বিজয় দুৱাৰা গীত | Bijoy Duara Assamese Song | বিজয় দুৱাৰা অসমীয়া গীত সমূহ


বুকুৰ মাজত জ্বলে 


বুকুৰ মাজত জ্বলে কলিজাৰ সোণ

মনৰ আকাশৰে তুমি মোৰ জোন

দূৰে দূৰে থাকিও ইমান কাষত

আছা যে লুকাই তুমি হিয়াৰ মাজত

সপোনত ঘনে ঘনে ভূমুকি মাৰা

কিয় আহি মনে মনে আমনি কৰা

বুকুৰ মাজত জ্বলে..।

বাৰে বাৰে হেঁপাহেৰে চাওঁ পদূলি

উকা উকা লাগি থাকে মোৰেই গধূলি

মৰমৰ কথাবোৰ কাকো ক’ব নোৱাৰি

 

নুবুজানে বাৰু তুমি

কাষলে’ আহানা ঘূৰি

অ’ উজাগৰী নিশাটি

তোমাৰ কথাকে ভাবি

থাকো উচুপি

বুকুৰ মাজত জ্বলে..।

 

দুচকোৰে ভৰি আহে দুখ নিগৰি

দিন আহে আৰু যায় মাথো সুঁৱৰি

তুমি আহি কেতেয়া যে লবাহি মোক সাবটি

মনে মনে চকু ঢাকি কৰিবাহি ধেমালি

অ’ আহিলে মাতিবা দেই পদূলি মূখলে গৈ

আনিম আদৰি

বুকুৰ মাজত জ্বলে..।