত্তৰ গোলাৰ্দ্ধত বতাহৰ দিশ সোঁফালে আৰু দক্ষিন গোলাৰ্দ্ধত বাওঁ ফালে বিচ্যুত হয়। কৰিঅলিচ বলৰ মান দুই মেৰু অঞ্চলত বেছি আৰু বিষুৱ ৰেখাত প্ৰায় শূণ্য পৰিলক্ষিত হয়।


(খ) পৃথিৱীৰ বায়ুসঞ্চালন দেখুৱাই এটা চিত্ৰ আঁকা । উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ ৩০° উঃ অক্ষাংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণবোৰ কি কি ? 

উত্তৰঃ পৃথিৱীক আৱৰি ৰখা বায়ুমণ্ডলে বায়ুমণ্ডলে বিভিন্ন সময় বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাম্বিত হৈ বতাহৰ সৃষ্টি কৰে। পৃথিৱীৰ উপৰিভাগত এই বতাহ বিলাকৰ নিৰ্দ্দিষ্ট কিছুমান স্থায়ী গতি বা দিশ আছে আনহাতে কেতিয়াবা কেতিয়াবা কোনো দিশ অনুসৰন নকৰাকৈ বায়ু সঞ্চলন হোৱা দেখা যায়।

উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ ৩০° উত্তৰ অক্ষাংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণবোৰ হল-

১) আন্তঃক্ৰান্তীয় অভিসাৰি মণ্ডলত বায়ু উৰ্দ্ধগামী হয় কিয়নো এই অঞ্চলত সূৰ্য্যৰ ৰশ্মি বছৰৰ সকলো সময়তে পোনপটিয়াকৈ পৰে বাবে বায়ুমণ্ডল বেছ উত্তপ্ত হয়। উত্তাপৰ বাবে বায়ু পৰিচলন প্ৰক্ৰিয়াৰে ওপৰলৈ উঠে আৰু এক নিম্ন চাপৰ সৃষ্টি কৰে। এই নিম্ন চাপ পুৰাবলৈ ক্ৰান্তীয় অঞ্চলৰ পৰা বায়ু আহে আৰু ই অভিসাৰি হয়। এই দৰে অভিসাৰি বায়ু প্ৰচলন প্ৰক্ৰিয়াৰে উৰ্দ্ধগামী হৈ প্ৰায় ১৮ কি.মি. ওপৰলৈকে বিস্তাৰিত হয় আৰু দুই মেৰুৰ দিশে গতি কৰে। ইয়াৰ ফলত ৩০° উত্তৰ আৰু আৰু দক্ষিন অক্ষৰেখাৰ ওচৰত বায়ুসঞ্চিত হৈ নিম্নগামী হয় আৰু উপক্ৰান্তীয় উচ্চাপ ৰ সৃষ্টি কৰে।

২) দ্বিতীয় সম্ভাব্য কাৰণ হল, যেতিয়া বায়ু ৩০° উত্তৰ আৰু দক্ষিন অক্ষাংশত উপনীত হয় তেতিয়া ই চেঁচা হৈ পৰে। ফলত বায়ু এই অঞ্চলত নিম্ন গামী হয় আৰু উচ্চ চাপ গঠন কৰে।

এই দুটা কাৰণৰ উপৰিও হেড্লী চাপ কক্ষ ফেৰেল কক্ষ আদিয়েও বায়ুমণ্ডলৰ বায়ু সঞ্চালনত বিশেষ ভূমিকা গ্ৰহন কৰা দেখা যায়।


(গ) ক্ৰান্তীয় ঘূৰ্ণীবতাহ সমূদ্ৰপৃষ্ঠত কিয় উৎপত্তি হয় ? ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কোন অংশত ধাৰাষাৰে বৰষুণ হয় আৰু বেগী বহতা ব'বলৈ ধৰে আৰু কিয় ? 

উত্তৰঃ ক্ৰান্তীয় ঘূৰ্নী বতাহ সমুদ্ৰ পৃষ্ঠত উৎপত্তি হোৱাৰ প্ৰধান কাৰন সমূহ হল-

(১)সাগৰ পৃষ্ঠ এক বিশাল আয়তন যুক্ত অঞ্চল। যত হাজাৰ হাজাৰ মাইল কোনো বাধাৰ প্ৰাচীন নাথাকে। অৰ্থাৎ ক্ৰান্তীয় ঘূৰ্নীবতাহ উৎপত্তি হবৰ বাবে যি সুবিধা কেৱল সাগৰ পৃষ্ঠতে পোৱা যায়।

(২) সম উত্তাপ অৰ্থাৎ ২৭° ছেলছিয়াচতকৈ অধিক উত্তাপ। এনে ধৰণৰ পৰিৱেশ কেৱল সমুদ্ৰ পৃষ্ঠতহে পোৱা যায়।

(৩) কৰিঅলিচ বলত ক্ৰিয়া।

(৪) উলম্ব দিশত বতাহৰ গতিৰ সামান্য তাৰতম্য এই অৱস্থা কেৱল সমুদ্ৰ পৃষ্ঠত হে বিৰাজমান

(৫) এক দূৰ্বল নিম্ন চাপযুক্ত অঞ্চল অথবা নিম্নস্তৰ ঘূৰ্ণীয়মান বায়ুপ্ৰবাহৰ অৱস্থিতি।

(৬) ক্ৰান্তীয় ঘূৰ্ণীবতাহ সমুদ্ৰ পৃষ্ঠত উৎপত্তি হোৱাৰ অন্য এটা অতি গুৰুত্ব পূৰ্ণ কাৰন হল ঘনীভৱন প্ৰক্ৰিয়া। বায়ু মণ্ডলৰ জলীয় বাষ্পৰ প্ৰধান উৎস হল জলভাগ বা সমুদ্ৰ পৃষ্ঠা। ঘূৰ্ণী বতাহক সক্ৰিয় কৰি তোলে জলীয় ঘনীভৱন প্ৰক্ৰিয়াৰ জৰিয়তে। সমুদ্ৰৰ পৰা অহা অহৰহ জলীয় বাষ্পই ঘূৰ্ণী বতাহক শক্তিৰ যোগান ধৰে। জলীয় বাষ্পৰ যোগান বন্ধ হোৱাৰ লগে লগে ই প্ৰায় নিশকটীয়া হৈ পৰে। সেয়ে ভূ-পৃষ্ঠৰ ক্ৰান্তীয় ঘূৰ্ণী বতাহবোৰ সমুদ্ৰ পৃষ্ঠত হে উৎপত্তি হয়। এটা পূৰ্ণাংগ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত তীব্ৰবেগী ঘূৰ্ণীবতাহ প্ৰৱাহিত হৈ থাকে, যাক চকু বোলা হয়। এই ঘূৰ্ণীয়মান বতাহৰ পৰিসৰ ১৫০ ৰ পৰা ২৫০ কি.মি. ব্যাসৰ হব পাৰে। চকুৰ চাৰিও ফালে পকনীয়া তাব্ৰবেগী বতাহৰ সুউচ্চ প্ৰাচীৰ সৃষ্টি হৈ সেই অঞ্চলত ধাৰাষাৰে বৰষুণ হয়।

ইতিমধ্যে আমি পাই আহিছো যে সাগৰ পৃষ্ঠৰ যি অংশত জলীয় ভাপৰ পৰিমান অধিক অথবা ঘনীভৱন বেছি তাতে ই অধিক সক্ৰিয় হোৱা দেখা যায়। সেয়েহে দেখা যায় ঘূৰ্ণীবতাহৰ এই অঞ্চলতেই বতাহ গতিবেগ বেছি আৰু বৰষুণৰ পৰিমানো যথেষ্ট বেছি।


প্ৰকল্প প্ৰস্তুতকৰণৰ দিহা (Project Work) 

(ক) বতৰ সৰ্ম্পকীয় তথ্যপাতি সংবাদমাধ্যম, যেনে - বাতৰিকাকত, টেলিভিছন, ৰেডিঅ' আদিৰ পৰা সংগ্ৰহ কৰি বত্তৰ প্ৰক্ৰিয়া বুজিবলৈ চেষ্টা কৰা ।

(খ) যিকোনো বাতৰিকাকতৰ বতৰ সৰ্ম্পকীয় শিতানটো পঢ়া য'ত উপগ্ৰহ চিত্ৰ সন্নিৱিষ্ট থাকিলে ভাল । আকাশৰ মেঘাচ্ছন্ন অঞ্চলবোৰ চিহ্নিত কৰা কৰা । মেঘৰ বিতৰণ চাই বতাহৰ গতি বুজিবলৈ চেষ্টা কৰা । যদি তোমাৰ টিভি চোৱাৰ সুবিধা আছে, তেনেহ'লে টিভিত দেখুওৱা আৰু বাতৰিকাকতত দিয়া বতৰৰ আগজাননী সঠিক আছিল তাক হিচাপ কৰি উলিওৱা



Type :  Priyam Jyoti Patar

Answered By : Leena Kakati

Post ID : DABP005450