লালবাহাদুৰ শাস্ত্ৰীৰ বিষয়ে কিছু প্ৰশ্ন আৰু উত্তৰ


১. লালবাহাদুৰ শাস্ত্ৰী জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীৰ ১৯০৪ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে উত্তৰ প্ৰদেশৰ বৰাণসী জিলাত মোগল চৰাই নামৰ এখন ঠাইত তেওঁৰ জন্ম হৈছিল।


২. লালবাহাদুৰ শাস্ত্ৰীৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ তেওঁৰ পিতৃৰ নাম আছিল সাৰদা প্ৰসাদ শ্ৰীবাস্তৱ আৰু তেওঁৰ মাতৃৰ নাম আছিৰ ৰামদুলাৰী দেৱী।


৩. লালবাহাদুৰ শাস্ত্ৰীয়ে পঢ়া বিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীয়ে পঢ়া বিদ্যালয়খনৰ নাম আছিল বৰাণসীৰ হৰিচন্দ্ৰ বিদ্যালয়।


৪. বৰাণসীৰ হৰিচন্দ্ৰ বিদ্যালয়ত লালবাহাদুৰে কিমান বছৰ বয়সলৈ বিদ্যা-শিক্ষা লাভ কৰিছিল।

উত্তৰঃ বৰাণসীৰ হৰিচন্দ্ৰ বিদ্যালয়ত লালবাহাদুৰে ১৭ বছৰ বয়সলৈ বিদ্যা-শিক্ষা লাভ কৰিছিল।


৫. লালবাহাদুৰ শাস্ত্ৰী কিমান চনত প্ৰথম কাৰাবাস খাটিব লগা হয়।

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯২১ চনত প্ৰথম কাৰাবাস খাটিব লগা হয়।


৬. লালবাহাদুৰে শাস্ত্ৰী উপাধি ক’ৰ পৰা লাভ কৰিছিল ?

উত্তৰঃ লালবাহাদুৰে কাশী বিদ্যাপিঠৰ পৰা শাস্ত্ৰী উপাধি লাভ কৰে। আৰু তেতিয়াৰ পৰা তেওঁৰ নাম লালবাহাদুৰ শ্ৰীবাস্তৱৰ ঠাইত লালবাহদুৰ শাস্ত্ৰী হয়।


৭. লালবাহদুৰ শাস্ত্ৰীয়ে কিমান বছৰ বয়সত বিবাহ কৰিছিল ?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীয়ে ২৩ বছৰ বয়সত বিবাহ কৰিছিল।


৮. লালবাহাদুৰ শাস্ত্ৰীৰ পত্নি নাম কি আছিল ?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীৰ পত্নি নাম আছিল ললিতা।


৯. লালবাহাদুৰ শাস্ত্ৰী এলাহাবাদ পৌৰসভাত মুঠতে কেইবছৰ সদস্য হৈ আছিল।

উত্তৰঃ এলাহাবাদ পৌৰসভাত তেওঁ মুঠতে সাত বছৰ সদস্য হৈ আছিল।  


১০. কিমান চনত লালবাহাদুৰ শাস্ত্ৰী জিলা কংগ্ৰেচৰ সম্পাদক নিযুক্ত হয়।

উত্তৰঃ ১৯৩০ চনত লালবাহাদুৰ শাস্ত্ৰী জিলা কংগ্ৰেচৰ সম্পাদক নিযুক্ত হয়।


১১. কিমান চনত লালবাহাদুৰ শাস্ত্ৰীয়ে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৪০ চনত লালবাহাদুৰ শাস্ত্ৰীয়ে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল।


১২. লালবাহাদুৰ শাস্ত্ৰীয়ে মুঠতে কেইবাৰ কাৰাবাস খাটিব লগা হয়?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীয়ে মুঠতে ১১/১২ বাৰ মান কাৰাবাস খাটিব লগা হয়।


১৩. লালবাহাদুৰ শাস্ত্ৰী কিমান চনত উত্তৰ-প্ৰদেশৰ পুলিচ আৰু পৰিবহন মন্ত্ৰীৰ পদত নিযুক্তি হয়।

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী ১৯৪৭ চনত উত্তৰ-প্ৰদেশৰ পুলিচ আৰু পৰিবহন মন্ত্ৰীৰ পদত নিযুক্তি হয়।


১৪. লালবাহাদুৰ শাস্ত্ৰীয়ে কিমান চনত উত্তৰ-প্ৰদেশৰ পুলিচ আৰু পৰিবহন মন্ত্ৰীৰ পদ ত্যাগ কৰিছিল ?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯৫১ চনত উত্তৰ-প্ৰদেশৰ পুলিচ আৰু পৰিবহন মন্ত্ৰীৰ পদ ত্যাগ কৰিছিল ?


১৫. লালবাহাদুৰ শস্ত্ৰীয়ে কেতিয়া কেন্দ্ৰীয় ৰেল আৰু পৰিবহন মন্ত্ৰী নিযুক্ত হয় ?

উত্তৰঃ লালবাহাদুৰ শস্ত্ৰীয়ে ১৯৫২ চনৰ মে’মাহত কেন্দ্ৰীয় ৰেল আৰু পৰিবহন মন্ত্ৰী নিযুক্ত হয়।


১৬. লালবাহাদুৰ শস্ত্ৰীয়ে কেন্দ্ৰীয় ৰেল আৰু পৰিবহন মন্ত্ৰীপদ কিমান  চনত ত্যাগ কৰে ?

উত্তৰঃ লালবাহাদুৰ শস্ত্ৰীয়ে কেন্দ্ৰীয় ৰেল আৰু পৰিবহন মন্ত্ৰীপদ ১৯৫৬ চনত ত্যাগ কৰিছিল।


১৭. ১৯৫৮ চনত লালবাহাদুৰ শাস্ত্ৰী কি কি বিভাগৰ মন্ত্ৰী নিযুক্তি হয়।

উত্তৰঃ ১৯৫৮ চনত লালবাহাদুৰ শাস্ত্ৰী শিল্প আৰু বাণিজ্য বিভাগৰ মন্ত্ৰি নিযুক্তি হয়।


১৮. কিমান চনৰ কিমান তাৰিখে  লালবাহাদুৰ শাস্ত্ৰীক দপ্তৰ-বিহীন মন্ত্ৰী নিযুক্তি কৰা হয়।

উত্তৰঃ ১৯৬৪ চনৰ ২৪ জানুৱাৰী তাৰিখে শাস্ত্ৰীক দপ্তৰ-বিহীন মন্ত্ৰী নিযুক্তি কৰা হয়।


১৯. লালবাহাদুৰ শাস্ত্ৰী কিমান চনত ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী ১৯৬৪ চনৰ জুন মাহত ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।


২০. কিমান চনত লালবাহাদুৰ শাস্ত্ৰীয়ে বিদেশ ভ্ৰমন কৰিছিল।

উত্তৰঃ ১৯৬৫ চনত লালবাহাদুৰ শাস্ত্ৰীয়ে বিদেশ ভ্ৰমন কৰিছিল।


২১. লালবাহাদুৰ শাস্ত্ৰীয়ে অসমলৈ কেতিয়া আহিছিল।

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯৬৫ চনৰ পাক-ভাৰত যুদ্ধৰ সময়ত অসমলৈ আহিছিল।


২২. লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু ক’ত আৰু কেতিয়া হৈছিল।

উত্তৰঃ  লালবাহাদুৰ শাস্ত্ৰী ১৯৬৬ চনৰ ১১ জানুৱাৰী তাৰিখে ৰাতি ১০-৩০ বজাত উজবেকিস্তানৰ ৰাজধানী তাছখন্দত মৃত্যু হৈছিল।


২৩. লালবাহাদুৰ শাস্ত্ৰীক ভাৰতবৰ্ষই কিমান চনত কি উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰীক ভাৰতবৰ্ষই ১৯৬৬ চনত মৰণোত্তৰ ভাৱে 'ভাৰত ৰত্ন' উপাধিৰে  বিভূষিত কৰিছিল। 


সৌৰভ বৰা
(Morigaon Assam)