মনচবদাৰী প্ৰথা ঃ
মুছলমানসকলে ভাৰতবৰ্ষৰ এটি ক্ষুদ্ৰ অঞ্চল জয় কৰি তুৰ্কী-আফগান শাসনৰ পাতনি মেলিছিল। লাহে লাহে এই ৰাজ্যই বিস্তৃতি লাভ কৰে। মোগল শাসকসকলৰ দিনত ইৰাণী, দেশীয় মুছলমান, আফগান, ৰাজপুত, মাৰাঠা আদি বিভিন্ন জাতিয়ে শাসন কৰা ৰাজ্যসমূহ মোগল সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত হৈছিল।মোগলসকলে এই সকলো জনগোষ্ঠীৰ লোকক মোগল শাসনত নিয়োগ কৰি তেওঁলোকক মনচবদাৰ পাতিছিল। এইখিনিতে তোমালোকে মনচবদাৰ প্ৰথাৰ বিষয়ে কিছু কথা জানি থোৱা। মনচবদাৰ প্ৰথাৰ লগত ভূমিৰ কোনো প্ৰতেক্ষ সম্পৰ্ক নাছিল। প্ৰকৃততে মনচবদাৰ প্ৰথা মোগল শাসন নীতিৰ এটা অংশ। মনচবদাৰ শব্দটোৱে পদ-মৰ্যদা বা উপাদি বুজায়। ইতিহাসবিদসকলৰ মতে ১৫৭৭ খ্ৰীঃত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত এই মনচবদাৰ প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথা পাৰস্য দেশৰ পৰা অনুকৰণ কৰা বুলি অনুমান কৰা হয়। সম্ভৱত সামৰিক বাহিনীটো শক্তিশালী কৰা, সকলো জাতি-জনজাতিক শাসনত জড়িত কৰা তথা তেওঁলোকক সন্তুষ্ট কৰি ৰখাৰ প্ৰয়াসেৰে তেওঁ এই প্ৰথাৰ প্ৰৱৰ্তন কৰা যেন অনুমান হয়। উল্লেখ্য যে উত্তৰাধিকাৰ সূত্ৰে কোনেও মনচবদাৰ হ'ব নোৱাৰিছিল। আকবৰে তেওঁৰ সামৰিক বাহিনীক একোটাকৈগোটত বিভক্ত কৰি প্ৰত্যেক গোটতে মনচবদাৰ নিয়োগ কৰিছিল। একোটা মনচবত দহৰ পৰা দহ হাজাৰলৈকে সৈন্য আছিল। মনচবদাৰসকলৰ ভিতৰত আটাইতকৈ সৰুজন দহজন সৈন্যৰ মনচবদাৰ আছিল। আকবৰৰ তিনিজন পুত্ৰক আটাইতকৈ ডাঙৰ মনচবদাৰ প্ৰদান কৰা হৈছিল। এই ব্যৱস্থা অনুসৰি যুৱৰাজ চেলিম, মুৰাদ আৰু ডেনিয়েলে যথাক্ৰমে দহ হাজাৰ, আঠ হাজাৰ আৰু সাত হাজাৰ সৈন্যৰ মনচব পাইছিল। মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমৰ্যদা অনুসৰি মনচবদাৰসকলৰ পাৰিতোষিক নিৰ্দিষ্ট কৰা হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰ পৰা মনচবদাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল'ব পাৰিছিল।
সম্ৰাট আকবৰে জায়গীৰবোৰৰ উৎপাদন ক্ষমতা নিৰূপন কৰি মনচবদাৰৰ পাৰিতোষিকৰ লগত সমতা স্থাপনৰ ব্যৱস্থা লৈছিল। অৱশ্যে ঔৰংগজেৱৰ দিনত এই সমতা নোহোৱা হৈছিল। যথেষ্ট সংখ্যক মনচবদাৰৰ সৃষ্টি হোৱাৰ ফলত জায়গীৰৰ সংখ্যা কমি গৈছিল। ফলত মনচবদাৰসকলে পাবলগীয়া পাৰিতোষিক পোৱাত সমস্যাৰ উদ্ভৱ হৈছিল। বহুত মনচবদাৰে জায়গীৰ লাভ কৰিবলৈ দীঘলীয়া সময়ো অপেক্ষা কৰিবলগীয়া হৈছিল। অতিৰিক্ত কৰ আদায়ৰ বাবা কিছুমান মনচবদাৰে কৃষকৰ পৰা অত্যদিক কৰ আদায় কৰিছিল। সেয়ে ঔৰংগজেৱৰ শাসন কালত কৃষকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব হৈছিল।
Class 7 Social Science
Type: Nayan Moni Deka