সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ
তোমালোকৰ অঞ্চলত সপ্তাহটোৰ একো একোটা নিৰ্দিষ্ট দিনত ক'ত ক'ত বজাৰ বহে মন কৰিছানে? সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো ঠাইত এই বজাৰবোৰ অস্থায়ীভাৱে বহে। এইবোৰক সপ্তাহিক বজাৰ বা অৰ্ধ-সাপ্তাহিক বজাৰ বোলা হয়। এনেধৰণৰ বজাৰবোৰক হাট বুলিও কোৱা হয় সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰৰ পৰা কি কি সামগ্ৰী কিনা হয় বাৰু? গাঁৱৰ সৰহসংখ্যক মানুহে নিজে উৎপাদন কৰা কৃষিজাত সামগ্ৰী যেনে সৰিয়হ, তিল, তিচি, মৰাপাট, মাটিমাহ, ধান, চাউল, শাক-পাচলি, ফল-মূল আদিৰ লগতে গৰু ম'হ, ছাগলী, ভেৰা, হাঁহ, পাৰ আদি সাপ্তাহিক বজাৰত বিক্ৰী কৰে। তদুপৰি স্থানীয় ভাৱে নানা ধৰণৰ তৈয়াৰী কাপোৰ, কাঠ আৰু বাঁহ-বেতৰ সামগ্ৰী, বিভিন্ন খোৱাবস্তু আদিও হাটত উলিওৱা হয়। বিক্ৰেতাই নিজৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আদিও এনে বজাৰৰ পৰা ক্ৰয় কৰে। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কইবাখনো দোকান থাকে বাবে তুলনামূলকভাৱে বস্তুৰ দাম কিছু সস্তা হয়। গ্ৰাহকে বিভিন্ন দোকান চাই-চিতি বস্তুৰ মান অনুযায়ী দৰ-দাম কৰি কিনিব পাৰে। য'ত দাম কম হয় তাৰ পৰাই গ্ৰাহকে বস্তু কিনিব খোজে। কোনো বিক্ৰেতাই বস্তুৰ দাম বেছিকৈ নিৰ্ধাৰণ কৰিলে ক্ৰেতাই সেই একে বস্তু কম দামত বিক্ৰী কৰা দোকানৰ পৰা ক্ৰয় কৰিব পাৰে। অৱশ্যে একে বস্তুৰ দাম বিভিন্ন সময়ত বেলেগ বেলেগ হ'ব পাৰে।
আমাৰ গাঁও অঞ্চলত বহুত সাপ্তাহিক/অৰ্ধ-সাপ্তাহিক বজাৰ বা হাট আছে। নগৰ অঞ্চলতো এনে বজাৰ বহে। গুৱাহাটীৰ বেলতলা বজাৰ নগৰ অঞ্চলৰ এখন অৰ্ধ-সাপ্তাহিক বজাৰ। সেইদৰে গৌৰীসাগৰৰ মঙলবৰীয়া হাট গ্ৰামাঞ্চলৰ এখন ডাঙৰ সাপ্তাহিক বজাৰ।
সাধাৰণতে সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে। সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতেই মজুত কৰি ৰাখে। আনহাতে স্থায়ী দোকান বা দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰ-ভাৰা, বিজুলী শক্তি, কৰ্মচাৰী ইত্যাদিৰ বাবদ কিছু ব্যয় কৰিব লাগে। এই কাৰণে দৈনিক বজাৰৰ সামগ্ৰীৰ দাম তুলনামূলকভাৱে সাপ্তাহিক বজাৰতকৈ কিছু বেছি হয়। সাপ্তাহিক বজাৰৰ আন এটা সুবিধা হৈছে যে একে ঠাইৰ পৰা আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ একেলগে কিনিব পাৰোঁ।
Class 7 Social science
Type: Nayan Moni Deka