অনুশীলনীঃ-

    👉Text Books PDF
    👉MCQ Answer
    👉MCQ Online Exam

১। কমলপ্ৰিয়া কোন? তেওঁ কোনে লিখা কোনটো গীত গাই চিলাৰায়ৰ মন মুহিছিল?

উত্তৰঃ- কমলপ্ৰিয়া আছিল শংকৰদেৱৰ ভতিজা জীয়েক আৰু চিলাৰায়ৰ এগৰাকী অন্য়তম প্ৰিয়তমা পত্নী। তেওঁ শংকৰদেৱে লিখা "পামৰু মন ৰামচৰণে চিত্ত দেহু। অথিৰ জীৱন ৰাম মাধৱকেৰি নামমৰণক সম্বল লেহু।।" কমলপ্ৰিয়াই গাই থকা এই গীতটিয়ে চিলাৰায়ৰ মন মুহিছিল।

২। কমলপ্ৰিয়াই চিলাৰায়ৰ ওচৰত কন্দা - কটা কিয় কৰিছিল ?

উত্তৰঃ- চিলাৰায়ৰ ককায়েক নৰনাৰায়ণ ৰজাই ব্ৰাহ্মণসকলক টুটকীয়া কথা শুনি শংকৰদেৱক ধৰি আনিবলৈ কঠোৰ সকীয়নি দিয়াত সেই কথা কমলপ্ৰিয়াই জানিব পাৰি চিলাৰায়ৰ ওচৰত কান্দি-কাটি কিবা এটা উপায় কৰিবলৈ অনুৰোধ কৰিছিল। 

৩। নৰনাৰায়ণ আৰু চিলাৰায়ৰ মাজত মনোমালিন্য কিয় হৈছিল ?

উত্তৰঃ- ৰজাই যেতিয়া খবৰ পাইছিল যে চিলাৰায়ে শংকৰদেৱক নিজৰ লগত ৰাখিছেহি তেতিয়া শংকৰদেৱক ৰজাৰ ওচৰলৈ পঠিয়াই দিবলৈ চিলাৰায়লৈ আদেশ পঠালে। চিলাৰায়ে ৰজাৰ কথা নুশুনিলে।ৰজায়ো নেৰে, চিলাৰায়েও নপঠিয়াই। এই লৈ নৰনাৰায়ণ আৰু চিলাৰায়ৰ মাজত মনোমালিন্য় হৈছিল। 

৪। চিলাৰায়ে নৰনাৰায়ণৰপৰা কি কি বস্তুৰ বিনিময়ত শংকৰদেৱক ৰাজসভালৈ পঠিয়াব বুলি কৈছিল  ?

উত্তৰঃ- ৰজাৰ মৰমৰ ঘোঁৰাটো আৰু তামুলিক পঠিয়াই দিলেই শংকৰদেৱক ৰাজসভালৈ পঠিয়াব বুলি চিলাৰায়ে কৈছিল।

 

Type Sumit Patar.

Author By- Himadree Bora




Post ID : DABP006667