অনুশীলনীঃ-

১। নৰনাৰায়ণ ৰজাই শংকৰদেৱক গোকুল, বৃন্দাবনৰ ছবি ক'ত আঁকি দেখুৱাবলৈ কৈছিল? শংকৰদেৱে ক'ত দেখুৱালে?

উত্তৰঃ- নৰনাৰায়ণে গোকুল, বৃন্দাবনৰ ছবি পটত অংকিত কৰি দেখুৱাবলৈ কৈছিল আৰু শংকৰদেৱে কাপোৰত বৈ দেখুৱালে। 

২। বৃন্দাবনী বস্ত্ৰৰ বিষয়ে এটি টোকা যুগুত  কৰাঁ ।

উত্তৰঃ- বৃন্দাৱনী বস্ত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত থাকোঁতে কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। সুদীৰ্ঘ ছটা মাহৰ অন্তত এই বৃন্দাবনী বস্ত্ৰখন বৈ উলিওৱা হৈছিল। এই বস্ত্ৰখন বৰপেটাৰ ওচৰৰ 'তাঁতীকুচি' নামৰ ঠাইত শাল পাতি বৈছিল। এই কাপোৰখনৰ বাবে ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহলকৈ বাঢ়ি কঢ়া হৈছিল। 

৩। বৃন্দাবনী বস্ত্ৰ দেখি নৰনাৰায়ণৰ কেনে লাগিছিল ? তেওঁ শংকৰদেৱক এই কামৰ পুৰস্কাৰ স্বৰূপে কি দিছিল ?

উত্তৰঃ- বৃন্দাবনী বস্ত্ৰ দেখি নৰনাৰায়ণৰ লগতে সকলো আচৰিত হ'ল। ই যে সাধাৰণ মানুহৰ কাম নহয় সেই কথা সকলোৱে উপলব্ধি কৰিলে। নৰনাৰায়ণৰ দুচকুৰে চকুলো নিগৰিল। এই কামত তেওঁ পৰম সন্তুষ্ট হৈ পুৰস্কাৰ স্বৰূপে ৰজাই নিজৰ ৰাজ্য়ৰপৰা দুশ বিঘা মাটি দান দিলে। ঘৰ-বাৰী সজাই দিয়ালে, শস্য়ৰ সৈতে পথাৰ দান কৰিলে।  

Type Sumit Patar.

Author By- Himadree Bora




Post ID : DABP006673