দেশভক্ত তৰুণৰাম ফুকন 

দেশভক্ত তৰুণৰাম ফুকন
দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে (1877-1939)


চমু পৰিচয়ঃ ১৮৭৭ চনত গুৱাহাটীৰ ভৰলুমুখত দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হয়। তৰুণৰাম ফুকনৰ পিতৃৰ নাম আছিল বলোৰাম ফুকন, মাকৰ নাম ভাগিৰথী দেৱী।

    তৰুণৰাম ফুকন পঢ়া-শুনাতো বৰ ধাউতি আছিল। তেখেতে অতিশয় মেধাৱী, তীক্ষ্ণ বুদ্ধিৰ আৰু প্ৰতিভাশালী ছাত্ৰ আছিল। কটন কলেজিয়েটত পঢ়ি থকাৰে পৰা বৃত্তি লাভ কৰি নানা খেল-ধেমালি, গীত-বাদ্য়ত অনুৰাগী আৰু পঢ়া অৱস্থাতে বাগ্মী পুৰুষৰ পৰিচয় দিছিল।

    ১৫ বছৰ বয়সতে সুখ্য়াতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা এফ-এ-পাচ কৰে। তৰুণৰাম  ফুকনে ধাৰ কৰি ১৯০১ চনত বিলাতলৈ পঢ়িবলৈ যায়। তাত বেৰিষ্টাৰ পাচ কৰি তেখেত অসমৰ বেৰিষ্টাৰ হয়। তেখেত অসমৰ তৃতীয়জন বেৰিষ্টাৰ।

    তেখেতে প্ৰথমতে কলিকতা উচ্চ ন্য়ায়ালত ওকালতি কৰি তেখেতে পৰশুৰামৰ কন্য়া বিদ্য়ুৎ প্ৰভাৱ লগত বিবাহ পাশত আৱদ্ধ হয়। ১৯২১ চনত অধ্য়াপনা এৰি তেখেতে অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰে। ১৯২৬ চনত অধ্য়াপনা এৰি তেখেতে অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰে। ১৯২৬ চনত তৰুণৰাম ফুকন কংগ্ৰেছ ৱকিং কমিটিৰ দ্বাৰা সদস্য়, স্বৰাজ দলৰ অন্য়তম নেতা আৰু উৰিষ্য়াৰ সীমা নিৰ্দ্ধাৰণ কমিটিৰ চৰকাৰৰ মনোনীত সদস্য় হয়। ১৯২৬ চনত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনৰ দ্বাৰা অসমলৈ কংগ্ৰেছ আহ্বান কৰি আনিছিল। তেখেতে দেশৰ বাবে সৰ্বস্ব ত্য়াগ কৰিছিল। তেখেতে এগৰাকী কবি সাহিত্য়িক আছিল। গোৱালপাৰাত বহা অসম সাহিত্য় সভাৰ তেখেত সভাপতি আছিল। তেখেত এজন বিখ্য়াত চিকাৰিও আছিল। তেখেত বৰ সাহসী আৰু শক্তিশালী আছিল। 

    ১৯৩৯ চনৰ ১৮ জুলাইত তৰুণৰাম ফুকনে ইহ সংসাৰৰ পৰা বিদায় মাগে। আজিও তেখেত আমাৰ মাজত দেশ সেৱাৰ জ্বলন্ত হৈ আছে।


অংকুৰ ৰাজ ডেকা 

Morigaon Assam