আমিনুল হকৰ গীত | Aminul Haque Assamese song | আমিনুল হকৰ গীত সমূহ 


লিহিৰি বনৰে

 

লিহিৰি বনৰে

উতলা লহৰে

কি যে মন মধুৰ কৰে ।

চুলিটাৰিতে ঢৌ খেলি খেলি

কজলা মেঘালী

আকাশ ভৰে ছানি

আনিলে শ্যামলী আশা

হাগৰ বাতৰি আনিছে আদৰি

মনবোৰ কেনিবা উৰে ।

মনে হল মোৰ সুমধুৰ বাঁহীৰ সুৰ

মোৰ হৃদয় বনতে ।

এই নয়ন যদি হয় পদুমৰে পাহি

সপোন হৃদয়ত ফুলে ।

আঁকিযা আঁকি যা এই

জীৱনৰে ছবি

মন তুলিকাৰে বহুতো ৰঙেৰে

দূৰণিৰ আকাশৰে ৰঙালী সূৰুযে

কি যে মন আদৰি আনে ।

মোৰ গীতৰ সুৰ খেলি মেলি

মন মোৰ কেনিবা উৰে

সৌৱা ফুলি আছে ৰঙা ফুলৰে থোপা ।

ৰে বলীয়া ভোমোৰা

তাতে উমলি থাকে

এলপত মোৰ পিনে চোৱা

এধানি সঁহাৰি দিয়ানা

এই মন আজি উন্মনা

এই যে ফাগুন হৃদয় উথলি নাচে

পলাশৰ ৰঙেৰে ভৰা ।

তুমি যে আপোন, নয়নে জনালে

লুইতৰ হেঙুলি আভা ।

উৰি যা

উৰি যা

ৰে বনৰে পখিটি ।

কি যে সপোনৰে মধুৰ আৱেগৰে

লিহিৰি বনৰে... ।

মন মোৰ আছে হালি জালি

মন মোৰ কেনিবা উৰে

মন মোৰ কেনিবা উৰে ।