অ’….ৰিং মাৰি শুনিলো
অ’…ৰিং মাৰি শুনিলো
টিং চূড়াত উঠি দেখিলো অ’…
অ’ জিৰ জিৰ জিৰ জিৰ
জিৰ জিৰ আছো বৈ
সেউজি সেউজি বুকুখনি
শুকুলা খনিয়া চাদৰখন হৈ
লুইত মই, লুইত মই।
দুয়ো পাৰে পাৰে
মাতে মাতে ৰিঙিয়াই
ঘাটে ঘাটে ঢৌৱে
ঢৌৱে যায় সকিয়াই
আছিলো, আছো বৈ,
থাকিমে বৈ লুইত মই।
ময়েই শংকৰ ময়েই মাধৱ
বীৰ চিলাৰায় মই গদাধৰ
গণি দিনপঞ্জী ময়েই বুৰঞ্জী
পঞ্চতীৰ্থ মোৰ বুকুতেই বয়
লুইত মই, লুইত মই।
এইয়াতো নহয়
এইয়াতো নহয়
অহাৰ সময়
অ’ বৰষা কিয় আহিলি?
গ’ল মধুশন হ’ল বিফল লগন
আহিবনে কৰবীৰে কৰবী শুৱাই
মন গগনা বজাই ।।
কিয়নো বজালি তোৰ
মেঘৰ মাদল
কিয়নো নাচিছ তই হৈ উত্ৰাৱল
যেনেকে হাঁহিছ তেনে হাঁহি দেখা নাই
বুকু চমেচমায় যায় ।।
নাজানো মন মালিনী
মোৰে নো বন বননিত
ফুলত ফাগুন ফুলা নাই ।।
এইয়াতো নহয় যোৱাৰ সময়
অ’ বৰষা কিয়নো গ’লি
গ’ল নধুক্ষণ হ’ল বিফল লগন
আহিবনে কৰবীৰে… ।