মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান
প্রশ্ন ১। যেতিয়া প্ৰদত্ত আমদানি কার্য –
M = 50 + 0.4y হয়, তেতিয়া আমদানিৰ প্ৰতি প্ৰান্তিক আসক্তি কি হ’ব?
উত্তৰঃ যদি M = 50 + 0.4y
প্রান্তিক আমদানি প্রৱণতা হব 0.4
প্রশ্ন ২। মুক্ত অৰ্থনীতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ মুক্ত অৰ্থনীতিৰ সংজ্ঞা এনেদৰে দিব পাৰি যে যেতিয়া এখন দেশে অন্যান্য দেশৰ লগত দ্ৰব্য আৰু সেৱা কাৰ্যৰ বাণিজ্যসমূহ কোনো বাধা নথকাকৈ কৰিব পাৰে তাক মুক্ত বাণিজ্য বোলে।
প্রশ্ন ৩। শুদ্ধ নে অশুদ্ধ লিখা।
GDP ৰ অনুপাত হিচাপে মুঠ বৈদেশিক বাণিজ্য হ’ল এটা অৰ্থনীতিৰ মুক্ততাৰ মাত্ৰাৰ এক উমৈহতীয়া জোখ।
উত্তৰঃ শুদ্ধ।
প্রশ্ন ৪। 2006-07 বৰ্ষত, ভাৰতৰ বৈদেশিক বাণিজ্য আছিল GDP (মুঠ ঘৰুৱা উৎপাদনৰ) 34.9 শতাংশ, 1985-86 বৰ্ষত ই আছিল 20.9 শতাংশ। এই তথ্যৰ ভিত্তিত কোনটো বছৰত ভাৰতৰ অৰ্থনীতি অধিক মুক্ত আছিল কোৱা?
উত্তৰঃ 2006-07 বেছি অর্থনৈতিক মুক্ত আছিল।
প্রশ্ন ৫। শুদ্ধ নে অশুদ্ধ লিখা।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা কেন্দ্ৰীয় প্ৰাধিকৰণে প্ৰচলন কৰা একক মুদ্রা বৰ্তি আছে।
উত্তৰঃ শুদ্ধ।
প্রশ্ন ৬। পৰিশোধৰ সমতা কি?
উত্তৰঃ পৰিশোধ সমতা হ’ল এখন দেশে আন এখন দেশৰ মাজত থকা বৈদেশিক লেনদেনৰ হিচাবৰ প্ৰণালীবদ্ধ তথ্য।
প্রশ্ন ৭। পৰিশোধৰ সমতাৰ দুটা মূল হিচাপ কি?
উত্তৰঃ পৰিশোধৰ সমতাৰ মূল হিচাপ দুটা হ’ল-
(i) চলিত হিচাব। আৰু
(ii) মূলধনী হিচাব।
৮। এখন দেশৰ একেসময়তে বাণিজ্য ঘাটি আৰু চলিত হিচাপ উদ্বৃত্ত থাকিব পাৰেনে?
উত্তৰঃ পাৰে।
প্রশ্ন ৯। অদৃশ্য বাণিজ্য কি?
উত্তৰঃ ৰপ্তানিকৃত আৰু আমদানিকৃত সেৱাৰ সমতাই হৈছে অদৃশ্যমান বাণিজ্য।
প্রশ্ন ১০। হস্তান্তৰ পৰিশোধ কি?
উত্তৰঃ হস্তান্তৰ পৰিশোধ হ’ল যি পৰিশোধৰ বিনিময়ত কোনো মূল্য ঘুৰাই লোৱা নহয় তাক বুজায়।
প্রশ্ন ১১। বৈদেশিক বিনিময় বজাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ বৈদেশিক বিনিময় বজাৰ হ’ল য’ত এখন দেশৰ মুদ্ৰা অন্যান্য দেশৰ মুদ্ৰাৰ লগত সলনি কৰা হয় তাকে বৈদেশিক বিনিময় বজাৰ বোলে।
প্রশ্ন ১২। বৈদেশিক বিনিময় বজাৰৰ যিকোনো এটা প্রধান অংশগ্ৰহণকাৰীৰ উল্লেখ কৰা।
উত্তৰঃ বাণিজ্যিক বেংক।
প্রশ্ন ১৩। বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ যি হাৰত এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰাৰে মূল্য নিৰ্ধাৰণ কৰা হয়।
প্রশ্ন ১৪। “টকা-ডলাৰৰ বিনিময় হাৰ হ’ল 45 টকা’ – এই তথ্যই কি সূচায়?
উত্তৰঃ ওপৰৰ তথ্যটোৱে এটা ডলাৰৰ মূল্য মুদ্ৰাৰ মান 45 টকা বুজাইছে। সলনিৰ মূল্য
হ’ল ডলাৰত $145
প্রশ্ন ১৫। ক্রয় ক্ষমতা সাদৃশ্য কি?
উত্তৰঃ দুটা মুদ্ৰাৰ অন্তৰ্দেশীয় ক্ষয়-ক্ষমতাৰ হাৰক ক্ষয় ক্ষমতা সাদৃশ্য বোলে।
প্রশ্ন ১৬। প্রকৃত বিনিময় হাৰ কি?
উত্তৰঃ প্ৰকৃত মুদ্ৰাৰ হাৰ হৈছে দুখন দেশৰ চলিত দৰ স্তৰৰ কাৰণে সাল-সলনি কৰাৰ পিছত দুখন দেশৰ মুদ্ৰাৰ আপেক্ষিক কৰ।
প্রশ্ন ১৭। Y = C + I + G + NX, এই সমীকৰণটোত NX এ কি সূচাইছে?
উত্তৰঃ Y = C + I + G + NX সমীকৰণটোত NX য়ে নিগুট ৰপ্তানি সুচাইছে।
প্রশ্ন ১৮। শুদ্ধ নে অশুদ্ধ লিখা:
ইতিবাচক NX এ বাণিজ্য উদ্বৃত্তক সূচায়।
উত্তৰঃ শুদ্ধ।
প্রশ্ন ১৯। সঠিক শব্দটো বাছনি কৰা।
চৰকাৰী প্ৰচেষ্টাৰ মাজেৰে শিথিল বিনিময় হাৰৰ অধীনত ঘৰুৱা মুদ্ৰাৰ দাম হ্ৰাসক কোৱা হয় – (অৱক্ষয়/অবমূল্যায়ন /পুনৰ মূল্যায়ন)।
উত্তৰঃ অৱমূল্যায়ন।
প্রশ্ন ২০। বিভিন্ন দেশত একে ধৰণৰ দ্ৰব্যৰ দাম একেই হয় বোলা আন্তঃৰাষ্ট্ৰীয় বিনিময়ৰ সূত্ৰটোৰ নাম লিখা।
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বিনিময় মুদ্রা তত্ত্ব।
প্রশ্ন ২১। ‘দ্বৈত মৌদ্রিক বিনিময় হাৰ’ কি?
উত্তৰঃ কোনো এখন দেশৰ এটা মুদ্ৰাৰ বিপৰীতে আন এখন দেশৰ এটা মুদ্ৰাৰ বিনিময় হাৰ নিৰ্দেশ দিয়ে এনে বিনিময় হাৰক দ্বৈত হাৰ বুলি কোৱা হয়।
প্রশ্ন ২২। বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা।
উত্তৰঃ (i) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্রতিষ্ঠান।
(ii) ৰিজাৰ্ভ বেংক।
প্রশ্ন ২৩। তলত উল্লেখ কৰা শব্দ দুটাৰ অৰ্থনৈতিক ধাৰণা সম্পূৰ্ণকৈ লিখা—
NEER, REER
উত্তৰঃ NEER = (Nominal Exchange Rate) মৌদ্রিক সক্রিয় বিনিময় হাৰ।
REER (Real Effective Exchange Rate) প্রকৃত সক্ৰিয় বিনিময় হাৰ।
প্রশ্ন ২৪। সত্য নে অসত্য লিখা:
যদি প্রকৃত বিনিময় হাৰ একৰ সমান হয়, তেন্তে মুদ্ৰাবোৰ ক্ৰয় ক্ষমতাৰ সমতাত উপনীত হয়।
উত্তৰঃ সত্য।
প্রশ্ন ২৫। বৈদেশিক লেন-দেনৰ বিবৃতিৰ ভাৰসমতা মানে কি?
উত্তৰঃ যেতিয়া এখন দেশৰ মুঠ চলিত হিচাপ আৰু ইয়াৰ অনা – জমা মূলধনী হিচাপৰ যোগফল শূন্যৰ সমান হয়, তেতিয়া ইয়াক বৈদেশিক লেন-দেনৰ বিবৃতিৰ ভাৰসাম্যতা বোলে।
প্রশ্ন ২৬। বৈদেশিক লেন-দেনৰ বিবৃতিৰ তৃতীয় উপাদানটো কি?
উত্তৰঃ ভুল আৰু ত্ৰুটিবোৰ হ’ল বৈদেশিক লেন-দেনৰ বিবৃতিৰ লগত জড়িত তৃতীয় উপাদান।
প্রশ্ন ২৭। মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা।
উত্তৰঃ বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস হ’ল-
(i) দ্ৰব্য আৰু সেৱাৰ ৰপ্তানি। আৰু
(ii) ঘৰুৱা অৰ্থনীতিত বৈদেশিক বিনিয়োগ।
প্রশ্ন ২৮। পৰিশোধৰ সমতাৰ চলিত হিচাপত নিম্নলিখিত কোনকেইটা লেনদেন অন্তর্ভুক্ত হয়?
(ক) দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি।
(খ) শ্বেয়াৰ আমদানি আৰু ৰপ্তানি।
(গ) একপক্ষীয় হস্তান্তৰ।
(ঘ) ওপৰৰ সকলোবোৰ।
উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।
প্রশ্ন ২৯। পৰিশোধৰ সমতা আৰু বাণিজ্যিৰ সমতাৰ দুটা পার্থক্য লিখা।
উত্তৰঃ (ক) বাণিজ্যৰ সমতা পৰিশোধৰ সমতাৰ চলিত হিচাপৰ অন্তৰ্ভুক্ত হয়। কিন্তু পৰিশোধৰ সমতাত চলিত হিচাপ আৰু মূলধনৰ হিচাপ দুয়োটাই অন্তর্ভুক্ত হয়।
(খ) বাণিজ্যৰ সমতাই এখন দেশৰ আন্তৰাষ্ট্ৰীয় লেনদেনৰ আংশিক ছবিহে দাঙি ধৰে। কিন্তু পৰিশোধৰ সমতাই লেন-দেনৰ পূৰ্ণাংগ ছবি দাঙি ধৰে।
প্রশ্ন ৩০। বৈদেশিক বিনিময় বজাৰ কি?
উত্তৰঃ বৈদেশিক মুদ্ৰাৰ ক্ৰয় আৰু বিক্ৰয়ৰ আনুষ্ঠানিক ব্যৱস্থাক বৈদেশিক বিনিময় বজাৰ বোলে।
প্রশ্ন ৩১। স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা লিখা।
উত্তৰঃ (i) বিনিময় হাৰ এক নিৰ্দিষ্ট সময়ৰ বাবে স্থিৰ থাকে।
(ii) কেন্দ্রীয় বেংকে বিনিময় হাৰ নিয়ন্ত্ৰণ কৰে।
প্রশ্ন ৩২। বাণিজ্যিক সমতাত কেতিয়া ঘাটি সৃষ্টি হয়?
নাইবা,
বাণিজ্যিক সমতা হিচাপৰ ঘাটিয়ে কি বুজায়?
উত্তৰঃ এখন দেশৰ আমদানি ৰপ্তানিতকৈ অধিক হ’লে এনে অৱস্থাৰ সৃষ্টি হয়।
প্রশ্ন ৩৩। বাণিজ্যিক সমতাৰ ৰাহি কেতিয়া সৃষ্টি হয়?
উত্তৰঃ যেতিয়া এখন দেশৰ ৰপ্তানি আমদানিতকৈ অধিক হয়।