ষ্টিফেন হকিং চমু পৰিচয়ঃ- ষ্টিফেন হকিংৰ  পিতৃ নাম আছিল ফ্ৰেংক হকিং আৰু মাতৃ নাম আছিল ইছাবেল হকিং ষ্টিফেন হকিং জন্ম হৈছিল ১৯৪২ চনত ৮ জানুৱাৰী তাৰিখে তেখেতৰ জন্ম স্থান আছিল ইংলেগুলত অক্সফোৰ্ডত।  মৃত্যু হৈছিল ২০১৮ চন ১৪ মাৰ্চত। বিজ্ঞান জগতৰ এটি প্ৰাতঃ সস্মৰণীয় নাম ষ্টিফেন উইলিয়াম হকিং। মাত্ৰ একৈশ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও তেখেতে বিজ্ঞান জগতলৈ আগবঢ়াইছে কেইবাখনো অমূল্য গ্ৰন্থ। তেখেত  হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক।


১৯৬৬ চনত কেম্বিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ. ডিগ্ৰী লাভ কৰে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেখেতৰ শৰীৰৰ প্ৰায়বোৰ অংগ অচল হৈ পৰিছিল। মাত্ৰ এখন হাতৰ দুটা আঙুলি লৰচৰ কৰি সেই দুটা আঙুলিৰেই তেখেতে হুইলচেয়াৰত সংলগ্ন কম্পিউটাৰ চলায়। তেখেতে বেছি ভাগ অংক মনতে কৰি পেলাব পাৰিছিল।

ষ্টিফেন হকিঙৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য সম্পৰ্কীয় গৱেষণাই বিজ্ঞানজগতক সমৃদ্ধ কৰিছে। বিশিষ্ট বিজ্ঞানীগৰাকীয়ে লাভ কৰা কেইটামান সন্মান আৰু পুৰস্কাৰ- 


* ১৯৮১ চনত আমেৰিকান ফ্ৰেংকলীন মেডেল।

* ১৯৮২ চনত কমাণ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ সন্মান। 

* ২০০২ চনত বি. বি. চি. এ তেখেতক ১০০ জন মহান ব্ৰিটিছ এজন বুলি অভিহিত কৰে। 

* ২০০৬ চনত ৰয়েল ছছাইটিৰ পৰা কপলে মেডেল বঁটা 

* ২০১২ চনত ৰাছিয়ান ফাণ্ডামেন্টেল ফিজিক্স প্ৰাইজ।


Sumit Patar (Morigaon Assam)






Post ID : DABP005224