পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন


---------------------------------------------------

জন্ম ১৯১২ চনৰ আৰু মৃত্যু ১৯৯৩

---------------------------------------------------

পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন ঃ ১৯১২ চনত অক্টোৱৰ মাহৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱত জন্ম গ্ৰহণ কৰিছিল প্ৰৱৰ ডম্বৰুধৰ ফুকন। পিতাকৰ নাম গংগাৰাম ফুকন আৰু মাতৃৰ নাম চাদৈ ফুকন। ডম্বৰুধৰ ফুকন এম.ভি.স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সমস্কৃতিক্ খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিলে। কম সময়ৰ ভিতৰতে টাই ভাষা অধ্যয়ণ কৰি ফুকনদেৱে টাই প্ৰণ্ডিত হিচাপে খিয়াতি লাভ কৰে। ফুকন দেৱক অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মুৰব্বী ডক্ত সূৰ্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাষাৰ বিশেষঞ্জ হিচাপে টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাটি নিয়ে। অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বছৰ কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব-ইচ্ছাই চাকৰি এৰি দি ঘৰলৈ উভতি আহে। তাৰপাছত ১৯৬৩ চনত থানুৰাম গগৈৰ নেতৃত্বত 'বৌদ্ধ সংস্কৃতিত ফ্ৰালুং সংস্ক্রতিৰ অন্যতম অৱদান' শীৰ্ষক আলোচনা চক্ৰৰ বাবে বুদ্ধ গয়াত বিশ্ব বৌদ্ধ কাঠ-বাঁহেৰে এটি বিদ্যালয় গৃহ নিৰ্মাণ কৰি টাই শিক্ষা প্ৰদান কৰে। এইখনেই আজি অসমত থকা টাই কেন্দ্ৰীয় একাডেমী পাটসাঁকো। ১৯৮১ চনত দিল্লীত বহা 'প্ৰথম আন্তজাটিকৱটাই শিক্ষা সন্মিলন'ত অংশ গ্ৰহণ কৰে। ১৯৮১ চনৰ ৮ এপ্ৰিলত পূৰ্বাঞ্চল টাই সাহিত্য সভা গঠন কৰে আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে দ্বায়িত গ্ৰহোণ কৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা সংস্ক্রতি বিকাশৰ বক্ ঢপলিয়াই ফিৰা মলুং ডম্বৰু দেওধাই ফুকন দেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীয়াত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভা দশম অধিৱেশনৰ পাছৰ্দিনা ১৫-০২-৯৩ তাৰিখে আবেলি ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে।

উৎসঃ বৈচিত্ৰ্যময় অসম
By
Priyam Jyoti Patar