জলবায়ু


অনুশীলনী-

১. বহু পচন্দৰ প্ৰশ্নৱলি -

(ক) নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে ? 

১) অক্সিজেন                                    ২) নাইট্ৰ'জেন

৩) আৰ্গন                                          ৪) কাৰ্বন-ডাই-অক্সাইড ।

উত্তৰঃ (১) অক্সিজেন।


(খ)  মানুহৰ বাবে উপযোগী বায়ুমণ্ডল স্তৰটো হ'লঃ

১) স্তৰমণ্ডল                                      ২) ট্ৰ'পমণ্ডল 

৩) মেছ'মণ্ডল                                  ৪) আয়নমণ্ডল ।

উত্তৰঃ (২) ট্ৰ'পমণ্ডল


(গ)  সাগৰৰ নিমখ, পৰাগৰেণু, ছাই, ধোৱাৰ এলান্ধু, মিহি মৃত্তিকা -- এইবোৰৰ সন্মিলিত হৈ আছেঃ 

১) গেছ                                                  ২) ধূলিকণা 

৩) জলীয় ভাপ                                      ৪) পপীয়া তৰা 

উত্তৰঃ (২) ধূলিকণা।


(ঘ) বায়ুমণ্ডলৰ কিমান উৰ্ধ্বতম অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য ? 

১) ৯০ কিলোমিটাৰ                              ২) ১২০ কিলোমিটাৰ

৩) ১০০ কিলোমিটাৰ                          ৪) ১৫০ কিলোমিটাৰ

উত্তৰঃ (২) ১২০ কিলোমিটাৰ।


(ঙ) নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিব ওলাই যোৱা বিকিকৰণত অস্বচ্ছ ?  

১)  অক্সিজেন                                   ২) নাইট্ৰ'জেন 

৩) হিলিয়াম                                      ৪) কাৰ্বন-ডাই-অক্সাইড ।

উত্তৰঃ  ৪) কাৰ্বন-ডাই-অক্সাইড। 


(২) ৩০ টামান শব্দেৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।  

(ক) বায়ুমণ্ডল বুলি ক'লে কি বুজা ? 

উত্তৰঃ বায়ুমণ্ডল হল বিভিন্ন গেছৰ এক সংমিশ্ৰণ আৰু ই গোটেই পৃথিৱীখনক আৱৰি আছে। ই, জীৱজন্তুৰ বাবে জীৱন প্ৰদত্ত গেছ অক্সিজেন আৰু উদ্ভিদৰ বাবে কাৰ্বন ডাই অক্সাইড গেছৰ যোগান ধৰে।


(খ) বতৰ আৰু জলবায়ু উপাদান সমূহ কি কি ? 

উত্তৰঃ উত্তাপ, চাপ, বতাহ, আৰ্দ্ৰতা,ডাৱৰ আৰু বৃষ্টিপাত আদি কেইটাই হল বায়ুমণ্ডলৰ মূখ্য উপাদান যি সঘনে সালসলনি হোৱাৰ লগতে পৃথিৱীত মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। 


(গ) বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা বায়ুৰাশি, গেছ, জলীয়বাষ্প আৰু ধূলি-মাকতিৰে গঠিত। বায়ুমণ্ডলৰ ঊৰ্ধ্বতম স্তৰলৈ, গেছীয় পদাৰ্থবোৰৰ অনুপাতৰ পৰিৱৰ্তন এনেদৰে সংঘতটিত হয়যে, অক্সিজেন গেছৰ পৰিমাণ, ১২০ কিলোমিটাৰ উচ্চতাত তেনেই কমি যায়।


(ঘ) বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপ'মণ্ডলৰ গুৰুত্ব কিয় বেছি ? 

উত্তৰঃ বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপ'মণ্ডলৰ গুৰুত্ব বেছি কাৰণ ইয়াৰ গঢ় উচ্চতা হল ১৩ ট্ৰপমণ্ডল। মেৰু অঞ্চলত মোটামুটিকৈ ৮ কিলোমিটাৰলৈ বিয়পি আছে আৰু নিৰক্ষীয় অঞ্চলত ইয়াৰ উচ্চতা প্ৰায় ১৮ কিলোমিটাৰ। শক্তিশালী পৰিচলন বায়ু সোঁতে উত্তাপ, সু-উচ্চতম আকাশলৈ পৰিবাহিত কৰে বাবে বাবে নিৰক্ষৰেখাৰ ওচৰত ট্ৰপমণ্ডলৰ গাঢ়তা আটাইতকৈ বেছি। সকলো ধূলিকণা আৰু আৰ্দ্ৰতা এই স্তৰটোৱে সংগ্ৰহ কৰি ৰাখে। এই স্তৰটোতে, বতৰ আৰু জলবায়ুৰ সকলোবোৰ পৰিৱৰ্তন সাধিত হয়। এই মণ্ডলত প্ৰতি ১৬৫ মিটাৰ উচ্চতাত ১° ছেলছিয়াছকৈ উষ্ণতা কমি যায়। সকলোবোৰ প্ৰয়োজনীয় বায়বিক ক্ৰিয়া,এই স্তৰত সম্পন্ন হয়।


(৩) নিম্নলিখিত প্ৰশ্নকেইটাৰ প্ৰায় ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া ।

(ক) বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা বায়ুৰাশি, গেছ, জলীয়, জলীয়বাষ্প আৰু ধূলি-মাকতিৰে গঠিত। বিশেষতঃ নিম্নস্তৰৰ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ বিষয়ে জানিব পাৰি। বায়ুমণ্ডলৰ উৰ্ধ্বতম স্তৰলৈ, গেছীয় পদাৰ্থবোৰৰ অনুপাতৰ পৰিৱৰ্তন এনেদৰে সংঘটিত হয় যে, অক্সিজেন গেছৰ পৰিমাণ, ১২০ কিলোমিটাৰ উচ্চতাত তেনেই কমি যায়। একেধৰণে, কাৰ্বন-ডাই অক্সাইড আৰু জলীয় বাষ্পবোৰ, ভূ-পৃষ্ঠৰ-উপৰিভাগৰ পৰা কেৱল ৯০ কিলোমিটাৰ উচ্চতালৈহে থাকে। বতৰৰ কাৰ্য সম্পাদন কৰাৰ বাবে, কাৰ্বন ডাই অক্সাইড এক অপৰিহাৰ্য গেছ, কাৰণ সূৰ্যৰ পৰা আপতিত ৰশ্মি কাৰ্বন ডাই অক্সাইডে, স্বচ্ছ ভাৱে পাৰ হবলৈ দিয়ে, আনহাতে পাৰ্থিৱ বিকীৰিত ৰশ্মিৰ ক্ষেত্ৰত ই অস্বচ্ছভাৱে থাকে। পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপৰ এটা অংশ, এই গেছে শোষণ কৰি থয় আৰু আনটো অংশ ভূ-পৃষ্ঠভাগলৈ প্ৰতিফলিত কৰি ওভোটাই পঠিয়াই। এনেভাৱে তাপ আহৰণ কৰি ধৰি ৰাখি, সেউজঘৰ ৰ নিচিনাকৈ দায়িত্ব সম্পন্ন কাৰ্য কৰে। কিন্তু যোৱা কিছু দশকৰ পৰা বায়ুণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাইছে, আনহাতে যদিও অন্যান্য গেছবোৰ একেহাৰতে আছে। জীৱাশ্মলব্ধ ইন্ধন, বেছি দহন হৈ থকা বাবে, কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি গৈছে। আনকি, বায়ুমণ্ডলত, ই তাপমাত্ৰা ক্ৰমাগত বঢ়াই তুলিছে।


(খ) বায়ুমণ্ডলৰ গঠন সম্পৰ্কীয় উপযুক্ত এটা চিত্ৰ অংকন কৰা আৰু প্ৰত্যক্ষ কৰি বৰ্ণনা কৰা ।

উত্তৰঃ


Type :  Priyam Jyoti Patar

Answered by - Leena Kakati




Post ID : DABP006637