ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | Rupkuwar Jyoti Prasad Aarwala | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষয় চমু বৰ্ণনা।


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা


    নৱ-বৈষ্ণৱ যুগৰ একশৰণ নাম ধৰ্ম" প্ৰচাৰ কৰা শ্ৰীমন্ত শংকৰদেৱৰ পিচৰ মহান ব্যক্তিজনেই হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

    তেজপুৰৰ আগৰৱালা পৰিয়ালত ১৯০৩ চনত তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম হয়। দেউতাকৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰন্ময়ী দেৱী। সাত বছৰলৈকে তেখেতে তেজপুৰ হাইস্কুল পঢ়িছিল। তাৰ পিছত ডিব্ৰুগড়ৰ জৰ্জ হাইস্কুলত আৰু ইয়াৰ পিচত তেজপুৰ জাতীয় বিদ্যাপীঠত ভৰ্ত্তি হৈ ১৯২১ চনত কলিকতাত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। ১৯২৬ চনত উন্নত শিক্ষাৰ বাবে বিলাতলৈ যাত্ৰা আৰম্ভ কৰে। ১৯৩০ চনত তেওঁ উভতি আহে। ১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত বিৱাহপাশত আৱদ্ধ হয়। ১৯৩২ চনত তেখেতে কাৰাবাস খাটে। ১৯৩৫ চনত প্ৰথম অসমীয়া বোলছবি জয়মতি আৰু ১৯৩৯ চনত ইন্দ্ৰমালতী নিৰ্মাণ কৰে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৪৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।


Sri Pallab Jyoti Bora 

Morigaon (Assam)