আনন্দ চন্দ্ৰ আগৰৱালাৰ বিষয়ে প্ৰশ্ন উত্তৰ 


১) আনন্দ চন্দ্ৰ আগৰৱালা কোন আছিল ? 

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালা এজন প্ৰসিদ্ধ কবি ,অনুবাদক, প্ৰসাশক, ইতিহাসবিধ, আৰু এজন লিখক আছিল।

২) আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম কোন ঠাইত তাৰিখে  হৈছিল ?

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম ১৮৭৪ চনৰ শোনিতপুৰ জিলাৰ তেজপুৰৰ বৰঙাবাৰীত।

৩) আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাৰ  পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা ।

৪) আনন্দ চন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাৰ  মাতৃৰ নাম আছিল ৰাধিকা আগৰৱালা। 

৫) আনন্দ চন্দ্ৰ আগৰৱালাই স্কুলীয়া শিক্ষা ক'ত গ্ৰহন কৰিছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই স্কুলীয়া শিক্ষা বৰঙাবাৰী পাঠশালাত গ্ৰহন কৰে ।

৬) আনন্দ চন্দ্ৰ আগৰৱালাই মাধ্যমিক শিক্ষা কত গ্ৰহন কৰে ?

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাই মাধ্যমিক শিক্ষা  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহন কৰে ।

৭) উচ্চ শিক্ষা গ্ৰহন কৰিবলৈ আনন্দ চন্দ্ৰ আগৰৱালাই  কলৈ যাত্ৰা কৰিছিল ?

উত্তৰঃ-উচ্চ শিক্ষা গ্ৰহন কৰিবলৈ আনন্দ চন্দ্ৰ          আগৰৱালাই  কলিকতাঁৰ মেট্ৰপলিটান কলেজলৈ যাত্ৰা কৰিছিল ।

৮) আনন্দ চন্দ্ৰ আগৰৱালাই ১৯১৬ চনত কি উপাধি গ্ৰহন কৰে ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই ১৯১৬ চনত ৰায় চাহাব উপাধি গ্ৰহন কৰে ।

৯) আনন্দ চন্দ্ৰ আগৰৱালাই ১৯২১ চনত কি উপাধি গ্ৰহন কৰিছিল?

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাই ১৯২১ চনত ৰায় বাহাদুৰ উপাধি গ্ৰহন কৰে ।

১০) আনন্দ চন্দ্ৰ আগৰৱালা কোন সভাৰ সভাপতি আছিল?

 উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালা তেজপুৰ পৌৰ সভাৰ সভাপতি আছিল।

১) আনন্দ চন্দ্ৰ আগৰৱালাই কিমান চনৰ কোন ঠাইত  অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাই ১৯৩৮ চনৰ মঙ্গলদৈ অধিৱেশনত সভাপতিত্ব হৈছিল।

১২)আনন্দ চন্দ্ৰ আগৰৱালা কোন সভাৰ এজন সদস্য আছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালা অসমীয়া উন্নতি সাধনি সভাৰ এজন সদস্য আছিল।

১৩) আনন্দ চন্দ্ৰ আগৰৱালা কোনখন কাকতৰ নিয়মীয়া লেখক আছিল?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালা 'জোনাকী" কাকতখনৰ লেখক আছিল।

১৪) আনন্দ চন্দ্ৰ আগৰৱালাৰ  প্ৰকাশিত কেইখনমান পুথিৰ নাম লিখাঁ ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাৰ  প্ৰকাশিত কেইখনমান পুথি হ'ল - An Account of Assam , Aspects of  History And Culture।

১৫) আনন্দ চন্দ্ৰ আগৰৱালাই ৰচনা কৰা দুখন পাঠ্যপুঠিৰ নাম লিখাঁ ।

উত্তৰঃ-আনন্দ চন্দ্ৰ আগৰৱালাই ৰচনা কৰা দুখন পাঠ্যপুঠিৰ নাম হ'ল কোমল পাঠ আৰু অসমীয়া আদিৰ পাঠ ।

১৬)  আনন্দ চন্দ্ৰ আগৰৱালাৰ  অপকাসিত গন্থকেইখনৰ নাম লিখাঁ ।

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাৰ অপকাসিত গন্থকেইখনৰ নাম হল পদুমণি, জনকজিৱৰী আদি 

১৭) আনন্দ চন্দ্ৰ আগৰৱালা কোনটো যুগৰ অন্যতম কবি আছিল ? 

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালা জোনাকী যুগৰ অন্যতম কবি আছিল ।

১৮)  আনন্দ চন্দ্ৰ আগৰৱালা  কি কি কামৰ লগত জড়িত আছিল ?

উত্তৰঃআনন্দ চন্দ্ৰ আগৰৱালা যোৰহাত সংগীত বিদ্যালয়, আৰু অসম প্ৰতিযোগিতা সমিতি আদিৰ লগত জড়িত আছিল ।

১৯) আনন্দ চন্দ্ৰ আগৰৱালাই কোন চনত আৰক্ষী বিভাগত ভত্তি হৈছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই  ১৮৯৪ চনত আৰক্ষী বিভাগত ভত্তি হৈছিল ।

২০) আনন্দ চন্দ্ৰ আগৰৱালাই কোন চনত জিলা অধ্যক্ষ হিচাপে নিযুক্তি পাইছিল ? 

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই ১৯৩০ চনত জিলা অধ্যক্ষ হিচাপে নিযুক্তি পাইছিল ।

২১) আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনী কোৱৰ বুলি কোৱা হয় ?

উত্তৰঃ- ,আনন্দ চন্দ্ৰ আগৰৱালাক বিভিন্ন কবিতা বিভিন্ন ৰুপত অনুবাদ কৰাৰ বাবে তেখেঁতক ভাঙনীকোৱৰ বুলি কোৱা হৈছিল।

২২)  আনন্দ চন্দ্ৰ আগৰৱালাই ছাত্ৰ অৱস্থাত ৰচনা কৰা এখন পুথিৰ নাম লিখাঁ ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই ছাত্ৰ অৱস্থাত ৰচনা কৰা এখন পুথিৰ নাম হল- ধৰ্ম সংঙ্গীত 

২৩) পুলিচ মেনুলৱেলখন কেতিয়া ৰচনা কৰা হৈছিল ?

উত্তৰঃ- পুলিচ মেনুৱেলখন ১৯০৬ চনত ৰচনা কৰা হৈছিল ।

২৪) আনন্দ চন্দ্ৰ আগৰৱালাই কোন ঠাইৰ আৰক্ষী প্ৰশিক্ষন কেন্দ্ৰৰ অধীক্ষ হিচাপে নিযুক্তি পাইছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই শিলচৰ পৰা আৰক্ষী প্ৰশিক্ষন কেন্দ্ৰৰ অধীক্ষ হিচাপে নিযুক্তি পাইছিল ।

২৫) আনন্দ চন্দ্ৰ আগৰৱালাই আৰু কোনখন আলোচনীৰ লগত জড়িত হৈছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই বিজুলি আলোচনীৰ লগতো জড়িত হৈছিল ।

২৬) আনন্দ চন্দ্ৰ আগৰৱালাই কোন কোন জিলাৰ পৰা সহ আৰক্ষী পদত কাৰ্য্যনিবাহক কৰিছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই গুৱাহাটী আৰু ডিব্ৰুগড় জিলাৰ পৰা সহ আৰক্ষী পদত কাৰ্য্যনিবাহক কৰিছিল ।

২৭)আনন্দ চন্দ্ৰ আগৰৱালাই কোমল পাঠ নামৰ কবিতাপুঠিখন কিমান  চনত ৰচনা  কৰিছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই কোমল পাঠ নামৰ কবিতাপুঠিখন ১৯১০ চনত ৰচনা  কৰিছিল।

২৮) আনন্দ চন্দ্ৰ আগৰৱালাই অসমীয়া আদি পাঠ নামৰ কবিতাপুঠিখন কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই অসমীয়া আদি পাঠ নামৰ কবিতাপুঠিখন ১৯২০ চনত ৰচনা কৰিছিল ।

২৯) কি কাৰণে আনন্দ চন্দ্ৰ আগৰৱালাৰ  শিক্ষা আধৰুৱা হৈছিল ?

উত্তৰঃ- সাহিত্য চৰ্চাৰ কামত লাগি থকাৰ বাবে আনন্দ চন্দ্ৰ আগৰৱালাৰ  শিক্ষা আধৰুৱা হৈছিল ।

 ৩০) কিমান বছৰ  কাম কৰি আনন্দ চন্দ্ৰ আগৰৱালাই গৱৰ্ণমেন্টৰ পৰা খিতাব পাইছিল ?

উত্তৰঃ- ৩৫ বছৰ কাম কৰি আনন্দ চন্দ্ৰ আগৰৱালাই গৱৰ্ণমেন্টৰ পৰা খিতাব পাইছিল।

৩১) আনন্দ চন্দ্ৰ আগৰৱালাই কিমান চনৰ পৰা কিমান চনলৈকে ৰাজহুৱা দ্বায়িত্ব পালন কৰিছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাই ১৯৩০ চনৰ পৰা ১৯৩৬ চনলৈকে ৰাজহুৱা দ্বয়িত্ব পালন কৰিছিল । 

৩২) আনন্দ চন্দ্ৰ আগৰৱালাৰ প্ৰথম কবিতাপুথিখনৰ নাম কি লিখাঁ ।

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাৰ  প্ৰথম কবিতাপুথিখনৰ নাম হ'ল "জিলিঙনি" 

৩৩) আনন্দ চন্দ্ৰ আগৰৱালাৰ কেতিয়া  মৃত্যু  হৈছিল ?

উত্তৰঃ- আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু ১৯৩৯ চনত তেজপুৰত মৃত্যু হৈছিল ।


 Type Arup Koch  

 Morigaon Assam