পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰঃ
মনসিং টেৰণে সূতাৰপাৰা সাপ্তাহিক বজাৰৰ চমচেৰ দোকানীৰ পৰা ৬০ টকাত এটা গেঞ্জি কিনিলে। চমচেৰে গুৱাহাটীৰ ফাঁচী বজাৰত অস্থিত 'অৰুণ' ষ্টোৰ'ৰ পৰা ডজনে প্ৰতি ৬০০ টকা হিচাপে ৫ ডজন গিঞ্জি ক্ৰয় কৰিছিল। অৰুণ ষ্টোৰৰ মালিকে আকৌ কলকাতাৰ গেঞ্জি উৎপাদনকাৰী 'কমল সাহা এণ্ড কোম্পানী'ৰ পৰা ডজনে প্ৰতি ৫০০ টকা দৰত ৫০ ডজন গেঞ্জি ক্ৰয় কৰিছিল।
ওপৰৰ ওপৰৰ কথাখিনিৰ পৰা আমি বুজিলোঁ যে দোকানৰ পৰা ক্ৰয় কৰা সামগ্ৰীসমূহ সেই ঠাইতে উৎপাদন কৰা নহয়। সামগ্ৰীসমূহ কাৰখানাত উৎপাদন কৰা হয়। মনসিং টেৰণে কিনা গেঞ্জিটো কলকাতাৰ কমল সাহা এণ্ড কোম্পানী নামৰ কাৰখানাটোত উৎপাদন কৰা হৈছিল। উৎপাদনকাৰী আৰু গ্রাহকৰ মাজত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকল থাকে। ইয়াত চমচেৰ খুচুৰা ব্যৱসায়ী আৰু অৰুণ ষ্টোৰৰ মালিক পাইকাৰী ব্যৱসায়ী। আনহাতে কমল সাহা এণ্ড কোম্পানী উৎপাদনকাৰী। পাইকাৰী ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক পাইকাৰী বজাৰ আৰু বস্তুটোৰ যি দাম লয় তাক পাইকাৰী দাম বােলে। ঠিক সেইদৰে খুচুৰা ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ আৰু বস্তুটোৰ যি দাম লয় তাক খুচুৰা দাম বােলা হয়। উৎপাদনকাৰীৰ পৰা সামগ্ৰীসমূহ পাইকাৰী বিক্রেতাই বৃহৎ পৰিমাণে কিনি লয়। সৰহ সামগ্ৰী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কিছু কম হয়। খুচুৰা বিক্ৰেতা বা ফেৰিৱালাবোৰে পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰি লাভ অৰ্জন কৰে। বিক্ৰতাই সদায় নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰিবলৈ চেষ্টা কৰে। ক্ৰয় দামতকৈ বিক্ৰয় দাম বেছি হ'লে লাভ হয়। লাভ অৰ্জন কৰি জীৱন নিৰ্বাহ কৰাই হৈছে সকলো ব্যৱসায়ীৰ মূল লক্ষ্য।
হকাৰে চলোৱা বজাৰঃ
হকাৰ বা ফেৰিৱালাৰ পৰা আমি শাক-পাচলি, গাখীৰ, পফ-মূল, কণী, প্ৰসাধন সামগ্ৰী, কেৰাচিন, সুলভ মূল্যৰ লাগতিয়াল ,সামগ্ৰী, বাতৰি কাকত আদি কিনোঁ। তেওঁলোকে বস্তু কঢ়িয়াই নি ঘৰে ঘৰে বিক্ৰী কৰে। হকাৰ বা ফেৰীৱালাই বিক্ৰী কৰা সামগ্ৰীৰ দৰসমূহ নিৰ্দিষ্ট নহয়।
শ্বপিং মলঃ
শ্বপিং মল হ'ল এটা ডাঙৰ বা বহু খলপীয়া ঘৰত থকা বজাৰ, য'ত আমাৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী বিভিন্ন ঠাইত আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। তাত গ্ৰাহকে নিজৰ পছন্দ অনুসৰি সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট ঠাইত বিল পৰিশোধ কৰিব পাৰে। এনে বজাৰৰ এক বিশেষ সুবিধা হ'ল-গ্ৰাহকে বিভিন্ন বস্তুৰ বাবে দোকান বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব নালাগে। শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তি বা কেইজনমান ব্যক্তিৰ এটা গোটৰ হাতত থাকে।
শ্বপিং কমপ্লেক্সঃ
শ্বপিং কমপ্লেক্স হ'ল এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি য'ত দোকান ভেদে বিভিন্ন সামগ্ৰী বেচা-কিনা কৰা হয়। ইয়াত সাধাৰণতে প্ৰতিখন দোকানৰে মালিকীস্বত্ব বেলেগ বেলগ হয়।
Class 7 Social Science
Type: Nayan Moni Deka