জনপ্ৰবজন প্ৰকাৰ, কাৰণ আৰু পৰিণতি | অধ্যায় ২ | Lesson 2 | Class 12 Geography Solution Assam | HS 2nd Year Geography Answer Assamese Medium



 জনপ্ৰবজন প্ৰকাৰ, কাৰণ আৰু পৰিণতি 

 অধ্যায়-২

_________________________________________


১। শুদ্ধ উত্তৰ বাচি উলিওৱা -

(i) ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কোনটো ?

(ক) শিক্ষা

(খ) ব্যৱসায়-বাণিজ্য

(গ) কৰ্ম আৰু নিয়োজন 

(ঘ) বিবাহ

উত্তৰঃ (গ) কৰ্ম আৰু নিয়োজন।

(ii) আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য কোনখন ?

(ক) উত্তৰপ্ৰদেশ

(খ) দিল্লী

(গ) মহাৰাষ্ট্ৰ

(ঘ) বিহাৰ

উত্তৰঃ (গ) মহাৰাষ্ট্ৰ।

(iii) তলত উল্লেখ কৰা কোনটো প্ৰব্ৰজনৰ সোঁত পুৰুষ প্ৰধান ?

(ক) গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ 

(খ) নগৰৰ পৰা গাঁৱলৈ

(গ) গ্ৰাম্যৰ পৰা নগৰলৈ

(ঘ) নগৰৰ পৰা নগৰলৈ

উত্তৰঃ (গ) গ্ৰাম্যৰ পৰা নগৰলৈ।

(iv) তলৰ কোনটো নৰপুঞ্জত অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা ক'ত আছে ?

(ক) মুম্বাই নগৰপুঞ্জ 

(খ) দিল্লী

(গ) বাংগালোৰ

(ঘ) চেন্নাই

উত্তৰঃ (ক) মুম্বাই নগৰপুঞ্জ।

২) তলত দিয়া প্ৰশ্নবোৰ ৩০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা ।

i) জীৱনজুৰি হোৱা প্ৰব্ৰজন আৰু বিগত বাসস্থনৰ ভিত্তিত হোৱা প্ৰব্ৰজনৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ জীৱনজুৰি হোৱা প্ৰব্ৰজন আৰু বিগত বাসস্থানৰ ভিত্তিত হোৱা প্ৰব্ৰজনৰ মাজত পাৰ্থক্য হৈছে-

(ক) জন্ম স্থান, যদি জন্মৰ স্থান বৰ্তমান থকা ঠাইতকৈ অন্য ঠাইত আছিল তেনেহলে সেই প্ৰব্ৰজন জীৱনজুৰি প্ৰব্ৰজন বুলি কোৱা হয়। আনহাতে, বাসস্থান, যদি বিগত বাসস্থান বৰ্তমানৰ পিয়লৰ সময়ত থকা বাসস্থানতকৈ বেলেগ\অন্য ঠাইত আছিল তেন্তে সেই বাসস্থানক বিগত বাসস্থানৰ প্ৰব্ৰজন বুলি কোৱা হয়।

(খ) জীৱনজুৰি অনুসৰি ইয়াৰ প্ৰব্ৰজনকাৰী প্ৰায় ৩০৭ নিযুত। আনহাতে, বিগত বাসস্থান অনুসৰি ইয়াৰ প্ৰব্ৰজনকাৰী ৩১৫ নিযুত।

ii) পুৰুষ/মহিলাৰ নিৰ্বাচিত প্ৰব্ৰজনৰ মূল কাৰণ কি?

উত্তৰঃ সকলো ধৰণৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজন পৃথক পৃথক কাৰণত হোৱা দেখা যায়। ভাৰতবৰ্ষৰ সৰ্বমুঠ প্ৰব্ৰজনৰ ৬৮.৪৩ শতাংশই মহিলা। এইসকলৰ ৬৫ শতাংশ অৰ্থাৎ দেশখনৰ মুঠ প্ৰব্ৰজনকৰ ৪৪.৪৮ শতাংশৰ প্ৰব্ৰজনৰ কাৰণ বিবাহযোগ্য় স্বামীগৃহ গমন। ইফালে ৰোজগাৰ, শিক্ষা, বাণিজ্য প্ৰভৃতি কাকৰসমূহৰ ক্ষেত্ৰত মহিলাতকৈ পুৰুষৰ প্ৰব্ৰজনহে অধিক হোৱা দেখা যায়। ২০০১ চনৰ লোকপিয়ল অনুসৰি পুৰুষ আৰু মহিলাৰ প্ৰব্ৰজনৰ পৰিসৰ দেখুৱা হ'ল-


iii) বয়স আৰু লিংগৰ সংৰচনাৰ ওপৰত গ্ৰাম্ৰ্য-নগৰীয়া প্ৰব্ৰজনে উৎস আৰু গন্তব্যস্থলত কেনে প্ৰভাৱ বিস্তৰ কৰিছে ?

উত্তৰঃ জনপ্ৰব্ৰজনে এখন দেশৰ জনসংখ্যাৰ পুনৰ বিতৰণৰ ক্ষেত্ৰত সহায় কৰে। গ্ৰাম্য-নগৰীয়া প্ৰব্ৰজনে নগৰীয়া অঞ্চলত জনসংখ্যা বৃদ্ধি কৰে। নিৰ্দিষ্ট বয়স আৰু কৌশলী ব্যক্তিৰ প্ৰব্ৰজনে গ্ৰামাঞ্চলত জনসংখ্যাৰ সংৰচনাত প্ৰভাৱ বিস্তাৰ কৰে। উত্তৰাঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পূব অঞ্চলৰ পৰা হোৱা উৎপ্ৰব্ৰজনে দিশকেইখনৰ জনসংখ্যাৰ বয়স আৰু লিংগ গঠনত ভাৰসাম্যতাত বিশেষ প্ৰভাৱান্বিত কৰিছে। প্ৰব্ৰজন হোৱা দেশবোৰতো এই প্ৰভাৱ বাৰুকৈ দেখা যায়। প্ৰব্ৰজকসকলে সমাজ পৰিৱৰ্তনৰ কাৰক হিচাপে কাম কৰে। নতুন প্ৰযুক্তি আৰু চিন্তাধাৰা, পৰিয়াল পৰিকল্পনা, নাৰী শিক্ষা আদি নগৰীয়া অঞ্চলৰ পৰা গ্ৰাম্য অঞ্চললৈ প্ৰসাৰিত হয়। প্ৰব্ৰজনৰ ফলত বিভিন্ন জাতি, জনগোষ্ঠীৰ সাংস্কৃতিক মিলন হয়। ইয়াৰ সুপ্ৰভাৱ হ'ল সমন্বিত সংস্কৃতিৰ বিকাশ, সংকীৰ্ণ মানসিকতাৰ পতন আৰু বহল ভিত্তিত তথা সকলোৰে সৈতে বিভিন্ন পৰিস্থিতিত মিলা-প্ৰীতি কৰিব পৰাৰ মানসিকতাৰ উদ্ভৱ। প্ৰব্ৰজনৰ কুপ্ৰভাৱ হ'ল প্ৰব্ৰজিত স্থানত আত্মপৰিচয়বিহীন হৈ সামাজিক শূন্যতাৰ সৃষ্টি হ'ব পাৰে আৰু ব্যক্তিৰ ক্ষেত্ৰত হীনমান্যতাত ভোগাৰ আশংকাত থাকে। অবিৰাম হীনমান্যতাত ভোগা লোকে অসামাজিক বৃত্তি যেনে অপৰাধ আৰু মাদকদ্ৰব্য সেৱনৰ প্ৰতি আকৃষ্ট হৈ সমাজৰ শান্তি-শৃংখলা ব্যাহত কৰিব পাৰে।

৩) ১৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

i) আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত ভাৰতত হোৱা পৰিণামবোৰ আলোচনা কৰা ।

উত্তৰঃ প্ৰব্ৰজিত লোকসকলে উৎস স্থানলৈ উপাৰ্জিত ধন পঠিয়াই দিয়ে। আন্তৰ্জাতিক প্ৰব্ৰজিত হোৱা লোকে পঠিওৱা ধন বিদেশী মুদ্ৰাৰ উৎস। ২০০২ চনত ভাৰতবৰ্ষই আন্তৰ্জাতিক প্ৰব্ৰজকৰ পৰা পোৱা ধনৰ পৰিমাণ হ'ল USS ১১ বিলিয়ন। পঞ্জাব, তামিলনাডু আৰু কেৰালাই আন্তৰ্জাতিক প্ৰব্ৰজনৰ পৰা পোৱা ধনৰ পৰিমাণ বিশেষ মন কৰিবলগীয়া। আন্তৰ্জাতিক মুদ্ৰাৰ তুলনাত দেশীয় মুদ্ৰাৰ পৰিমাণ উৎস স্থানত তাকৰীয়া যদিও ই আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ দিশত যথেষ্ট অৰিহণা যোগায়। প্ৰব্ৰজনকাৰীয়ে পঠিওৱা বৈদেশিক মুদ্ৰা খৰচ কৰা শিতানবোৰ হ'ল আহাৰ, ঋণ পৰিশোধ, চিকিৎসা ব্যয়, বিবাহ, সন্তানৰ শিক্ষা, গৃহ নিৰ্মাণ, কৃষি খণ্ডত বিনিয়োগ ইত্যাদি। বিহাৰ, উত্তৰপ্ৰদেশ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ আদিত এনেদৰে পঠিওৱা বৈদেশিক মুদ্ৰাই ৰাজ্যকেইখনৰ দৰিদ্ৰ জনগণৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে। উত্তৰ প্ৰদেশৰ পশ্চিমাংশত সেউজ বিপ্লৱৰ সাফল্যৰ অন্যতম কাৰক হ'ল প্ৰবাসীয়ে পঠিওৱা বৈদেশিক মুদ্ৰাৰ বিনিয়োগ। তদুপৰি অনিয়ন্ত্ৰিত প্ৰব্ৰজনে নগৰসমূহত অত্যধিক জনসংখ্যাৰ সৃষ্টি কৰি বহুতো সমস্যাৰ সৃষ্টি কৰিছে। ঔদ্যোগিক নগৰবোৰত বস্তি অঞ্চলৰ সৃষ্টি হৈ জনজীৱন দুৰ্বিসহ কৰি তুলিছে। মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, দিল্লী আদিত নগৰীয়া অঞ্চললৈ হোৱা প্ৰব্ৰজনে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছে। অত্যধিক জনপ্ৰব্ৰজনে নগৰীয়া অঞ্চলত উপলব্ধ সামাজিক আৰু অন্যান্য আন্ত:গাঁথনিত অধিক চাপৰ সৃষ্টি কৰে। ফলত নগৰীয়া অঞ্চলত অপৰিকল্পিত বাসস্থান আৰু বিস্তিত বস্তি অঞ্চল গঢ়ি উঠে। তদুপৰি, প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰৰ বাবে নগৰবোৰত ভূমিগত জলৰ নাটনি, বায়ু প্ৰদূষণ আৰু জাঁৱৰ-জোঁথৰ নিষ্কাশনৰ সমস্যা আদিয়ে বিৰূপ ধাৰণ কৰিছে।

ii) প্ৰব্ৰজনৰ ফলত হোৱা সামাজিক-জনসাংখ্যিক পৰিণামবোৰ কি ?

উত্তৰঃ জনপ্ৰব্ৰজনে এখন দেশৰ জনসংখ্যাৰ পুনৰ বিতৰণৰ ক্ষেত্ৰত সহায় কৰে। গ্ৰাম্য-নগৰীয়া প্ৰব্ৰজনে নগৰীয়া অঞ্চলত জনসংখ্যা বৃদ্ধি কৰে। নিৰ্দিষ্ট বয়স আৰু কৌশলী ব্যক্তিৰ প্ৰব্ৰজনে গ্ৰামাঞ্চলত জনসংখ্যাৰ সংৰচনাত প্ৰভাৱ বিস্তাৰ কৰে। উত্তৰাঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পূব অঞ্চলৰ পৰা হোৱা উৎপ্ৰব্ৰজনে দিশকেইখনৰ জনসংখ্যাৰ বয়স আৰু লিংগ গঠনত ভাৰসাম্যতাত বিশেষ প্ৰভাৱান্বিত কৰিছে। প্ৰব্ৰজন হোৱা দেশবোৰতো এই প্ৰভাৱ বাৰুকৈ দেখা যায়। প্ৰব্ৰজকসকলে সমাজ পৰিৱৰ্তনৰ কাৰক হিচাপে কাম কৰে। নতুন প্ৰযুক্তি আৰু চিন্তাধাৰা, পৰিয়াল পৰিকল্পনা, নাৰী শিক্ষা আদি নগৰীয়া অঞ্চলৰ পৰা গ্ৰাম্য অঞ্চললৈ প্ৰসাৰিত হয়। প্ৰব্ৰজনৰ ফলত বিভিন্ন জাতি, জনগোষ্ঠীৰ সাংস্কৃতিক মিলন হয়। ইয়াৰ সুপ্ৰভাৱ হ'ল সমন্বিত সংস্কৃতিৰ বিকাশ, সংকীৰ্ণ মানসিকতাৰ পতন আৰু বহল ভিত্তিত তথা সকলোৰে সৈতে বিভিন্ন পৰিস্থিতিত মিলা-প্ৰীতি কৰিব পৰাৰ মানসিকতাৰ উদ্ভৱ। প্ৰব্ৰজনৰ কুপ্ৰভাৱ হ'ল প্ৰব্ৰজিত স্থানত আত্মপৰিচয়বিহীন হৈ সামাজিক শূন্যতাৰ সৃষ্টি হ'ব পাৰে। আৰু ব্যক্তিৰ ক্ষেত্ৰত হীনমান্যতাত ভোগাৰ আশংকাত থাকে। অবিৰাম হীনমান্যতাত ভোগা লোকে অসামাজিক বৃত্তি যেনে অপৰাধ আৰু মাদকদ্ৰব্য সেৱনৰ প্ৰতি আকৃষ্ট হৈ সমাজৰ শান্তি-শংখলা ব্যাহত কৰিব পাৰে। 

 


Question type: Jyotismita Hazarika

Answer Type : Pompi Hazarika