বসন্ত বৰদলৈ গীত | Bakhanta Bordoloi Assamese Song | বসন্ত বৰদলৈ অসমীয়া গীত সমূহ 



হিয়াৰ মৰম মুকুতা হৈ

 

হিয়াৰ মৰম মুকুতা হৈ

আছে মন উপচাই

তাৰে গঢ়াই সাতেসৰী

দিবানে মোকে পিন্ধাই

দিম মই তোকে পিন্ধাই

হিয়াৰ মৰম....

 

তোমাৰ মৰমত শৈশৱ কটালে

পাৰ হল মোৰ যৌৱন

তোৰে অ হাঁহিতে চকুলো আঁতৰে

পাহৰো মোৰ দুখবোৰ

হিয়াৰ মৰম...

 

উমলি থাকোতে গল যে দিন

যৌৱনে মাতে পদূলিতে ৰৈ

সময়ো আহিলে পাতি দিম তোৰে ঘৰ

আশাৰে ৰং ছটিয়াই

হেঁপাহৰ ৰং ছটিয়াই

হিয়াৰ মৰম...