গ্ৰাহক সজাগতা আৰু গ্ৰাহকৰ অধিকাৰ

  ' জাগো গ্ৰাহক জাগো ..............

ওপৰৰ বাক্য়টি তোমালোকে আটাইয়ে নিশ্চয় শুনিছা। ৰেডিঅ', টেলিভিচন, বাতৰি কাকত আদি আটাইবোৰ প্ৰচাৰ মাধ্য়মত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য'ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্য় নিহিত হৈ থাকে। ওপৰৰ বাক্যটি সেই বিজ্ঞাপনসমূহৰে এটা শীৰ্ষক। চৰকাৰৰ জনসংযোগ বিভাগে এনেবোৰে কামৰ দায়িত্ব লয়। সাধাৰণতে দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক কাৰ্যসূচীত এনেবিলাক বিজ্ঞাপন বেছিকৈ সম্প্ৰচাৰ কৰা হয়। তোমালোকে অন্য় চেনেলতকৈ দূৰদৰ্শনৰ কাৰ্যসূচীবিলাক চাবলৈ যত্ন কৰিব, কিয়নো দূৰদৰ্শনে জনসাধাৰণৰ হিতৰ কাৰণে বহুতো জ্ঞানবৰ্ধক কাৰ্যসূচী প্ৰস্তুত কৰে। 

গ্ৰাহক হিচাপে আমি কেনেকৈ সজাগ হ'ব লাগেঃ

গাহক হিচাপে বস্তু বা সেৱা ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লেচ চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা কৰাৰ সুযোগ পায়। তলত গ্ৰাহকে ল'বলগীয়া কেতবোৰ সাবধানতাৰ বিষয়ে উল্লেখ কৰা হ'ল- 

  • বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ, দাস, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা। 
  • বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিল (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা। 
  • যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য় লিখা কথা ৰচিদ বিচৰা।
  • বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমাৰ্ক, আই এছ আই মাৰ্ক, হলমাৰ্ক, এফ পি অ'আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰিক্ষা কৰি চোৱা । 
  • দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচাৰ। 
  • পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰতাৰিখ, ম্য়াদ উকলা তাৰিখ, MRP (সৰ্বোচ্চ খুচুৰা মূল্য়) লক্ষ্য় কৰা আদি। 
এনেকুৱা আৰু অনেক সজাগতামূলক কাৰ্য আছে। তোমালোকে শিক্ষক আৰু অন্য় জনা লোকৰ লগত আলোচনা কৰি নিজৰ লগতে আনকো সজাগ কৰিবলৈ যত্ন কৰিব। ওপৰৰ আলোচনাৰ পৰা আমি জানিব পাৰিলোঁ যে গ্ৰাহক হিচাপে আমাৰ সকলোৱৰে কিছুমান দাযিত্ব আছে যিবিলাক পালন কৰি আমি বিভিন্ন ধৰণৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাব পাৰোঁ। তোমালোকে ইতিমধ্য় জানি আহিছা যে আমাৰ ৰাষ্ট্ৰ। সেই হেতুকে জনসাধাৰণৰ কল্য়াণৰ বাবে চৰকাৰে অন্য়ান্য় দিশৰ লগতে গ্ৰাহকৰ সুৰক্ষাৰ দিশটোও  গুৰুত্ব সহকাৰে লৈছে। গ্ৰাহকৰ কল্যাণ আৰু সুৰক্ষাৰ হকে আমাৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্য়ৱস্থাও গ্ৰহণ কৰিলে। তলত এই বিষয়ে চমু আলোচনা কৰা হ'ল। 
গ্ৰাহকসকলে  লাভ কৰা অধিকাৰসমূহঃ
  • যিকোনো বস্তু কিনোতে বস্তু মূল্য়, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা।
  • গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা ।
  • গ্ৰাহকৰ অভাৱ-অবিয়োগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা। 
  • প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুূৰক্ষা আইনৰ সহায় লোৱা।
  • প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্য়ৱস্থাৰ দাবী কৰা।
  • গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি।
মনত ৰাখিবা, এই অধিকাৰসমূহ  আমাৰ দেশৰ সকলো নাগৰিকৰ ক্ষেত্ৰত প্ৰয়োজ্য়য। এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত। ইয়াক সাবাস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে। সমগ্ৰ বিশ্বত গ্ৰাহকৰ অদিকাৰৰ বিষয়টোৱে বৰ্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে। তাৰেই ভিত্তিত ১৫ মাৰ্চ তাৰিখতো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিবস হিচাপে পালন কৰা হয।
গ্ৰাহক সুৰক্ষা আইনঃ
১৯৮৫ চনতে ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল।এই নীতি-নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৮ ডিচেম্বৰত ভাৰতীয় সংসদৰ য়ুটীয়া সদেনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে। এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে। সেইবোৰ হ'ল- 
(ক)জিলা পৰ্যায়ত ঃ জিলা গ্ৰাহক সুৰক্ষা সংস্থা 
(খ) ৰাজ্য়িক পযায়ত ঃ ৰাজ্য়িক গ্ৰাহক সুৰক্ষা  সংস্থা 
(গ) ৰাষ্ট্ৰীয় পৰ্যায়ত ঃ ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা 
এই সংস্থাসমূহে গ্ৰাহকৰ অভাৱ-অভিযোগ পূৰণ, ন্য়ায় বিচাৰ আৰু সুৰসাৰ বাবে কাম কৰে। অকল ভাৰতেই নহয় সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়নকৰিছে।


Class 8 Social Science 
Type: Dimi Bora