জৈৱ-বৈচিত্ৰ আৰু সংৰক্ষণ

   --অনুশীলন --  


১। বিবিধ পচন্দৰ প্ৰশ্নাৱলী 

(i) জীৱ-বিচিত্ৰতাৰ সংৰক্ষণৰ প্ৰয়োজন হৈছে ঃ

(ক) জীৱ-জন্তুৰ কাৰণে       (খ) জীৱ-জন্তু আৰু উদ্ভিদৰ 

(গ) উদ্ভিদৰ কাৰণে      (ঘ) সকলো জীৱৰ কাৰণে

উত্তৰঃ  (ক) জীৱ-জন্তুৰ কাৰণে।

(ii) অনুৰক্ষিত প্ৰজাতিবোৰ হ'ল ঃ

(ক) যিয়ে আনক ভয় খুৱাই   (খ) সিংহ আৰু বাঘ 

(গ) সংখ্যাত অতি বেছি    (ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে

উত্তৰঃ (ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে। 

(iii) তলৰ কোনটো উদ্দেশ্য কাৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰ স্থাপন কৰা হৈছে ? 

(ক) আমোদ-প্ৰমোদ     (খ) চিকাৰ 

(গ) পোহনীয়া     (ঘ) সংৰক্ষণ

উত্তৰঃ (ঘ) সংৰক্ষণ।

(iv) জৈৱ-বৈচিত্ৰ তলৰ কোনটো অঞ্চলত অধিক 

(ক) ক্ৰান্তীয় অঞ্চল   (খ) মেৰু অঞ্চল 

(গ) ব্ৰাজিল   (ঘ) মহাসাগৰবোৰ

উত্তৰঃ (ক) ক্ৰান্তীয় অঞ্চল। 

(v) তলৰ কোনখন দেশত বিশ্ব সন্মিলন ( Earth Summit) অনুষ্ঠিত হৈছিল ? 

(ক) যুক্তৰাজ্য (U.K)      (খ) মেক্সিকো 

(গ) ব্ৰাজিল     (ঘ) চীনদেশ

উত্তৰঃ (গ) ব্ৰাজিল।

২। ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) জৈৱ-বিচিত্ৰতাৰ কি ?

উত্তৰঃ জৈৱ-বিচিত্ৰতাৰ এটা পদ্ধতি, যি প্ৰতি মুহূৰ্ততে ক্ৰমবিকাশৰ পথত আগবাঢ়ে, প্ৰজাতিৰ দৃষ্টিকোণৰ পৰা আৰু লগতে নিৰ্দিষ্ট প্ৰাণীৰ দৃষ্টিকোণৰ পৰা। জৈৱ-বিচিত্ৰতা দুটা শব্দৰ সংযোজনত হৈছে। এটা হ'ল জীৱ আনটো হ'ল বিচিত্ৰ। সাধাৰণ অৰ্থত জীৱ-বিচিত্ৰতা মানে কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত জীৱৰ সংখ্যা আৰু প্ৰকাৰক বুজায়। পৃথিৱী পৃষ্ঠৰ কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত থকা জীৱৰ সংখ্যা আৰু প্ৰকাৰক চমুকৈ জৈৱ বৈচিত্ৰতা বোলা হয়।

(ii) জীৱ-বিচিত্ৰতাৰ বেলেগ বেলেগ স্তৰবোৰ কি ?

উত্তৰঃ জীৱ-বিচিত্ৰতাৰ তিনিটা স্তৰ হ'ল-

(১) অনুবংশিক জৈৱ-বৈচিত্ৰ্য। 

(২) প্ৰজাতীয় সম্পৰ্কীয়।  

(৩) পৰিস্থিতি তন্ত্ৰীয়-বৈচিত্ৰ্যতা।


(iii) হটস্পটছ (hotspots) মানে কি ?

উত্তৰঃ পৃথিৱীৰ ওপৰিভাগত জৈৱ বিচিত্ৰতা সকলো ঠাইতে একে নহয়। আনহাতে জৈৱ বিচিত্ৰতা মানে হল কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত জীৱৰ সংখ্যা আৰু প্ৰকাৰৰ সমষ্টি। পৃথিৱীৰ ওপৰিভাগত কিছুমান অঞ্চল আছে, যি আন অঞ্চলতকৈ প্ৰজাতিৰ ক্ষেত্ৰত অধিক ধনী। যিবোৰ অঞ্চলত বেলেগ বেলেগ ধৰণৰ অধিক প্ৰজাতি দেখা যায় তাকে বিচিত্ৰ তাৰ হটস্পটছ্ বোলা হয়।


(iv) মানুহৰ কাৰণে জীৱ-জন্তুৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ এই পৃথিৱীৰ সকলো বস্তু মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। পৃথিৱীৰ কোনো এটা উপাদান নাথাকিলে বা নোহোৱা হলে মানৱ সমাজ অচল হৈ পৰিব অথবা মানৱ জীয়াই থকাটোৱে অসম্ভৱ হব। আনহাতে মানৱ জাতি নাথাকিলে কিন্তু পৃথিৱীৰ বিভিন্ন উপাদানসমূহৰ কোনো অনিষ্ট নহয় অথবা জীৱ-জন্তুবোৰ জীয়াই থকাত কোনো অসুবিধা নহব।

পৃথিৱীৰ নানা জীৱ জন্তু সমূহ এই বাবেই প্ৰয়োজন যিবোৰে মানুহৰ প্ৰয়োজনীয় বস্তু সমুহ উৎপাদন কৰে মানুহক যোগান ধৰে। খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি কাপোৰ-কানি, যান-বাহন, বিভিন্ন ঔষধ পাতি জীৱ-জন্তুৰ পৰাই মানৱ জাতিয়ে লাভ কৰে। আনহাতে মানুহে উৎপাদন কৰা অথচ মানুহৰ কামত নহা বস্তু কিছুমান জীৱ-জন্তুই ব্যৱহাৰ কৰি মানৱ জাতিক নিকা কৰি ৰাখে। সেয়ে মানুহ আৰু জীৱ-জন্তুৰ মাজত সম্পৰ্ক বৰ গুৰুত্বপূৰ্ণ দেখা যায়।


(v) বাহিৰৰ পৰা অহা প্ৰজাতি (exotic species) মানে কি বুজা ?

উত্তৰঃ আমি জানো যে পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন জৈৱ-বৈচিত্ৰতাৰে ভৰপুৰ। এনেকুৱা কিছুমান পৰিৱেশ আছে যত কিছুমান জীৱ-জন্তু বা প্ৰজাতি জীয়াই থকাটো বৰ কঠিন। তেনে পৰিস্থিতিত সেই প্ৰজাতিৰ জীৱক অন্য এটা পৰিৱেশত আনি ৰখা হয়। তেতিয়া তাক বহিৰাগত প্ৰজাতি বা বাহিৰৰ পৰা অহা প্ৰজাতি বুলি কোৱা হয়।


৩। ১৫০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) জৈৱ-বিচিত্ৰতাই, প্ৰকৃতিক আকৃতি দিয়াত (গঠন কৰাত) কি ধৰণৰ ভুমিকা পালন কৰিছে ? 

উত্তৰঃ পৃথিৱীখন বৈচিত্ৰৰে ভৰপুৰ এই ভৰপুৰ সম্ভৱ হৈছে জৈৱ বিচিত্ৰতাৰ বাবেহে পৃথিৱী পৃষ্ঠৰ বিভিন্ন অংশত নানা জৈৱ বিচিত্ৰতা পোৱা যায় বাবে পৃথিৱীখন ইমান সুন্দৰ দখা যায়। সেয়ে আমি কব পাৰো প্ৰকৃতিক আকৃতিক দিয়াত জৈৱ বিচিত্ৰ তাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

জৈৱ-বৈচিত্ৰতা ভিন্ন হোৱাৰ বাবে আমি মানুহকে আদি কৰি ভিন্ন জীৱ-জন্তু তথা গছ-গছনি বিভিন্ন পৰিৱেশত পোৱা যায়। উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব পাৰো-ভাৰতৰ উত্তৰ পূৱ অঞ্চল। এই অঞ্চলৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য হল অসম। এই অসমৰ মাটিত পোৱা যায় এক খিঙিয়া গড় যি বিধ প্ৰাণী পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়। সেই বাবে এই অঞ্চলৰ জৈৱ বৈচিত্ৰৰ এক সুকীয়া স্থান দেখা যায়। একেদৰে কেংগাৰু নামৰ প্ৰাণী বিধ কেৱল মাত্ৰ অষ্ট্ৰেলিয়া মহাদেশত হে পোৱা যায়। সেয়ে সেই মহাদেশৰ জৈৱ-বৈচিত্ৰ্যৰ আদৰ পৃথিৱীৰ সকলো ঠাইতে বিৰাজমান।

জেব্ৰা আৰু জিৰাফ নামৰ প্ৰাণী কেইবিধ আকৌ আফ্ৰিকা মহাদেশতহে পোৱা যায়। আফ্ৰিকাৰ বাদে পৃথিৱীৰ অন্য ঠাইত পোৱা নাযায়। সেয়ে এনেকুৱা ধৰণৰ প্ৰাণী কুলৰ বাবে সেই দেশৰ জৈৱ বৈচিত্ৰৰ আদৰ বিশ্বব্যাপি। ইয়াৰ লগত আমি আন এটা কথা উল্লেখ কৰিব পাৰো সেইটো হল উষ্ণ মৰুভূমিৰ কথা। এই এই মৰুভূমিবোৰত আমি প্ৰধান জীৱ দেখিবলৈ পাওঁ উট। যিয়ে তাত বসবাস কৰা মানুহক যান-বাহনৰ সুবিধা দিয়াৰ উপৰিও খাদ্যৰ যোগান ধৰে। ইয়াৰ উপৰিও মৰুভূমিত পানীৰ অভাৱৰ বাবে জোপোহা তথা বৃহৎ গছৰ পৰিবৰ্তে কাইটিয়া গছহে পোৱা যায়। যিয়ে তাৰ সুকীয়া জৈৱ-বৈচিত্ৰ গঠন কৰি আহিছে। শীতল মৰুভূমিবোৰত আকৌ অন্য জীৱজন্তু তথা গছ গছনি পোৱা যায় যিয়ে তাত বিশেষ জৈৱ-বৈচিত্ৰ গঠন কৰে। জীৱ-জন্তুৰ বাহিৰে গছ-গছনিৰ কথা উল্লেখ কৰিবলৈ দেখা যায় যে পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন জৈৱ-বৈচিত্ৰ গঠন কৰিছে। উদাহৰণত উল্লেখ কৰিব পাৰো ক্ৰান্তীয় অঞ্চলৰ কথা। এই অঞ্চলত যি জৈৱ বৈচিত্ৰ দেখিবলৈ পাওঁ, সমমণ্ডলীয় বা ঘাঁহনি অঞ্চলত তেনে বৈচিত্ৰ দেখিবলৈ পোৱা নাযায়।

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে পৃথিৱীৰ বিভিন্ন অংশত ভিন্ন জৈৱ-বৈচিত্ৰ বিৰাজমান। অৰ্থাৎ প্ৰকৃতিক আকৃতি দিয়াত জৈৱ-বৈচিত্ৰ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিয়নো জৈৱ-বৈচিত্ৰ বেলেগ হোৱা বাবে আমি বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ভূ-আকৃতিক প্ৰক্ৰিয়া তথাূ অন্য ক্ৰিয়া বেলেগ হোৱা দেখা পাওঁ। যিয়ে একলগ হৈ প্ৰকৃতিৰ আকৃতি গঠন কৰাত অৰিহণা যোগায়।

অৱশ্যে এইটো কথা উল্লেখ কৰিব লাগিব যে আকৃতি বেলেগ বেলেগ হোৱা বাবেহে নানা ঠাইত ভিন্ন জৈৱ-বৈচিত্ৰ্য বিৰাজমান। যদি গোটেই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ একে হলহেতেন, তেনে পৰিস্থিতিত আমি একে জৈৱ বৈচিত্ৰ্যহে পালো হেতেন। সেয়ে শেষত কব পাৰো, যে জৈৱ-বৈচিত্য আৰু প্ৰাকৃতিক গঠনৰ মাজত একে নিবিড় সম্পৰ্ক আছে। যাৰ বাবে এই পৃথিৱীখন দেখিবলৈ ইমান সুন্দৰ।


(ii) জৈৱ-বিচিত্ৰতাৰ ক্ষতিৰ কাৰণে কোনবোৰ কাৰক প্ৰধানকৈ জগৰীয়া ?  এই ক্ষতি নিৰ্মূল কৰাৰ কাৰণে কি ব্যৱস্থা লোৱা দৰকাৰ ?

উত্তৰঃ জৈৱ বৈচিত্ৰ তাৰ ক্ষতিৰ কাৰনে বহুতো কাৰকেই জগৰীয়া। যদিও তলত উল্লেখ কৰা কাৰকসমূহ বেছি পৰিমানে জগৰীয়া বুলি গণ্য কৰা হয়-

(ক) মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ। অৰ্থাৎ মানৱ জাতিয়ে নিজৰ তথা দেশৰ অৰ্থনৈতিক উন্নয়নৰ নামত প্ৰকৃতিক পোৱা সম্পদ বোৰৰ ব্যৱহাৰ এনে বাবে কৰিব লাগিছে, যিয়ে আমাৰ অজানিতে পৰিৱেশ বিনিষ্ট কৰিব লাগিছে। তাৰ ফলত জৈৱ-বৈচিত্ৰ তাৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

(খ) মানুহৰ কাৰ্য কৰ্মক আমি দুই ধৰনে বৰ্ণনা কৰিব পাৰো। (১) দৰিদ্ৰ শ্ৰেণীটোৱে জীয়াই থকাৰ তাড়নাত জৈৱ বৈচিত্ৰ তাৰ ক্ষতি কৰি আছে আৰু (২) ধনী শ্ৰেণীটোৱে আৰু বেছি ধনী হোৱাৰ লোভত জৈৱ বৈচিত্ৰ তাৰ ওপৰত ক্ষতি সাধন কৰি আছে।

(গ) তৃতীয়তে উল্লেখ কৰিব পাৰো বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন ন আৱিস্কাৰ কথা। যিয়ে এপালে মানুহৰ অৰ্থনৈতিক উন্নয়ন আনি দিছে সচাঁ, কিন্তু ইয়াৰ বিপৰীয়ে জৈৱ বৈচিত্ৰ তাৰ ওপৰত সমাধান কৰিব নোৱাৰা ক্ষতি কৰি আহিছে। উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি পাৰমাণৱিক আৱিস্কাৰ তথা তাৰ পৰীক্ষা সমূহৰ কথা।

(ঘ) মানুহৰ জনসংখ্যা বৃদ্ধিৰ ফলটো পৃথিৱীৰ বিভিন্ন দেশত বিশেষকৈ অনুন্নত দেশ সমূহত জৈৱ বৈচিত্ৰ তাৰ ক্ষতি সাধন হব লাগিছে।

প্ৰকল্প প্ৰস্তুতিৰ দিহা (Project Work) 

তোমা স্কুলখন যি ৰাজ্যত আছে সেই ৰাজ্যৰ উদ্যান, অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলবোৰৰ নাম সংগ্ৰহ কৰা আৰু ভাৰতৰ মানচিত্ৰত সেইচিত্ৰ সেইবোৰৰ অৱস্থান দেখুৱা । 


Type :  Priyam Jyoti Patar

Author: Himashree Bora & leena Kakati