যাতায়াতৰ ক্ষেত্ৰতঃ

উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা। যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলপ। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থা ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতয়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। আমাৰ দেশৰ চৰকাৰখন এখন কল্যাণকামী, গণতান্ত্ৰিক চৰকাৰ। গণতান্ত্ৰিক মতবাদে সদায় দেশৰ জনসাধাৰণক গুৰুত্ব দিয়ে আৰু জনসাধাৰণৰ হকে কাম কৰে। তলৰ বৰ্ণানাখিনিৰ পৰা আমাৰ চৰকাৰে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত কিদৰে পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে তাৰ বিষয়ে বুজ লওঁ আহা। 

'গীৰ্জাত দেওবাৰৰ প্ৰাৰ্থনা শেষ কৰি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ যোচেফে দেউতাকৰ লগত মীৰ্জাত থকা পেহীয়েকৰ ঘৰলৈ বুলি ওলাল। প্ৰায় দুবছৰমানেই হ'ল যোচেফ সেইফালে যোৱা নাই। নুনমাটিৰ পৰা মটৰচাইকেলেৰে গৈ জালুকবাৰী পাৰ হোৱাৰ পিছতে যোচেফৰ মনত পথটো কিবা আচহুৱা লাগিল। আগৰ ৰাস্তাটোৰ দেখোন চিন-মোকামেই নাই। মূল পথটোক সাঙুৰি তাৰ দুয়োকাষে ওখকৈ  মাটি দি ৰাস্তাটো যথেষ্ট বহল কৰি নিৰ্মাণ কৰি আছে। গােটেই ৰাস্তাটোৰ অ'ত-ত'ত লােহা, চিমেন্ট, ডাঙৰ ডাঙৰ শিল, বাঁহ আদি সিঁচৰতি হৈ আছে। বনুৱাবোৰেও নিবিষ্টমনে কাম কৰি আছে। সমগ্ৰ পৰিৱেশটোৱেই নতুন। ইমান দিনে যােচেফে এই পথটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বুলিয়ে জানি আহিছে। আগৰ ৰাস্তাটোৰ সলনি এই নতুন ৰাস্তাটো কিয় হ’ল যােচেফে বুজি পােৱা নাই। ৩৭ নং ঘাইপথটো কিয় নােহােৱা হ’ল তাকো ধৰিব পৰা নাই। ল’ৰাটোৰ মনত বহুত প্রশ্নৰ উদয় হ’ল। কৌতুহল সামৰিব নােৱাৰি মটৰচাইকেল চলাই যােৱা দেউতাকক পিছফালৰ পৰাই যােচেফে প্রশ্ন কৰিলে—

一‘অ’ দেউতা এইটো আগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো নহয় নেকি?

一আগৰ ৰাস্তাটো ক'লৈ গ'ল?

一এই ৰাস্তাটো ইমান বহল আৰু ওখ কিয় কৰিছে......আদি।

যােচেফৰ প্ৰশ্নবােৰৰ মাজতে দেউতাকে উত্তৰ দিলে। ‘এইটো আগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোৱেই হয়। মাথোঁ আগৰ সৰু ঠেক ৰাস্তাটোৰ ঠাইত ইয়াক যথেষ্ট বহল আৰু ওখ কৰি মাজত বিভাজক দি সমানে চাৰিভাগ কৰা হৈছে। এনেধৰণৰ ৰাস্তাক চাৰিলেনযুক্ত ৰাস্তা বুলি কোৱা হয়। ‘আগৰ ৰাস্তাটোৰেওতাে গাড়ী মটৰ, মানুহ অহা-যােৱা কৰিছিল দেউতা। এই বহল ৰাস্তাটোৰে বেছি গাড়ী মটৰ চলিব নেকি? ‘অকল সেয়াই নহয় যােচেফ, চাৰিলেনযুক্ত ৰাস্তাৰ সুবিধা বহু বেছি। সম্প্রতি যাতায়াত ব্যৱস্থাত বহু পৰিৱর্তন আহিছে। তাৰ ভিতৰত এই চাৰিলেনযুক্ত ৰাস্তা এক উল্লেখযােগ্য পৰিৱর্তন। ‘চাৰিলেনযুক্ত ৰাস্তাৰ পৰা আমাৰ কি লাভ হ’ব দেউতা? বহুত লাভ হ'ব। তাৰ ভিতৰত যেনে 一

* এই ৰাস্তাবোৰ কংক্ৰিটেৰে (লোহা, চিমেণ্ট, বালি, শিল) ৰে নিৰ্মাণ কৰা হয় বাবে ই সহজে ভাগি নাযায়। বানপানীয়েও খহাব নোৱাৰে কাৰণ এনে ৰাস্তা যথেষ্ট ওখকৈ বনোৱা হয়। যান-বাহনবোৰ বহুদিনলৈ ভালে থকে। ইন্ধনৰ খৰচ কমে।

* এনে ৰাস্তা যথেষ্টে বহল আৰু পোন হোৱা বাবে দুয়ো দিশৰ  পৰা অহা যান-বাহনবোৰৰ গতি সুষম হয়। গতিপথৰ দূৰত্ব হ্ৰাস পায়। পথ দুৰ্ঘটনাও বহু পৰিমাণে কমে আৰু যাত্ৰা আৰামদায়ক হয়।

* এনেধৰণৰ যাতায়াত ব্যৱস্থা থাকিলে উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ মানুহ আগ্ৰহী হয়। মেচিন, কেঁচামাল আদি অতি সহজে ইঠাইৰ পৰা সিঠাইলৈ সৰবৰাহ কৰিব পাৰে। বস্তুৰ আমদানি-ৰপ্তানি খৰতকীয়া হয়। 

* এনে পথে দেশৰ ইমূৰ-সিমূৰ সাঙুৰি লয় আৰু একেবাৰে ভিতৰুৱা অঞ্চলৰ ৰাস্তাবোৰো এই পথবোৰ লগত সংযোজিত কৰাৰ ব্যৱস্থা হোৱৰ বাবে যাতায়াতৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকে ..... আদি।'

এইদৰে দেউতাকে কথাখিনি কৈ থকাৰ মাজতেই যোচেফহঁত পেহীয়েকৰ ঘৰ পালেগৈ।

আমাৰ চৰকাৰে ওকল চাৰিলেনযুক্ত ৰাস্তাই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ ৰে'লপথ সম্প্ৰসাৰণ, দ্ৰুতগামী ৰে'লৰ প্ৰবৰ্তন, ডাঙৰ নদীসমূহত সংযোগী দলং নিৰ্মাণ আদিৰ জৰিয়তে যাতায়াত ব্যৱস্থাক যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। ৰাজ্যৰ প্ৰধান স্থানসমূহত আন্তঃৰাজ্যিক বাছ আস্থান প্ৰতিষ্ঠা কৰি যাতায়াত ব্যৱস্থা সুচল কৰিছে। গ্ৰামাঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন আঁচনি গ্ৰহম কৰিছে। প্ৰধানন্ত্ৰীৰ গ্ৰামচড়ক যোজনাৰ অধীনত গাঁৱৰ ৰাস্তা-ঘাটবোৰ পকীকৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দৰিদ্ৰ নিবনুৱাসকলক জবকাৰ্ড প্ৰদান কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁও অঞ্চলত এই জবকাৰ্ড লাভ কৰা লোকৰ দ্বাৰা অন্যান্য কামৰ লগতে ৰাস্তা-ঘাট নিৰ্মাণ, মেৰামতি আদি কাম কৰিছে। তদুপৰি বিভিন্ন ধৰণৰ দ্ৰুতগামী বাছ-ৰে'লসেৱাৰ লগতে গ্ৰাম্য বাছ সেৱাৰ সম্প্ৰসাৰণৰ ব্যৱস্থাও হাতত লৈছে। মুঠৰ ওপৰত যাতায়াত ব্যৱস্থাক সুচল কৰিবলৈ আমাৰ চৰকাৰে যথেষ্ট নতুন চিন্তা কৰিছে। এনে হোৱাৰ ফলত আমাৰ দেশে পৃথিৱীৰ উন্নত দেশসমূহৰ লগত সহজে ফেৰ মাৰিবলৈ সক্ষম হ'ব।


Class 7 Social Science 

Type: Nayan Moni Deka