পৃথিৱীৰ জীৱ জগত

অনুশীলন


১। বহু পচন্দৰ প্ৰশ্ন ঃ 

(i) তলৰ কোনটো জীৱমণ্ডলৰ অন্তৰ্গত ? 

ক) কেৱল উদ্ভিদ    গ) কেৱল জীৱ-জন্তু

খ) জীৱিত আৰু মৃত সকলোবোৰ প্ৰাণী     ঘ) কোনোটোৱেই নহয়

উত্তৰঃ   ঘ) কোনোটোৱেই নহয়।


(ii) ক্ৰান্তীয় ঘাঁহনি অঞ্চলবোৰৰ আন এটি নাম 

ক) প্ৰেইৰী    গ) ষ্টেপছ

খ) ছাভানা  ঘ) কোনোটোৱেই নহয় 

উত্তৰঃ ) ছাভানা।


(iii) শিলাত অক্সিজেন আৰু লগ লাগি থাকিলে কি গঠন হয় ? 

ক) লৌহ-কাৰ্ব'নেট    গ) লৌহ অক্সাইড

খ) লৌহ নাইষ্টেট   ঘ) লৌহ ছালফেট 

উত্তৰঃ  গ) লৌহ অক্সাইড।


(iv) সালোক সংশ্লেষণৰ সময়ত, সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত পানীৰ সতে কাৰ্বন-ডাই-অক্সাইড লগ লাগি কি গঠন কৰে ? 

ক) প্ৰ'টিন     গ) কাৰ্বহাইড্ৰেটচ

খ) এমিন' এছিড   ঘ) ভিটামিন 

উত্তৰঃ গ) কাৰ্বহাইড্ৰেটচ।


২। তলত দিয়া প্ৰশ্নবোৰ ৩০ টা শব্দৰ ভিতচৰত উত্তৰ দিয়া । 

i)  পৰিস্থিতি বিদ্য়া বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ অথবা ইয়াৰ কোনো এটা অংশৰ বা নিচেই সৰু অঞ্চল এটাৰ জৈৱিক আৰু অজৈৱিক ঘটকৰ সমষ্টিক পৰিস্থিতি বিদ্যা বোলা হয়। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অঞ্চলত বিভিন্ন পৰিৱেশ বিৰাজমান। সেয়ে কোনো এক অঞ্চলত থকা জীৱিত প্ৰাণীৰ অজৈৱিক কাৰকৰ লগত এক আৱাসিক অঞ্চলত পৰস্পৰ ক্ৰিয়াৰ ফলত এক শক্তিৰ উৎপত্তি ধাৱিত হয়। এই ক্ৰিয়া ঠাই ভেদে বেলেগ হোৱা দেখা যায়। যি বিদ্যাই এই সমূহৰ বিষয়ে অধ্যয়ণ কৰে তাকেই চমুকৈ পৰিস্থিতি বিদ্যা বোলা হয়।

ii) পৰিস্থিতিতন্ত্ৰ কি ? পৃথিৱীৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰবোৰ চিহ্নিত কৰা ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কোনো এক অঞ্চলত এক শ্ৰেণীৰ জীৱিত প্ৰাণীৰ কাৰকৰ লগত এক আৱাসিক অঞ্চলত পৰস্পৰ ক্ৰিয়াৰ ফলত এক শক্তিৰ উৎপত্তি ধাৱিত হয় আৰু তাত মাটি,পানী, বায়ুত এক উৎপাদন চক্ৰৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াক পৰিস্থিতি তন্ত্ৰ বোলা হয়।

পৃথিৱীৰ বিভিন্ন অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ একে ধৰণৰ নহয় বাবে, বিভিন্ন অঞ্চলত আমি বিভিন্ন পৰিস্থিতি তন্ত্ৰ দেখিবলৈ পাওঁ। পৰিস্থিতি তন্ত্ৰ মুখ্যভাৱে দুই প্ৰকাৰৰ-

(ক) স্থলজ পৰিস্থিতিতন্ত্ৰ

(খ) জলজ পৰিস্থিতিতন্ত্ৰ


iii) খাদ্যশৃংখল বুলিলে কি বুজা ? ঘাঁহনি খাদ্যশৃংখলত বিৰাজ কৰা বিভিন্ন স্তৰবোৰ চিনাক্ত কৰা ।

উত্তৰঃ কোনো এক প্ৰাকৃতিক পৰিৱেশত বসবাস কৰা জীৱ জন্তু আৰু গছ-গছনিয়ে বিশেষ প্ৰক্ৰিয়াৰে যেতিয়া এক বান্ধোনত থকা দেখা যায় তেনে প্ৰক্ৰিয়াক শৃংখল বোলা হয়। যেতিয়া সেই জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰে খাদ্যৰ জৰিয়তে এক শৃংখল সৃষ্টি কৰে তাক খাদ্য শৃংখল বোলা হয়।

iv) খাদ্যজাল (food web) বুলিলে কি বুজা ? উদাহৰণ দিয়া । 

উত্তৰঃ খাদ্যজালে ইটো-সিটোৰ লগত জড়িত হৈ পৰে। এই ধৰণৰ প্ৰজাতিৰ ভিতৰত পাৰস্পৰিক সম্পৰ্কক খাদ্যজাল বুলি কোৱা হয়। উদাহৰণ হ'ল- ঘাঁহনি খাদ্যশৃংখল আৰু ক্ষয়যুক্ত খাদ্যশৃংখল।

v) বায়'ম (biome) কি ? 

উত্তৰঃ বায়'ম মানে জীৱিত প্ৰাণী।

৩। তলত দিয়া প্ৰশ্নবোৰ ১৫০টা শব্দত উত্তৰ দিয়া ।

i) জৈৱ ভূ-ৰাসায়নিক চক্ৰ (bio geo-chemical cycle) কি ?  বায়ুমণ্ডলত নাইট্ৰজেন যৌগিকীকৰণ (Fixation) কেনেকৈ হয় বৰ্ণনা কৰা ।

উত্তৰঃ পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় সকলোখিনি শক্তি সূৰ্যৰ পৰাই আহৰণ কৰি আহিছে। সূৰ্যৰ এই তাপ শক্তিৰ ওপৰতেই সকলো জীৱ-জন্তু নিৰ্ভৰশীল। সূৰ্যৰ এই শক্তিয়ে জীৱ জগতৰ সকলো কাম কাজ আগুৱাই লৈ যোৱাত মূখ্য ভূমিকা গ্ৰহন কৰে। পৃথিৱীৰ ওপৰত বিভিন্ন প্ৰকাৰৰ জীৱ পোৱা যায়। এই জীৱ সমূহ জীয়াই থাকে বিভিন্ন পৰিস্থিতিৰ মাজত আৰু জীয়াই থকা এই পদ্ধতিটোত এটা গতানুগতিক শক্তিৰ গতি, পানীৰ গতি আৰু পৰিপুষ্ঠতাৰ গতি বিৰাজমান। এই গতি পৃথিৱীৰ বিভিন্ন অংশত বেলেগ বেলেগ ধৰনে দেখা পোৱা যায়, বিশেষকৈ বছৰৰ বিভিন্ন ঋতুত স্থানীয় বিভিন্ন পৰিস্থিতিৰ লগত খাপ খুৱাই থাকে। বিভিন্ন অধ্যয়নৰ পৰা গম পোৱা গৈছে যে বায়ুমণ্ডল আৰু জলমণ্ডল প্ৰায় একে ধৰনে ৰাসায়নিক মিশ্ৰণত সমতা ৰক্ষা কৰি আছে। জীৱিত প্ৰাণী সমূহে চক্ৰাকাৰৰ জৰিয়তে ৰাসায়নিক উপাদান সমূহ শুহি লয় আৰু ই পুনৰায় মিহলি হৈ যোৱা পদ্ধতিৰে বতাহ, পানী আৰু মাটিলৈ উভতি আহে। এই চক্ৰাকাৰ পদ্ধতি বহুতো পৰিমাণে সূৰ্যৰ আপতনৰ জৰিয়তে শক্তিশালী হয়। এই চক্ৰাকাৰ পৰিবৰ্তনৰ জৰিয়তে জীৱমণ্ডলত প্ৰাণীজীৱ আৰু পৰিৱেশৰ মাজত এক প্ৰক্ৰিয়া সম্পাদন হয়। এই প্ৰক্ৰিয়াক বা চক্ৰটোক জৈৱ-ভূ-ৰাসায়নিক চক্ৰ বোলা হয়।

বায়ুমণ্ডলত নাইট্ৰোজেন যোগিকীকৰণঃ বায়ুমণ্ডলত থকা বিভিন্ন পদাৰ্থৰ ভিতৰত নাইট্ৰোজেনৰ পৰিমান ৭৯ শতাংশ। অৰ্থাৎ ইয়াৰ পৰিমান অন্য পদাৰ্থৰ তুলনাত যথেষ্ট বেছি। সেয়ে ইয়াৰ উৎপাদন যি কোনো পৰিৱেশত সহজে হোৱা দেখা যায়। মাটিৰ বেক্টেৰিয়া, নীলা-সেউজীয়া এলগিয়ে যথেষ্ট পৰিমানে নাইট্ৰজেন পোনে পোনে উৎপাদন কৰে। জানিব পৰা গৈছে যে প্ৰায় ৯০ শতাংশ নাইট্ৰোজেন বায়ুমণ্ডলত যোগ হয় বিভিন্ন জৈৱিক মূলৰ পৰা। আনহাতে মুক্ত নাইট্ৰজেনৰ প্ৰধান উৎস হল মাটিৰ জৈৱ কণিকাৰ ক্ৰিয়াৰ লগত গছ-গছনিৰ শিপাৰ মিশ্ৰন। ইয়াৰ উপৰিও বিজুলী ঢেৰেকনি আৰু কছমিক বিকিৰণৰ জৰিয়তে বহু পৰিমানৰ নাইট্ৰোজেন বায়ুমণ্ডলত যোগ হয়। বহুতো সাগৰীয় প্ৰাণীয়েও সাগৰত নাইট্ৰজেন এৰি দিয়া দেখা যায়। তৃণভোজী জীৱ জন্তুৱে গছ-গছনি ভক্ষণ কৰি যেতিয়া সেইবোৰ মলত্যাগ কৰে, তাৰ পৰাও বহু পৰিমানে নাইট্ৰোজেন বায়ুমণ্ডলত যোগহোৱা দেখা যায়। বায়ুমণ্ডলত নাইট্ৰোজন যৌগিকীকৰন চক্ৰটো চিত্ৰ আকি দেখুৱাই দিয়া হল।


ii) পৰিস্থিতিক ভাৰসাম্য কি ? পৰিস্থিতিক ভাৰসম্য বিনষ্ট নহ'বলৈ কি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ প্ৰয়োজন ? 

উত্তৰঃ কোনো এক ভৌগোলিক অঞ্চলত বসবাস কৰা বিভন্ন উপাদান জৈৱিক আৰু অজৈৱিক সমুহৰ মাজত থকা স্বাভাৱিক চলন শক্তি যুক্ত সমান ভাৰ থকা এটা সমস্বত্ববাদী জৈৱিক আচৰণক পৰিস্থিতিক ভাৰসাম্য বোলা হয়।

পৃথিৱীৰ নিজা এটা বহন ক্ষমতা আছে। ঠিক একেদৰে ইয়াৰ উপৰিভাগৰ কোনো এক ভৌগলিক অঞ্চলত থকা বিভিন্ন উপাদান সমুহৰ মাজত এক গো-শৃংখল প্ৰক্ৰিয়া থাকে, যিয়ে পৰিৱেশৰ প্ৰতিটো উপাদান বৰ্তি থকাত পৰস্পৰে পৰস্পৰক সহায় কৰে। অৱশ্যে সময়ৰ পৰিবৰ্তনৰ লগে লগে উপাদান বোৰৰ ক্ৰমগত পৰিৱৰ্তন হোৱাও দেখা যায়। যাক এক প্ৰাকৃতিক অনুক্ৰম বুলি গণ্য কৰা হয়।

কোনো এক ভৌগোলিক ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমানৰ উপাদান তাকে, যিয়ে সেই ক্ষেত্ৰৰ সমতা ৰক্ষা কৰে। যাক আমি পৰিস্থিতিৰ ভাৰসাম্যতা বুলি উল্লেখ কৰিব পাৰো। যদি কিবা কাৰনত উপাদান সমূহৰ ভিতৰৰ কিছুমানৰ পৰিমাণ কম বা বেছি তেনেহলে সেই ক্ষেত্ৰৰ সমতাত আউল লাগিব আৰু আহি পৰিব অ-ভাৰসাম্যতা উদাহৰণ স্বৰূপে আমি উল্লেখ কৰিব পাৰো যে, কোনো এক বিস্তীৰ্ণ ঘাঁহনি অঞ্চলত নানা তৃৰ্ণভোজী জন্তু বসবাস কৰে যাৰ সংখ্যা যথেষ্ট বেছি। আনহাতে তেনেকুৱা ঘাঁহনি অঞ্চলতেই বসবাস কৰে মাংসভোজী  জন্তু সমূহ যাৰ সংখ্যা যথেষ্ট নহয় আৰু তৃণভোজী জন্ত চিকাৰ কৰি যায় জীয়াই থাকে। সেয়ে তেনে ঘাঁহনি অঞ্চলত থকা প্ৰাণী সমূহৰ মাজত এক ভাৰসাম্য বিৰাজমান। যদি হৰিণাৰ সংখ্যা কমি গৈ বাঘৰৰ সংখ্যা বাঢ়ি গলহেতেন তেন্তে বাঘবোৰে খাদ্যৰ অভাৱত নিঃশেষ হৈ গলহেতেন। যাক আমি কব পাৰো অ-ভাৰসাম্য অৱস্থা। সেয়ে প্ৰকৃতিয়ে নিজেই তাৰ পৰিৱেশ সদায় এক ভাৰসাম্যতা বিজুতিয়ে বিৰাজ কৰিছে।


প্ৰকল্প প্ৰস্তুতকৰণৰ দিহা (Project work) 

 i) পৃথিৱীৰ এখন মানচিত্ৰ অংকণ কৰি তাত মুখ্য বায়'ম কেইটাৰ বিতৰণ দেখুৱা আৰু প্ৰত্যেকৰেই বৈশিষ্ট্যবোৰ উল্লেখ কৰা । 

ii) তোমাৰ পঢ়াশালী চৌহদত থকা বিভিন্ন গছ, জোপোহা আৰু বিভিন্ন ঋতুত হোৱা উদ্ভিদবোৰৰ এখন তালিকা প্ৰস্তুত কৰা । বাগিছাখনলৈ কোন কোন ঋতুত কি কি চৰাইৰ আগমন হয় মন কৰা বিহঙ্গবোৰৰ বৈচিত্ৰ বৰ্ণণা কৰিব পাৰিবানে ? 


Type :  Priyam Jyoti Patar

Author: Leena Kakati