ভাস্কৰ্য ঃ

মোগলযুগৰ স্থাপত্য শিল্পৰ বিষয়ে তোমালোকে বহুতো তথ্য লাভ কৰিলাহঁক। কিন্তু এই সময়ৰ ভাস্কৰ্যৰ বিষয়ে বিতংভাৱে জানিব পৰা নাযায়। আকবৰ আৰু জাহাংগীৰে এই ক্ষেত্ৰত কিছু উদ্যাগ গ্ৰহণ কৰিছিল যদিও কঠোৰ ধৰ্মীয় নীতিয়ে ইয়াৰ গতি স্থবিৰ কৰি তুলিছিল। 

চিত্ৰ-কলা ঃ

ভাৰতবৰ্ষত মোগলসকলৰ সাংস্কৃতিক দিশৰ অৱদানৰ বিষয়ে কৰা আলোচনা সেই যুগৰ চিত্ৰকলাৰ আলোচনা অবিহনে কেতিয়াও সম্পূর্ণ হ’ব নােৱাৰে। কিয়নাে চিত্রকলাৰ দিশতাে মােগল সম্রাটসকলে উল্লেখযােগ্য বৰঙণি আগবঢ়াই এই দেশৰ সংস্কৃতি চহকী কৰি থৈ গৈছে। মােগল শিল্পৰ সজীৱ চিত্রায়ন, সুন্দৰ প্ৰকাশ ভংগী আৰু প্রকৃতি প্রেমে চিত্রশিল্পত এক গতিময় ছন্দ আনি দিছিল। পাছিয়ান আৰু ইউৰােপৰ চিত্র শৈলীৰ সমন্বয়ৰে ভাৰতীয় পৰম্পৰা অক্ষুন্ন ৰাখি সম্পূর্ণ নতুন নির্মাণ শৈলীৰে মােগল যুগৰ চিত্রকলা প্রস্তুত কৰা হৈছিল। সমসাময়িক ৰাজনৈতিক ঘটনা, চিকাৰ, প্রাকৃতিক দৃশ্য, গছ-লতা আদিয়েই মােগল চিত্রশিল্পৰ ঘাই বিষয়বস্তু আছিল। মাত্র পাঁচ বছৰৰ ৰাজত্বকালত সম্রাট বাবৰে চিত্রশিল্পৰ ক্ষেত্ৰত বিশেষ একো কৰিব নােৱাৰিলে যদিও চিত্ৰকৰসকলক যথেষ্ট উৎসাহিত কৰিছিল। এগৰাকী প্রকৃতি প্রেমী হিচাপে তেওঁ চিত্র শিল্পত প্রকৃতিক অগ্রাধিকাৰ দিয়াৰ সপক্ষে আছিল। বাবৰৰ পুত্র হুমায়ুনাে এগৰাকী চিত্রপ্রেমী আছিল। ঘটনাক্রমে তেৱোঁ পাছিয়ান চিত্রশিল্পৰ সান্নিধ্যলৈ আহে আৰু এই চিত্রশিল্প ভাৰতলৈ আমদানি কৰে। হুমায়ুনে পাৰস্যৰ পৰা দুজন চিত্রশিল্পীও ভাৰতলৈ লৈ আহিছিল।

সম্ৰাট আকবৰো এজন মানৱদৰদী চিত্ৰপ্ৰেমী আছিল। সেই সয়মৰ ৰক্ষণশীল মোগল সমাজত থকা নিষেধাজ্ঞা ভংগ কৰি তেওঁ কলা-সংস্কৃতিত এক বিৱৰ্তনৰ সূচনা কৰিছিল। চিত্ৰশিল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ সুলভ মূল্য নিৰ্ধাৰণ কৰি আকবৰে ভাৰতীয় জাতীয় চিত্ৰকলাৰ ভোটি তৈয়াৰ কৰিছিল। চিত্ৰশিল্পৰ তদাৰক কৰিবলৈ আকবৰে এটা সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল। মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত। জাহাংগীৰ নিজে এজন চিত্ৰপ্ৰেমী হোৱাৰ লগতে এজন অভিজ্ঞ চিত্ৰ সমালোচকো আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পইও এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল। ছাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগন্য যদিও তেওঁৰ পুত্ৰ দাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। দাৰা নিজেও এজন চিত্ৰকৰ আছিল। আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে। 


Class 7 Social Science 

Type: Nayan Moni Deka