Lesson: 10 

সংবিধানত অন্তৰ্নিহিত ৰাজনৈতিক দৰ্শন

ৰচনাধৰ্মী প্ৰশ্ন:

১।সংবিধানৰ সাৰ বিষয়বস্তুসমূহৰ বিষয়ে লিখা।

উত্তৰঃ সংবিধানৰ সাৰ বিষয়বস্তু তথা আদৰ্শ বা দৰ্শনৰ তৎকালীন উৎস হিচাপে নণ্ডিত জৱাহৰলাল নেহৰুৰ' উদ্দেশ্য সম্বলিত প্ৰস্তাৱ' ৰ কথা বিশেষভাৱে উল্লেখযোগ্য।সংবিধান খচৰা কমিটিয়ে "উদ্দেশ্য সম্বলিত প্ৰস্তাৱ" -ৰ আলমত এটা প্ৰস্তাৱনা যুগুত কৰি ইয়াত ভাৰতীয় সংবিধানৰ নীতি,লক্ষ্য আৰু দাৰ্শনিক ভিত্তিৰ ছৱি স্পষ্ট হয়। প্ৰস্তাৱটো হ'ল -আমি ভাৰতীয় জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম,সমাজবাদী,ধৰ্মনিৰপেক্ষ গণতান্থিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ়সংকল্প কৰি আৰু ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক ,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়,চিন্তা,বিশ্বাস,ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা,সম মৰ্যদা আৰু সম সুযোগ প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ মাজত ব্যক্তি মৰ্যদা,জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাতৃত্ববোধ বৃদ্ধি কৰিবলৈ আমাৰ এই সংবিধান সভাত আজি ১৯৪৯ চনৰ ২৬ নবেম্বৰ তাৰিখে এই সংবিধান গ্ৰহণ ,অধিনিয়মিত আৰু নিজকে অৰ্পণ কৰিলোঁ।

১।সাৰ্বভৌমত্বঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্যদা প্ৰদান কৰিছে।প্ৰস্তাৱনাত সংযোজিত সাৰ্বভৌমত্ব শব্দৰ জৰিয়তে ভাৰতবৰ্ষ যে আভ্যন্তৰীণ আৰু বাহ্যিক দিশত সম্পূৰ্ণ স্বাধীন তাক প্ৰতিপন্ন কৰিছে।

২।সমাজবাদীঃ ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ মাজত আয়, সম্পদ আৰু সম্পত্তিৰ সম বিতৰণ তথা সকলো ধৰণৰ শোষণৰ অৱসান ঘটাই  সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৪২ তম সংবিধান সংশোধানৰ জৰিয়তে "সমাজবাদী" ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰিব বিচৰা হৈছে।

৩।ধৰ্মনিৰপেক্ষঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ এটা মূল নীতি হ'ল ধৰ্মনিৰপেক্ষতা। 'ধৰ্মনিৰপেক্ষ'  শব্দটো ১৯৭৬ চনত ৪২ তম সংবিধানৰ জৰিয়তে এই শব্দটো প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছে।ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱাৰ মূলতে হ'ল ভাৰতবৰ্ষৰ সকলো জনসাধাৰণক উপাসনা আৰু ধৰ্মীয় কাৰ্য কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে।

৪।গণতন্ত্ৰঃ সংবিধানত সন্নিবিষ্ট থকা প্ৰস্তাৱনাৰ আন এটা নীতি হ'ল ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে।ভাৰতবৰ্ষত গণতান্ত্ৰিক পদ্ধতিৰ জৰিয়তে চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

৫।গণৰাজ্যঃ গণৰাজ্যত নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা থাকে অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে ক্ষমতাত অধিষ্ঠিত নহয়।সেই নীতিৰ আধাৰত প্ৰস্তাৱনাত 'গণৰাজ্য' শব্দটো সন্নিবিষ্ট কৰা হৈছে।


২।ভাৰতৰ সংবিধানত অন্তৰ্ভূক্ত থকা লক্ষ্য আৰূ আদৰ্শসমূহ বৰ্ণনা কৰা।  

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে নাগৰিকৰ অধিকাৰ সু-প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱনাৰ নীতিৰ লগত কেতবোৰ লক্ষ্য তথা আদৰ্শৰ বিষয়ে উল্লেখ কৰিছে।এই আদৰ্শ আৰু লক্ষ্যসমূহ হ'লঃ 

১।ন্যায়ঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ন্যায় প্ৰতিষ্ঠা কৰাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হৈছে।প্ৰস্তাৱনাত তিনি প্ৰকাৰৰ ন্যায় বৰ্ণিত আছেঃ (১)সামাজিক ন্যায় (২) অৰ্থনৈতিক ন্যায় (৩) ৰাজনৈতিক ন্যায় ।

২।স্বাধীনতাঃ ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তাৱনাত প্ৰতিজন নাগৰিকৰ চিন্তা,প্ৰকাশ,বিশ্বাস আৰু উপাসনাৰ স্বাধীনতা প্ৰদানৰ বিষয়ে বণ্টিত আছে।'স্বাধীনতা' হ'ল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা এটা আদৰ্শ।ভাৰতৰ প্ৰত্যেকজন নাগৰিকক নিজৰ বিশ্বাস অনুসৰি ধৰ্ম গ্ৰহণ ,ধৰ্ম চৰ্চা,প্ৰাৰ্থনা আৰু ধৰ্ম প্ৰচাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে।

৩।সমতাঃ  ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তাৱনাৰ আন এটা আদৰ্শ তথা লক্ষ্য হ'ল ভাৰতীয় নাগৰিকৰ মাজত সমতা স্থাপন কৰা।অস্পৃশ্যতা দূৰীকৰণ ,চৰকাৰৰ অধীনত নিযুক্তি তথা ভোটদানৰ ক্ষেত্ৰত সম-অধিকাৰ প্ৰদানৰ জৰিয়তে সমতা স্থাপনৰ প্ৰয়াস কৰা হৈছে।ইয়াৰোপৰি আইনৰ দৃষ্টিত সকলো সমান।

৪।ভ্ৰাতৃত্ববোধঃ ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তাৱনাৰ আন এটা আদৰ্শ তথা লক্ষ্য হ'ল 'ভ্ৰাতৃত্ববোধ' ।ইয়াত বিভিন্ন জাতি-উপজাতি,ধৰ্ম,ভাষা আদিৰ লোকে বাস কৰে।ইয়াৰ প্ৰত্যেকজন নাগৰিকে অনুভৱ কৰা প্ৰয়োজন যে তেওঁলোক হ'ল একে মাতৃভূমিৰ সন্তান।

৫।একতা আৰু অখণ্ডতাঃ প্ৰস্তাৱনাৰ আন এটা আদৰ্শ তথা লক্ষ্য হ'ল  জাতীয় একতাৰক্ষা কৰা তথা ৰাষ্ট্ৰীয় অখণ্ডতা অটুট ৰখা। ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে নাগৰিকসকলৰ মাজত বিবাদ আৰু অনৈক্য দূৰ কৰি জাতীয় একতাৰ সৃষ্টি তথা ৰাষ্ট্ৰীয় অখণ্ডতা সুৰক্ষিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰৰ সাবৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ জাতীয় একতা অতি বাঞ্চনীয়।


৩। ভাৰতীয় সংবিধানৰ অন্তৰ্নিহিত অন্তৰ্দৃষ্টিবোৰ (vision)বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলে অতিশয় দূৰদৃষ্টি সম্পন্ন বিচক্ষণ ৰাজনৈতিক পণ্ডিত আছিল।তেওঁলোকে সংবিধানখন ৰচনা কৰাৰ সময়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিল,যাতে সংবিধানখনে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে।সংবিধান ৰচকসকলে সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা কেতবোৰ শব্দই সংবিধানখনৰ সাৰ বিষয়বস্তুসমূহৰ অন্তৰ্দৃষ্টি প্ৰতিফলিত কৰিছে।

          সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখসাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য  বুলি উল্লেখ কৰিছে।তদুপৰি সকলো নাগৰিকক সামাজিক ,ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায়, চিন্তা, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা;মৰ্যাদা আৰু সুযোগৰ সমতা সুনিশ্চিত কৰাৰ বিষয়েও উল্লেখ কৰিছে।

                  ৰাষ্ট্ৰক  আভ্যন্তৰীণ  আৰু বাহ্যিক সকলো দিশত স্বাধীনভাৱে কাৰ্য পৰিচালনা কৰাৰ ক্ষমতা প্ৰদান কৰা ভাৰতবৰ্ষৰ সংবিধানৰ সাৰ বিষয়বস্তু। প্ৰস্তুাৱনাত সন্নিবিষ্ট গণতান্ত্ৰিক শব্দটোৰ জৰিয়তে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে দেশৰ শাসনকাৰ্য পৰিচালনা কৰা বুজাইছে।সংবিধানৰ প্ৰস্তুাৱনাত সন্নিবিষ্ট ন্যায়,স্বাধীনতা, সমতা,ভ্ৰাতৃত্ববোধ আদি নীতিসমূহৰ মাজত লুকাই আছে ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰাৰ পৰিকল্পনা।তাৰোপৰি ধৰ্মনিৰপেক্ষ শব্দটোৰ জৰিয়তে সকলো ধৰ্মালম্বী লোকৰ মাজত মিলাপ্ৰীতি অক্ষুন্ন ৰখা;সমাজবাদী শব্দৰ জৰিয়তে ধনী দুখীয়াৰ ব্যৱধান হ্ৰাস কৰি সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে।

      ভাৰতবৰ্ষৰ সংবিধানৰ সাৰ বিষয়বস্তুসমূহৰ অন্তৰ্দৃষ্টি হ'ল ভাৰতবৰ্ষক এখন সাৰ্বভৌম, গণতান্ত্ৰিক,  প্ৰজাতন্ত্ৰ, সমাজবাদী, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া আৰু জাতীয় ঐক্য তথা অখণ্ডতা অটুট ৰাখি এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰা।


৪। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাই অন্তৰ্দৃষ্টিসমূহক (vision) কেনেদৰে, বাস্তবায়িত কৰিবলৈ যত্নপৰ হৈছে লিখা।

উত্তৰঃ আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাই অন্তৰ্দৃষ্টিসমূহক (vision) বাস্তবায়িত কৰিবলৈ বিভিন্ন ধৰণে যত্নপৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিকভাৱে  প্ৰস্তাৱনাই ভাৰতবৰ্ষক সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্যদা প্ৰদান কৰিছে । ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ক্ষমতাত অধিষ্ঠিত কৰি ভাৰতবৰ্ষৰ অন্তৰ্দৃষ্টিৰ গণতান্ত্ৰিক চৰকাৰক বাস্তৱত ৰূপ দিছে। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাই অন্তৰ্দৃষ্টিসমূহক (vision) বাস্তবায়িত কৰাৰ বাবে গাওঁ পঞ্চায়তসমূহক সাংবিধানিক মৰ্যদা দিছে। ভাৰতবৰ্ষৰ আন এটা অন্তৰ্দৃষ্টি হ'ল সমাজবাদ প্ৰতিষ্ঠা কৰা।ইয়াৰোপৰি জমিদাৰী প্ৰথা বিলোপ ঘটাই সমাজবাদৰ ফালে এখোজ আগ বাঢ়িছিল। প্ৰত্যেকজন নাগৰিকে যাতে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় পায়, সেই বিষয়ত সংবিধানে নিশ্চিত কৰিছে। জনসাধাৰণৰ বিভিন্ন বিষয়ত যেনে- কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা , নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা, সংস্থা গঠন কৰাৰ স্বাধীনতা আদি বিভিন্ন স্বতন্ত্ৰতা দিয়াৰ ব্যৱস্থা কৰি ভাৰতৰ অন্তদৃষ্টি বাস্তৱ ৰূপ দিছে। ভাৰতীয় সংবিধানৰ ১৪ নং ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ ব্যৱস্থা কৰা হৈছে।

    এনেদৰে ভাৰতবৰ্ষৰ অন্তৰ্দৃষ্টি সমূহক বাস্তৱ ৰূপ দিয়াৰ বাবে আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাবিদসকলে যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে ।


৫। ভাৰতবৰ্ষৰ সংবিধানৰ ৰাজনৈতিক দৰ্শন বহলাই আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ ৰাজনৈতিক দৰ্শন তলত বহলাই আলোচনা  কৰা হ'লঃ

১। ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতৰ শাসন -ব্যৱস্থাৰ কাৰণে সাৰ্বভৌম গণৰাজ্য প্ৰণয়ন কৰা।

২। সাৰ্বভৌম স্বাধীন ভাৰতবৰ্ষ, ইয়াৰ অংগ ৰাজ্যসমূহ আৰু চৰকাৰৰ অংগসমূহে ক্ষমতা আৰু কৰ্তৃত্ব জনসাধাৰণৰ পৰা লাভ কৰিব।

৩। সংখ্যালঘু,অনুন্নত আৰু জনজাতীয় লোকসকল তথা অনগ্ৰসৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীভূক্ত লোকৰ প্ৰতি সুৰক্ষা প্ৰদান কৰা হ'ব।

৪। ভাৰতীয় গণৰাজ্যখনৰ ভূ-খণ্ডৰ অখণ্ডতা ৰক্ষা কৰা হ'ব আৰু ইয়াৰ স্থল, জল আৰু আকাশমাৰ্গৰ সাৰ্বভৌম কৰ্তৃত্ব ৰক্ষা কৰোঁতে ন্যায় আৰু সু-সভ্য জাতিসমূহৰআইন মানি চলা হ'ব।

৫। ইংৰাজ চৰকাৰৰ ৰাজত্বত -বৃটিছ ভাৰত ,দেশীয় ৰাজ্যসমূহ,বৃটিছ ভাৰতৰ বাহিৰত থকা ৰাজ্যক্ষেত্ৰ আৰু অন্যান্য ইচ্ছুক ৰাজ্যক্ষেত্ৰ লগলাগি স্বাধীন সাৰ্বভৌম ভাৰত গঠন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে সকলোকে সামৰি এখন সংঘ গঠন কৰা হ'ব।

। বিশ্বৰ এই প্ৰাচীন ভূখণ্ডই পৃথিৱীত যথোপযুক্ত আৰু সন্মানৰ আসন এখন লাভৰ বাবে তথা বিশ্ব -শান্তি আৰু মানৱ কল্যাণৰ বাবে স্ব -ইচ্ছাই বৰঙণি আগবঢ়াব।


*চমু উত্তৰৰ প্ৰশ্ন:

১।পণ্ডিত জৱাহৰলাল নেহৰুৰ 'উদ্দেশ্য সম্বলিত প্ৰস্তাৱ'ৰ তিনিটা মূল কথা লিখা।

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৰ 'উদ্দেশ্য সম্বলিত প্ৰস্তাৱ'ৰ তিনিটা মূল কথা হ'ল - 

১। ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতৰ শাসন -ব্যৱস্থাৰ কাৰণে সাৰ্বভৌম গণৰাজ্য প্ৰণয়ন কৰা।

২। সাৰ্বভৌম স্বাধীন ভাৰতবৰ্ষ,ইয়াৰ অংগ ৰাজ্যসমূহ আৰু চৰকাৰৰ অংগসমূহে ক্ষমতা আৰু কৰ্তৃত্ব জনসাধাৰণৰ পৰা লাভ কৰিব।

৩। সংখ্যালঘু,অনুন্নত আৰু জনজাতীয় লোকসকল তথা অনগ্ৰসৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীভূক্ত লোকৰ প্ৰতি সুৰক্ষা প্ৰদান কৰা হ'ব।


২। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলিলে কি বুজা ?  

উত্তৰঃ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলিলে ৰাষ্ট্ৰত সকলো জনসাধাৰণক উপাসনা আৰু ধৰ্মীয় কাৰ্য কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰাকে বুজায়।


৩। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত কেইপ্ৰকাৰৰ ন্যায়ৰ কথা উল্লেখ কৰিছে?ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত তিনিপ্ৰকাৰৰ ন্যায়ৰ কথা উল্লেখ কৰিছে।

১। সামাজিক ন্যায়ঃ ভাৰতীয় নাগৰিকক সামাজিক ন্যায় প্ৰদানৰ অৰ্থে সকলো লোকৰ বিচাৰৰ বাবে একেধৰণৰ আইন আৰু আদালতৰ ব্যৱস্থা কৰা হৈছে।আইনৰ চকুত সকলো নাগৰিকেই সমান ।সকলো ধৰণৰ অস্পৃশ্যতা বৰ্জন কৰাৰ লগতে অস্পৃশ্য আচৰণ কৰিলে অপৰাধ বুলি গণ্য কৰা হৈছে।

২। অৰ্থনৈতিক ন্যায়ঃ  প্ৰস্তাৱনাৰ আন এটা উল্লেখযোগ্য আদৰ্শ তথা লক্ষ্য হৈছে অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰা ।নাগৰিকক অৰ্থনৈতিক ন্যায় প্ৰদানৰ বাবে সমান কামৰ কাৰণে সমান মজুৰিৰ ব্যৱস্থা কৰা,মজুৰি দিয়াৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ মাজত বৈষম্য কৰা, ৰাষ্ট্ৰীয় আয় আৰু উৎপাদন সম-বিতৰণৰ জৰিয়তে শান্তিপূৰ্ণ উপায়েৰে সমাজবাদ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা।

৩। ৰাজনৈতিক ন্যায়ঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আন এক আদৰ্শ তথা লক্ষ্য হৈছে ৰাজনৈতিক ন্যায় প্ৰদান কৰা।ৰাজনৈতিক দিশত ন্যায় প্ৰতিষ্ঠা কৰাৰ  উদ্দেশ্য,জাতি,ধৰ্ম,বৰ্ণ,লিংগ নিৰ্বিশেষে প্ৰত্যেকজন প্ৰাপ্তবয়স্ক নাগৰিকক ৰাজনীতিত অংশগ্ৰহণ ,নিৰ্বাচনত প্ৰতিদ্বন্দিতা আৰু ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছে।


৪।সামাজিক ন্যায় বুলিলে কি বুজা?

উত্তৰঃ সামাজিক ন্যায় বুলিলে আইনৰ চকুত সকলো নাগৰিকেই সমান বুজায়।সকলো ধৰণৰ অস্পৃশ্যতা বৰ্জন কৰাৰ লগতে অস্পৃশ্য আচৰণ কৰিলে অপৰাধ বুলি গণ্য কৰা হয়।সকলো লোকৰ বিচাৰৰ বাবে একেধৰণৰ আইন আৰু আদালতৰ ব্যৱস্থা কৰাই হৈছে সামাজিক ন্যায় ।


৫। আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাই ভাৰতৰ অন্তৰ্দৃষ্টিবোৰ(vision)ৰূপায়ন কৰা দুটা উদাহৰণ দিয়া।

উত্তৰঃ আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাই ভাৰতৰ অন্তৰ্দৃষ্টিবোৰ(vision)ৰূপায়ন কৰা দুটা উদাহৰণ হ'লঃ

১। গাওঁ পঞ্চায়ত সমূহক সাংবিধানিক মৰ্যাদা দিয়া। ১৯৯২ চনত ৭৩ তম সংবিধান সংশোধন অনুসৰি পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰি মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ প্ৰয়াস বাস্তবায়িত কৰিছে।

২। সমাজবাদ প্ৰতিষ্ঠা কৰা।১৯৭৬ চনত ৪২ তম সংবিধান সংশোধনৰ জৰিয়তে সমাজবাদী শব্দটো সংবিধানত সংযোজিত কৰিছে।


অতি চমু  প্ৰশ্নৰ উত্তৰঃ

১।প্ৰস্তাৱনাত উল্লেখ থকা এটা সামাজিক মূল্যবোধ উল্লেখ কৰা।

উত্তৰঃ প্ৰস্তাৱনাত উল্লেখ থকা এটা সামাজিক মূল্যবোধ হ'ল    -সমতা।


২। ভাৰতৰ সংবিধানৰ এটা সাৰ বিষয়বস্তু উল্লেখ কৰা। 

উত্তৰঃ ভাৰতৰ সংবিধানৰ এটা সাৰ বিষয়বস্তু হ'ল -ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা।


৩। 'ধৰ্মনিৰপেক্ষ' শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনৰ জৰিয়তে সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ ধৰ্মনিৰপেক্ষ' শব্দটো সংবিধানৰ প্ৰস্তাৱনাত  ৪২ তম সংশোধনৰ জৰিয়তে সন্নিবিষ্ট কৰা হৈছে।


৪। ভাৰতবৰ্ষক কিয় 'গণৰাজ্য' বোলা হয়? 

উত্তৰঃ ভাৰতবৰ্ষত নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা থাকে অৰ্থাৎ  ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে ক্ষমতাত অধিষ্ঠিত নহয়।সেইবাবে  ভাৰতবৰ্ষক 'গণৰাজ্য' বোলা হয় ।


৫। সংবিধানৰ এটা লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ সংবিধানৰ এটা লক্ষ্য হ'ল- ভাৰবৰ্ষক এখন সাৰ্বভৌম হিচাপে প্ৰতিষ্ঠা কৰা।


৬। পঞ্চায়তী ৰাজ ব্যৱস্থাক কোন চনত সাংবিধানিক মৰ্যাদা দিয়া হৈছে?

উত্তৰঃ পঞ্চায়তী ৰাজ ব্যৱস্থাক  ১৯৯২ চনত সাংবিধানিক মৰ্যাদা দিয়া হৈছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answe by: Chandana Sarkar (M.A in Political Science) 




Post ID : DABP006626