বিভিন্ন প্ৰকাৰৰ বজাৰ ঃ

এতিয়া আমি বিভিন্ন প্ৰকাৰৰ বজাৰৰ বিষয়ে কিছু আভাস লওঁ আহা一

দৈনিক বজাৰঃ 

বৰুৱাৰ ঘৰত সোমবাৰে ৰাতি পুৱাতে যোৰহাটৰ পৰা আলহী আহি ওলাল। বৰুৱানীয়ে দেখিলে আলহীক খুৱাবলৈ ঘৰত মাছ, মঙহ, আলু, মিঠাই আদিৰ দৰে বিশেষ বস্তু একো নাই। সেয়েহে তেওঁ বৰুৱাক অফিচলৈ যোৱাৰ আগেয়ে ওচৰৰ বজাৰখনৰ পৰা বস্তু কেইপদমান আনি দিবলৈ অনুৰোধ কৰিলে। গাটো ধুই বৰুৱাই বজাৰ কৰা মোনা আৰু পইচা লৈ ওচৰৰ বজাৰখনলৈ ওলাই গ'ল। বৰুৱানীয়ে লিখি দিয়া তালিকা অনুযায়ী মাছ, মাংস, মিঠাই, আলু আৰু পাপড় কিনি অলপ সময়ৰ ভিতৰতে ঘৰ পালেহি। আলহীক মাত এষাৰ দি অফিচলৈ বুলি বৰুৱা ঘৰৰ পৰা ওলাই গ'ল। 

ওপৰৰ বৰ্ণনাখিনিৰে পৰা তোমালোকে নিশ্চয় মন কৰিছা যে বৰুৱাই ঘৰুৱা সামগ্ৰীৰ প্ৰয়োজন হোৱাৰ লগে লগেই বজাৰলৈ বুলি ওলাই গৈ কেইবাপদো বস্তু কম সময়ৰ ভিতৰতে কিনি ঘৰ পালেহি। যদি সেইদিনা তেওঁলোকে বাস কৰা অঞ্চলৰ আশে-পাশে কোনো দোকান-পোহাৰ বা বজাৰ নাথাকিলহেঁতেন তেনেহ'লে বৰুৱানীৰ যথেষ্ট অসুবিধা হ'লহেঁতেন।

বৰুৱাহঁতৰ অঞ্চলত থকাৰ দৰে আমাৰ চাৰিওকাষে বিভিন্ন ধৰণৰ দোকান-পোহৰ বা বজাৰ থাকে। বজাৰবিলাক আমাৰ দৈনন্দিন জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সাধাৰণতে স্থায়ী ঘৰত এই দোকান-বজাৰবোৰ বহে বাবে ইয়াক স্থায়ী বজাৰ বোলে। সপ্তাহটোৰ এটা নিৰ্দিষ্ট বন্ধৰ দিন বাদ দি বাকীকেইটা দিনত কদোকানবোৰ খোলা থাকে। এই দোকানবোৰ দিনটোৰ এক নিৰ্দিষ্ট সময়ত খোলা হয় আৰু বন্ধ কৰা হয়। দোকানবোৰৰ একোটা নিৰ্দিষ্ট নামো থাকে। সাধাৰণতে ইয়াত বিজ্ঞানসন্মত জোখ-মাখ পদ্ধতি (ওজন জোখা যন্ত্ৰ) ব্যৱহাৰ কৰা হয়। তদুপাৰ প্ৰত্যেক সামগ্ৰীৰ এক নিৰ্দিষ্ট দৰ থাকে। গ্ৰাহকৰ সুবিধাৰ বাবে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ৰখা দোকানবোৰত কেতবোৰ অপৰিহাৰ্য সামগ্ৰীৰ বৰ্তমান মূল্য ব'ৰ্ডত লিখি থোৱা থাকে। এনেধৰণৰ বজাৰবোৰক আমি দৈনিক বজাৰ বুলিও কওঁ। দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তুৰ প্ৰয়োজন হ'লে সহজেই এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পৰো। তদুপৰি নিজৰ সুবিধামতে গ্ৰাহকে দোকান পছন্দ কৰি ল'বও পাৰে। 

দৈনিক বজাৰ বা স্থায়ী বজাৰবোৰ সাধাৰণতে নগৰ বা চহৰ অঞ্চলত বেছিকৈ থাকে যদিও আজি-কালি গাওঁ অঞ্চলৰ ৰাজহুৱা স্থানতো দৈানিক বজাৰসমূহ দেখা যায়। গুৱাহাটীৰ ফাঁচী বজাৰ নগৰ অঞ্চলৰ এখন প্ৰষিদ্ধ দৈনিক বজাৰ। 


Class 7 Social Science 

Type: Nayan Moni Deka