সতী জয়মতী


-----------------------------------------------------------

জন্ম হৈছিল মাদুৰী গাঁওৰ শিৱসাগৰ জিলাত আৰু মৃত্যুটো তাৰিখ জনা নাযায়

-----------------------------------------------------------

সতী জয়মতীঃ সতী জয়মতীৰ কুঁৱৰীৰ জন্ম হৈছিল মাদুৰী গাঁওৰ শিৱসাগৰ জিলাত। জয়মতীৰ পিতৃ নাম লাইথেপেনা বৰগোহাঞি আৰু মাতৃৰ নাম চন্দ্ৰদাৰু। সতীজয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। সতী জয়মতীৰ ধৰ্ম আছিল আহোম ধৰ্ম। সতী জয়মতী কুৱৰীৰ সময়ত আহোম ৰাজ্য ৰাজনৈতিক পৰিস্থিত অতি জটিল আছিল। জয়মতী দুটি সন্তান লাই আৰু লেচাই আছিল। ল'ৰা ৰজাৰ ভয়ত জয়মতীয়ে দুই পুত্ৰ আৰু স্বামীক নদাপাহৰত নগাৰ বেশত লোকুৱাই ৰাখিছিল। জয়মতীক ল'ৰা ৰজাই স্বামীৰ কথাত সোধাত একো নোকোৱাত ল'ৰা ৰজাই জেৰেঙা পথাৰত জয়মতীক শাস্তি দিছিল কিন্তু জয়মতীয়ে পুত্ৰৰ আৰু স্বামীৰ ভালৰ বাহে একো নকই চাওদাঙৰ হাতত মৃত্যুবৰণ কৰিছিল। সতী জয়মতীৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰই মাকৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্য জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী খন্দালে আৰু নাম দিলে জয়সাগৰ। জয়মতী আছিল অসমৰ একমাত্ৰ নাৰী যিয়ে স্বামী আৰু পুত্ৰৰ বাহে নিজৰ জীৱন ত্যাগ কৰিছিল। জয়মতীৰ কাহিনীটোক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

উৎসঃ বৈচিত্ৰ্যময় অসম
                                                                                                        
 Priyam Jyoti Patar