পৰিকল্পনা, বাজেট আৰু উন্নয়ন 

এইবাৰ মনীষাৰ জন্মদিন দেওবাৰে এটাত পৰিছে। তাতে পিছদিনা সোমবাৰটোও চৰকাৰী ছুটীৰ দিন। কথাটো জানি মনীষা আৰু ককায়েক ঋষভৰ উলাহৰ অন্ত নাই। সিহঁতহালৰ অনেক জল্পনা-কল্পনা। কাৰণ বন্ধৰ দিনৰ মজাই বেলেগ তাতে আকৌ জন্মদিনৰ মজা। মাক অৰুণিমায়ো দুটা বন্ধৰ দিন একেলগে পোৱা কাৰণে ভাল পাইছে।

মনীষাহঁতৰ আচল ঘৰ দৰং জিলাৰ পাথৰিঘাটত। ল'ৰা-ছোৱালীহালক পঢ়ুৱাবৰ বাবে সিহঁতৰ সৈতে মাক অৰুণিমা যোৱা বছৰৰ পৰা মঙলদৈ চহৰৰ নতুন ঘৰটোত থাকিবলৈ লৈছে। চাকৰিৰ দায়িত্ব এৰাব নোৱাৰা বাবে দেউতাক গুৱাহাটীৰ ভাড়াঘৰত থাকে। কাৰ্যালয় বন্ধৰ দিনত মঙলদৈলৈ আহে। 

অৰুণিমাই ল'ৰা-ছোৱালীহালৰ লগতে সিহঁতৰ দেউতাকৰ মনৰ ইচ্ছাখিনি জানি লৈ চিন্তা কৰিলে যে পৰিয়ালৰ সকলোৰে মনত ভাল লগাকৈ মনীষাৰ জন্মদিনটো পালন কৰা উচিত। কাৰণ পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ'লে ল'ৰা-ছোৱালী বা জ্যেষ্ঠ জনৰ সদিচ্ছাবোৰক সদায় গুৰুত্ব দিব লাগে। পৰিয়ালৰ কল্যাণৰ বাবেও এনেবোৰ চিন্তা গ্ৰহণ কৰিবলগীয়া। 

তিনিওৰে ইচ্ছাবোৰ মহৎ আৰু গ্ৰহণ কৰিবলগীয়া। মনীষাৰ জন্মদিনটো সেইমতেই হওক বুলি অৰুণিমাই সিদ্ধান্ত লৈ পেলালে। পাথৰিঘাটৰ ঘৰলৈকো ফোন কৰি সকলোখিনি জনালে। তাৰ পিছত তেওঁ তলৰ কথাখিনি ভালদৰে জুকিয়াই ল'লে一  

*জন্মদিনটো পালন কৰিবলৈ সময় হিচাপে দুদিনৰ প্রয়ােজন হ'ব। 

* দুদিনৰ কাৰণে ভাড়া গাড়ী এখন বন্দোবস্ত কৰিব লাগিব। তেলৰ পইচা বেলেগে দিব লাগিব। 

* পাথৰিঘাট আৰু বিজ্ঞান যাদুঘৰলৈ যাওঁতে লগত কিছু খােৱা সামগ্রী লৈ যাব লাগিব। 

* মনীষাৰ বন্ধুবান্ধবীক খুৱাবলৈ বস্তুৰ যােগাৰ কৰিব লাগিব। 

* বিপুলৰ বাবে স্কুলবেগ এটা কিনিব লাগিব ।

* দুই এটা সৰু - সুৰা বাে লগত লৈ যাব লাগিব ...। 

কথাখিনি আৰু এবাৰ চিন্তা কৰি অৰুণিমাই বহীত লিখি ল’লে। লিখা শেষ কৰি তেওঁ দুয়ােদিনৰ বাবে হ’বলগীয়া আনুমানিক খৰচৰ চিন্তা কৰাত লাগিল। কাৰণ খৰচখিনি তেওঁৰ হাতত থকা ধনৰ পৰাই কৰিব লাগিব। অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা। নভবা-নিচিন্তাকৈ তেওঁ কেতিয়াও টকা-পইচা অবাবত খৰচ নকৰে। মাহটোৰ বাবে প্রয়ােজনীয় খৰচ কৰি ৰাহি হােৱা ধনখিনি অৰুণিমাই প্রতিমাহে নিয়মিত সঞ্চয় কৰে। সঞ্চয়ৰ ধন আৰু সেইমাহৰ খৰচৰ বাবে হাতত ধনৰ পৰাই তেওঁ মনীষাৰ জন্মদিন উপলেক্ষ বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ এটা হিচাপ প্ৰস্তুত কৰি উলিয়ালে।

অৰুনিমাই চিন্তা কৰি প্ৰস্তুত কৰা মতে হ'বলগীয়া খৰচৰ তালিকাখন এনে ধৰণৰ一

 হাতত থকা ধনৰ পৰিমাণ

 বিভিন্ন শিতানত হ’বলগীয়া খৰচৰ হিচাপ 

 

ভাড়াগাড়ী বাবদ- ৩,০০০.০০টকা

 

ডিজেলৰ বাবদ- ২,০০০.০০টকা

মাহটোৰ খৰচৰ বাবে হাতত পোৱা ধন- ২০,০০০.০০টকা

লগত নিবলগীয়া খোৱা বস্তুৰ বাবদ- ৮০০.০০টকা

আগৰ জমা (সঞ্চয়) ধন- ১০,০০০.০০টকা

মনীষাৰ বন্ধু-বান্ধবীক খুউৱাৰ বাবদ- ২,০০০.০০টকা

 

বিপুলৰ স্কুলবেগৰ বাবদ- ৪০০.০০টকা

 

দৰৱ-পাতিৰ বাবদ- ১৫০.০০টকা
মুঠ ধন-৩০,০০০.০০টকা

হ’বলগীয়া মুঠ খৰচ- ৮,৩৫০.০০টকা


*মাক অৰুণিমাই মনীষাৰ জন্মদিনটো এনেদৰে পালন কৰিবলৈ চিন্তা কৰিছে যাতে পৰিয়ালৰ সকলােৱে আনন্দ লাভ কৰে। 

*দুয়াে দিনতে কিছুমান বিশেষ কাম নির্ধাৰিত হ'ব। 

*কামবোৰ কৰিবলৈ অর্থ বা টকা - পইচাৰ প্রয়ােজন হ’ব।

*মাহটোৰ খৰচৰ বাবে তেওঁৰ হাতত থকা ধন আৰু ৰাহি ধনৰ পৰাই জন্মদিনৰ খৰচ উলিয়াব লাগিব। 

*খৰচবােৰ কৰোঁতে ভাবি-চিন্তি কৰিব লাগিব যাতে টকা - পইচাৰ অপব্যয় নহয়।

*জন্মদিনটো উদ্যাপন কৰাৰ নামত পৰিয়ালটোৰ কল্যাণ ব্যাহত হ’ব নালাগিব।

ওপৰৰ কথাখিনিৰ পৰা তােমালােকে নিশ্চয় ধাৰণা কৰিব পাৰিছা যে মাকে মনীষাৰ জন্মদিনটো পালন কৰিবলৈ প্ৰথমতে এক পৰিকল্পনা কৰিছে। পৰিকল্পনামতে কামবােৰ নিয়াৰিকৈ কৰিবলৈ খৰচৰ এক হিচাপাে প্রস্তুত কৰি উলিয়াইছে।

এইদৰে অৰুণিমাই ছােৱালীৰ জন্মদিন উপলক্ষে যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰিছে সেয়া হৈছে। জন্মদিনৰ পৰিকল্পনা। এই পৰিকল্পনামতে কামসমূহ ৰূপায়ণ কৰিবলৈ কিমান অর্থ বা টকা- পইচাৰ প্রয়ােজন হব, সেই অর্থ ক’ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ তেওঁ যিদৰে কৰিছে সেয়া হৈছে জন্মদিনৰ বাজেট। ঠিক তেনেদৰে প্রতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট পৰিকল্পনা থাকে। পৰিকল্পিত কামসমূহ সম্পন্ন কৰিবলৈ পৰিয়ালে নিজস্ব মাহিলী বাজেট প্ৰস্তুত কৰি লয় যাতে উপাৰ্জিত ধনেৰে পৰিয়ালটো ভালদৰে চলিব পাৰে।

ইতিমধ্যে আগৰ পিঠত তােমালােকে পাই আহিছা যে দেশ আৰু দেশৰ জনসাধাৰণৰ বাবে চৰকাৰে বিভিন্ন কাম কাজ কৰে। সাধাৰণতে এনে কামৰ তালিকাত কল্যাণমূলক কাম কাজবােৰক প্রাধান্য দিয়া হয়। এই কল্যাণমূলক কামসমূহ কেতিয়া, কেনেকৈ, কাৰ দ্বাৰা কৰা হ'ব, সেই বিষয়ে চৰকাৰে আগতীয়াকৈ চিন্তা কৰি এক পৰিকল্পনা যুগুত কৰে। সেই পৰিকল্পনাসমূহ বাস্তৱায়িত কৰিবলৈ এটা নির্দিষ্ট সময়ত দেশৰ কিমান অর্থ খৰচ বা ব্যয় হব, সেই অর্থ ক'ৰ পৰা আহিব, চৰকাৰৰ উপার্জন কিমান হ’ব আদি আর্থিক দিশৰ কথাবােৰ জড়িত হৈ থাকে বাবে এনে পৰিকল্পনাক অর্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। ঘৰুৱা পৰিকল্পনা মতে কাম কৰিবলৈ পৰিয়াল এটাই যিদৰে বাজেট নির্ধাৰণ কৰে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈও চৰকাৰী বাজেট প্রস্তুত কৰি লােৱা হয় যাতে প্রতিটো শিতানত সঠিক খৰচ বা বিনিয়ােগ কৰিব পাৰি।

আমাৰ দেশত সাধাৰণতে পাঁবছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হয় যাক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কওঁ। ১৯৫১ চনৰ পৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে দেশখনৰ আৰ্থিক উন্নতিৰ কাম হাতত লোৱা হৈছে। তদুপৰি বছৰটো ভিতৰত কৰিবলগীয়া কামৰ পৰিকল্পনাও চৰকাৰে কৰে যাক বাৰ্ষিক পৰিকল্পনা বোলে। এই পৰিকল্পনাসমূহ সুচৰুৰূপে ৰূপায়ন কৰিবলৈ আমাৰ দেশত এখন নিৰ্দিষ্ট আয়োগ আছে যাক বৰ্তমান 'নীতি আয়োগ' হিচাপে নামকৰণ কৰা হৈছে। এই আয়োগ প্ৰস্তুত কৰা পৰিকল্পনা অনুসৰি চৰকাৰে নানাধৰণৰ আঁচনি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী হ'ল এই আয়োগৰ অধ্যক্ষ। পৰিকল্পনা উদ্দেশ্য হ'ল জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰি দেশখনক সমৃদ্ধিৰ পথত আগুৱাই লৈ যোৱা। আগলৈ তোমালোকে আমাৰ দেশৰ পৰিকল্পনা সম্পৰ্কে অধিক দৰকাৰী কথা জানিবলৈ পাবাহক। 

এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা যে চৰকাৰী পৰিকল্পনাত উন্নয়নমূলক কাম-কাজকহে গুৰুত্ব প্ৰদান কৰা হয় আৰু এই কাম-কাজৰ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থ বা বিত্তৰ প্ৰয়োজন হয়। এই প্ৰয়োজনীয় অৰ্থ বা বিত্ত চৰকাৰে কৰ'পৰা আহৰণ কৰে বাৰু? আগৰ শেণীৰ পাঠত তোমালোকে কৃষি, উদ্যোগ আৰু সেৱাখণ্ডৰ বিষয়ে কিছু আভাস পাইছা। প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি এই তিনিওটা খণ্ডৰ পৰা যি সামগ্ৰী বা সেৱা উৎপাদন হয় তাৰ পৰাই চৰকাৰ এখনৰ মুঠ আয় বা উপাৰ্জন নিৰ্ধাৰিত হয়। সেয়েহে ৰাষ্ট্ৰৰ  উপাৰ্জন বৃদ্ধি কৰিবলৈ অধিক উৎপাদন হোৱাটো বাঞ্ছনীয়। চৰকাৰে এই উপাৰ্জনৰ এটা বুজন  অংশ জনসাধাৰণৰ ভোগ বা কল্যাণৰ বাবে খৰচ কৰি বাকী ৰাহি হোৱা অংশখিনি চৰকাৰী ৰাজকোষত জমা কৰে। অৰ্থাৎ অৰুণিমাৰ দৰে চৰকাৰেও ৰাহিধন সঞ্চয় কৰে। এই সঞ্চয় বা জমাধন বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানক ধাৰলৈ দি চৰকাৰে সুদ আদায় কৰে আৰু চৰকাৰৰ আয় বৃদ্ধি কৰে। ইয়াৰ উপৰি চৰকাৰে বিভিন্ন ধৰণৰ কৰ-কাটলৰ ব্যৱস্থাও কৰে। দেশৰ জনসাধাৰণলৈ আগবঢ়োৱা বিবিন্ন সেৱাৰ বাবদ এই কৰ-কাটলবোৰ নিৰ্ধাৰণ কৰা হয়।উদাহৰণস্বৰূপে আয়কৰ, বিক্ৰীকৰ, আবকাৰী কৰ আদি। দেশৰ উপাৰ্জনৰ এটা বুজন অংশ কৰ-কাটলৰ পৰা সংগ্ৰহ হয়। ৰাহি হোৱা ধন উৎপাদনমূলত কাম-কাজত বিনিয়োগ কৰি চৰকাৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। এইখিনিতে আৰু এটা কথা মন কৰিবা যে ৰাহিধনৰ কিছু অংশ প্ৰয়োজন অনুসাৰে উৎপাদন নোহোৱা কাম-কজতো ব্যৱহাৰ কৰা হয়। যেনেঃ পাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে আগবঢ়োৱা সাহায্য, কুটাঘাতমূলক কাৰ্যৰ ফলত ক্ষতিগ্ৰস্ত বা সংঘৰ্ষপীড়িত অঞ্চলৰ মানুহৰ বাবে আগবঢ়োৱা সাহায্য আদি। চৰকাৰৰ এনেবোৰ ব্যৱস্থাই আকস্মিক দুৰ্যোগ বা দুৰ্ঘটনাত পতিত হোৱা লোকসকলক পুনৰ সংস্থাপনৰ সুবিধা দিয়ে যাতে তেওঁলোকে পুনৰ নিজৰ নিজৰ কামত উদ্যমেৰে আগবাঢ়িব পাৰে। 



 Class 7 Social Science

Type: Nayan Moni Deka