ভাৰতবৰ্ষৰ বৃষ্টিপাতঃ

বছৰটোৰ বৃষ্টিপাটৰ গড় পৰিমাণৰ ভিত্তিত সিপিঠিত দিয়া ধৰণে ভাৰতবৰ্ষক কেইটামান বৃষ্টিপাতৰ অঞ্চলত ভাগ কৰিব পৰা যায়।


তাপমাত্ৰাঃ

কোনো এখন ঠাইৰ তাপমাত্ৰাৰ কি কি কাৰণত তাৰতম্য ঘটে তোমালোকে জানানে?

বতাহ, সূৰ্যৰ উত্তাপ, ঠাইখনৰ উচ্চতা, বিষুৱৰ পৰা ঠাইখনৰ দূৰত্ব আদি কাৰকৰ প্ৰভাৱত ঠাই এখনৰ তাপমাত্ৰা কম-বেছি হয়। মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৃষ্টিপাতে  ভাৰতবৰ্ষৰ বেছিভাগ ঠাইৰ তাপমাত্ৰা প্ৰভাৱিত কৰিছে।

নৱেম্বৰৰ পৰা ভাৰতবৰ্ষৰ স্থানসমূহত তাপমাত্ৰা হ্ৰাস হ'বলৈ ধৰে। নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ এই সময়ত গংগাৰ উপত্যকা অঞ্চলৰ তাপমাত্রা আন অঞ্চলতকৈ তুলনামূলকভাৱে হ্রাস পায়। দক্ষিণ ভাৰতৰ স্থানসমূহত উত্তৰ ভাৰতৰ তুলনাত এই সময়ত তাপমাত্রা কিছু অধিক হৈ থাকে। মাৰ্চৰ পৰা জুন মাহলৈ এই সময়ছােৱাত গােটেই ভাৰততে তাপমাত্রা বৃদ্ধি পায়। ৰাজস্থানৰ পশ্চিম অঞ্চলত তাপমাত্রা দেশৰ ভিতৰতে সর্বাধিক হয়। উত্তৰ ভাৰতৰ ঠাইবােৰৰ তুলনাত দক্ষিণ ভাৰতৰ তাপমাত্রা অধিক হয়। জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজ ভাগলৈ মৌচুমী বতাহৰ প্রভাৱত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয়। ইয়াৰ ফলত ভাৰতৰ বিভিন্ন অঞ্চলত তাপমাত্রা কমি আহে আৰু উৎকট গৰম কিছু পৰিমাণে প্রশমিত হয়। ছেপ্টেম্বৰৰ মাজ ভাগৰ পৰা নৱেম্বৰ মাহৰ সময়ছোৱাত ভাৰতৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। ইয়াৰ ফলত তাপমাত্ৰা হ্ৰাস হৈ জলবায়ু আৰামদায়ক হৈ উঠে।


Class 7 Social Science 

Type: Nayan Moni Deka