অসমৰ জীৱসম্পদ | অধ্যায় ১৬ | Chapter 16 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Bioresources of Assam

অসমৰ জীৱসম্পদ

প্ৰশ্নমালা

1. অর্থনৈতিক উদ্ভিদ কাক বোলে?

2. কেইবিধমান অর্থনৈতিক উদ্ভিদৰ নাম লিখা।

3. মৰাপাটৰ আঁহ কি ধৰণৰ কোষেৰে গঠিত?

4. কপাহৰ অহ কিহৰ পৰা উৎপন্ন হয় আৰু ই কেই ধৰণৰ?

5. কি ধৰণৰ কাঠৰ অর্থনৈতিক গুৰুত্ব আটাইতকৈ বেছি?

6. কেইবিধমান ঔষধি উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু স্থানীয় নাম লিখা।

7. সর্পগন্ধাৰ ঔষধি গুণ কি কি?

৪. কুইনাইন কিহৰ পৰা উৎপন্ন হয়?

9. কপাহ উৎপাদনকাৰী উদ্ভিদ প্রজাতিবিলাকৰ বৈজ্ঞানিক নাম লিখা।

10. তলত উল্লেখ কৰা বস্তুবিলাকৰ উৎপাদনকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ হোৱা অংশৰ নাম লিখাঃ-

(a) মৰাপাট, ( b ) কপাহ, (c) ৰিহা, (d) ৰেছাৰপাইন, (e) এমিটি, (f) কুইনাইন, (g) শাল কাঠ, (h) চেগুণ কাঠ, (i) ছিছু কাঠ, (j) হলং কাঠ।

11. তলত দিয়া কেইটাৰ স্থানীয় নাম আৰু ব্যৱহাৰ উল্লেখ কৰা?

(a) Corchorus capsularis

(b) Gmelina arborea

12. নিম্নলিখিত বস্তুবোৰ থকা উদ্ভিদৰ বৈজ্ঞানিক নাম লিখা?

ব্ৰমেলিন, পেপেইন, চাইট্রিক অক্স, লিন্ট আৰু ফাজ।

13. অর্থনৈতিক উদ্ভিদৰ বন্যজাতবিলাক সংৰক্ষণ কৰাৰ প্রয়োজন কি? অসমত কিমান ধৰণৰ ধানৰ জাত পোৱা যায়?

14. অসমৰ উদ্ভিদ সম্পদৰ বিষয়ে এটি চমু আলোচনা দাঙি ধৰা।

15. আফিং গছত পোৱা দুবিধ উপক্ষাৰৰ নাম লিখা। আফিঙৰ যিকোনো দুটা ব্যৱহাৰ উল্লেখ কৰা।

16. তলত দিয়া উক্তিবোৰ শুদ্ধনে অশুদ্ধউল্লেখ কৰা আৰু অশুদ্ধ উক্তিবোৰ শুদ্ধকৈ লিখা।

(a) অসমত পোৱা শাল কাঠ উৎপন্নকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম Shorea robusta|

(b) মৰফিন নামৰ উপক্ষাৰবিধ Rauwolfia serpentina-ৰ পৰা আহৰণ কৰা হয়।

17. ৰিচাৰ্পিন আহৰণ কৰা উদ্ভিদজোপাৰ বৈজ্ঞানিক নামটো লিখা।

18. তলত উল্লেখ কৰা যিকোনো দুবিধ উদ্ভিদৰ বৈজ্ঞানিক নাম লিখি ব্যৱহাৰ লিখাঃ (a) নিম (b) চিকোনা (c) চেগুন।

19. বৈজ্ঞানিক নাম আৰু সিহঁতৰ গোত্র উল্লেখ কৰি অসমৰ তিনিধি জনপ্রিয় আৰু গুৰুত্বপূৰ্ণ কাঠ উৎপন্নকাৰী গছৰ নাম লিখা।

A. চমু উত্তৰৰ প্ৰশ্নঃ

1. ৰেচম সূতাৰ ৰাসায়নিক গঠন বর্ণনা কৰা

2. আমাৰ দেশত কি কি ধৰণৰ ৰেচম পলু পালন কৰা হয়?

3. এড়ি অথবা মুগা পলুৰ বহিৰাকৃতিৰ বৈশিষ্ট্য বর্ণনা কৰা।

4. মুগা পলু এবিধ চক্রীয় প্রজাতি। চমুকৈ বুজাই দিয়া।

5. লেটাগুটিৰ পৰা ৰেচম সূতা কটাৰ বিভিন্ন প্রক্রিয়া সম্পর্কে চমুকৈ লিখা।

6. ৰেচমৰ উৎপাদন বৃদ্ধিৰ উপায় কি কি?

7. ৰেচম পলুৰ কি কি ৰোগ দেখা দিব পাৰে? তাৰ প্ৰতিকাৰৰ কি ব্যৱস্থা লোৱা হয়?

8. অসমৰ ৰেচম শিল্পৰ বৈশিষ্ট্য কি? এটি আলোচনা দাঙি ধৰা?

9. অসমত ব্যৱসায়িকভিত্তিত কি কি ধৰণৰ ৰেচম কীট পালন কৰা হয়?

B. অতি চমু উত্তৰৰ প্রশ্নঃ

1. মুগা পলু আৰু এড়ি পলুৰ বৈজ্ঞানিক নাম কি?

2. পাট পলু, মুগা পলু আৰু চৰ পলুৱে কি কি গছৰ পাত খায়?

3. পলুৱে সাধাৰণতে কেইবাৰ মোট সলায়?

4. এড়ি পলুৰ দুটা মুখ্য আৰু দুটা গৌণ পোষক উদ্ভিদৰ নাম লিখা।

C. ৰচনাধর্মী প্রশ্নঃ

1. এবিধ ৰেচম চকৰীৰ জীৱন-চক্র বর্ণনা কৰা।

2. মুগা বা এড়ি পলুৰ ৰেচম উৎপাদন পদ্ধতিৰ এটি বিৱৰণ দিয়া।

3. এড়ি পলুৰ জীৱন বুৰঞ্জী, চিত্রসহ বর্ণনা কৰা।

4. অসমৰ ৰেচম শিল্প সম্পর্কে এখনি ৰচনা লিখা।

D. পার্থক্য দেখুওৱাঃ

1. মীন সংগ্রহ আৰু মীন পালন, 2. পলু আৰু লেটা, 3. মুখ্য আৰু গৌণ পোষক উদ্ভিদ, 4. এড়ি-ৰেচম আৰু মুগা ৰেচম, 5. একবর্ষডিম্বী আৰু দ্বিবর্ষডিম্বী।

E. টোকা লিখাঃ

1. ৰেচম শিল্পত অসমৰ স্থান; 2. ৰেচম উৎপাদন বৃদ্ধিৰ উপায়।

F. বহু বিকল্পী উত্তৰৰ প্ৰশ্নঃ

1. এড়ি পলুৰ বৈজ্ঞানিক নাম­-

(a) ফিলচমিয়া ৰিচিনি,

(b) বম্বিক্স ৰি,

(c) এট্টাকাচ ৰিচিনি,

(d) এন্থেৰিয়া ম্যালিট্টা।

2. এড়ি আৰু মুগা চকৰী-

(a) একচক্রী,

(b) দ্বিচক্রী,

(c) ত্রিচক্রী,

(d) বহুচক্রী।

3. এড়ি পলুৱে চতুর্থবাৰ মোট সলোৱাৰ পিছত-

(a) লেটাগুটি বান্ধে,

(b) বেছিকৈ খায়,

(c) বগাই ফুৰে,

(d) উৰি ফুৰে।

4. নুনী গছৰ পাত কোনবিধ ৰেচম পলুৰ খাদ্য

(a) মুগা,

(b) পাট,

(c) এড়ি,  

(d) তচৰ।


সম্ভাব্য প্ৰশ্নাৱলী

A. খালী ঠাই পূৰণ কৰা (এক নম্বৰৰ) ঃ

1. প্রাকৃতিক সম্পদবোৰ হৈছে ______ আৰু ______ ৰ উৎপাদিত বস্তু।

2. ভাৰতবৰ্ষত থকা সৰ্বমুঠ ৪০০ বিধ কপৌজাতীয় উদ্ভিদৰ, অসম হৈছে প্রায় _____ প্রজাতিৰ ঘৰ।

3. আওলফিয়া গছৰ অংশৰপৰা প্রায় ______ বিধ উপক্ষাৰ পৃথক কৰা হৈছে।

4. কুইনাইন আৰু চিনকোনাইন ______ গছৰ পৰা পোৱা যায়।

5 . ডাঙৰ গছবোৰৰ ______ কলাই প্রস্তুত কৰা কাঠ হৈছে গৌণ কলা।

6. ৰেচমকীট ______ গোত্ৰৰ অন্তর্গত।

7. মাইকী মুগা মথে খৰিকাত সংখ্যক কণী পাৰে।

৪. পেব্রিন ______ ৰ দ্বাৰা হয়।

9. কেচেৰু এড়ীপলুৰ ______ খাদ্য উদ্ভিদ।

10. বিষাক্ত পদার্থৰ গাঢ়তা ক্রমাগত ট্রফিক স্তৰত বৃদ্ধি হোৱাকে ______ বোলে।

11. উদ্ভিদ আৰু প্ৰাণীৰ পৰা উৎপন্ন হোৱা প্রাকৃতিক সম্পদৰ প্ৰধান উপাদানবোৰক ______ বৰ্তাই ৰাখে।

12. বৃষ্টিপাত, ভূমিস্থলন, প্ৰদূষণ আদিত উদ্ভিদৰ যি ভূমিকা সিয়ে অৱশেষত আমাৰ পৰিৱেশত ______ ৰ পৰা পোৱা যায়।

13. উপক্ষাৰ ৰেজাৰপাইন ______ ৰ পৰা আৰু ইয়াক হিচাপে ব্যৱহাৰ কৰা হয়।

14. এবিধ জনপ্রিয় ঔষধ 'Vaska' তৈয়াৰ কৰা হয় ______ ৰ পৰা আৰু ইয়াক ______ হিচাবে ব্যৱহাৰ কৰা হয়।

15. শালগছৰ উদ্ভিদ বৈজ্ঞানিক নাম ______

B. শুদ্ধ নে অশুদ্ধ (এক নম্বৰৰ) ঃ

1. গছে মানুহক খাদ্য, বস্ত্ৰ আৰু আশ্রয় প্রদান কৰে।

2. কুইনাইন, কুইনিডাইন আৰু চিনকোনাইন বল আৰু শক্তি বঢ়াবলৈ ব্যৱহাৰ কৰা দৰকাৰী আৰু উপযুক্ত ঔষধ।

3. এট্রপা বেলাডনাৰপৰা পোৰা ঔষধ হৃদযন্ত্রৰ মাংসপেশীৰ বিষ আৰু হৃদযন্ত্রৰ স্পন্দৰৰ উপশম পাবলৈ ব্যৱহাৰ কৰা হয়।

4. চেগুণ গছৰ অন্তঃকাঠ আৰু ৰসবাহী কাঠ ক্রমে বগা আৰু সোণালী হালধীয়া ৰঙৰ।

5. ভাৰবিনেচি গোত্ৰৰ অন্তৰ্গত শিশু গছৰ বৈজ্ঞানিক নাম হল মেলিনা আৰবোৰিয়া।

6. ৰেচম পালন অসমৰ এটা উল্লেখযোগ্য কুটীৰ শিল্প।

7. বক্সি মৰি মুখ্য খাদ্য উদ্ভিদ হৈছে এৰা গছ।

৪. ৰেচমপলুৰ কণীবোৰ বীজাণুমুক্ত কৰিবলৈ 2% ফৰমেলিনত ধোৱা হয়।

9. ঘৰ সজা কাঠ হৈছে এটা ব্যৱহাৰিক শব্দ যাক পৰিষ্কাৰকৈ ডাঙৰ গছৰ গা গছৰ পৰা প্ৰস্তুত কৰা হয়।

10. এটুপা বেলজিনা ধতুৰাৰ উদ্ভিদ বৈজ্ঞানিক নাম যি চোলানেচি গোত্ৰৰ অন্তর্গত।

11. অসমৰ বনাঞ্চল ভৱিষ্যতৰ জিনীয় সম্পদেৰে পৰিপূর্ণ।

12. বায়ু প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্রণ বলবৎ কৰা হয়?

13. উদ্ভিদে পুৰণকৰা মানুহৰ প্রধান প্রয়োজনীয়।

14. চিনকোনা গছত উদ্ভিদ বৈজ্ঞানিক নাম কি?

15. নিম গছক কিয় আচ কৰ উদ্ভিদ বোলা হয়?

C. অতি চুটি উত্তৰৰ প্ৰশ্ন (এক নম্বৰৰ) ঃ

1. প্রাকৃতিক সম্পদ কি?

2. জীৱ সম্পদৰ হট-স্পটবুলিলে কি বুজা?

3. অৰণ্যৰ আনুবংশিক সম্পদবোৰ কি কি?

4. বাউলফিয়া (সর্পগন্ধা) গছৰ প্রথম বিৱৰণ কোনে দিছিল?

5. বর্ষাৰণ্য বুলিলে কি বুজা?

6. ৰেচম পালন কি?

7. মালবেৰী ৰেচম কীট কোনটো গোত্ৰৰ অন্তর্ভুক্ত?

৪. মালবেৰী ৰেচম কীটৰ বৈজ্ঞানিক নাম কি?

9. মুগা চকৰীৰ পালনত লবলগীয়া সাৱধানতা লিখা।

10. স্পিনাৰেট কি?

D. চুটি উত্তৰৰ প্রশ্ন (দুই নম্বৰৰ) ঃ

1. মানুহৰ লগতে প্রত্যেক প্রাণীয়ে প্রত্যক্ষ বা পৰোক্ষভাবে কিয় আৰু কেনেকৈ উদ্ভিদৰ উপৰত নিৰ্ভৰ কৰে লিখা।

2. নৃগোষ্ঠীয় উদ্ভিদবিদ্যা কি? ই কেনেদৰে ঔষধি উদ্ভিদৰ লগত জড়িত?

3. অসম জীৱসম্পদৰ হটস্পট অঞ্চল”—কাৰণ দশোৱা।

4. দুবিধ এনে গছৰ উদ্ভিদ বৈজ্ঞানিক নাম আৰু গোত্র লিখা যাৰ শিপা ঔষধ প্রস্তুতকৰণত ব্যৱহৃত হয়।

5. অসমত ব্যৱসায়িক ভাবে ৰেচমপলু পালনত ব্যৱহাৰ হোৱা বিভিন্ন প্রজাতিবোৰ কি কি?

6. মুগাপলুৰ বৰ্গীকৰণ লিখা।

7. বর্গমতে অসমত ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা ৰেচমকীটৰ এখন তালিকা প্রস্তুত কৰা।

8. এড়ী আৰু মুগাপলুৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ এবিধ কৈ মুখ্য খাদ্য উদ্ভিদৰ নাম লিখা।

9. ব্যৱসায়িকভাৱে পালন কৰা ৰেচমকীটবোৰ কি কি? তচৰ কীটৰ দুবিধ খাদ্য উদ্ভিদৰ নাম লিখা।

10. ফ্লেচাৰীৰ কাৰক প্রাণী আৰু ইয়াৰ লক্ষণসমূহ লিখা।

11. ফ্লেচাৰীৰ দ্বাৰা আক্রান্ত হলে কি কি উপায় ল'ব লাগে?

12. ব্যৱসায়িক কাঠ উৎপাদনকাৰী গছৰ কোষীয় উৎপাদনসমূহ কি কি?

13. যিকোনো দুবিধ ঔষধি গছৰ বৈজ্ঞানিক নাম লিখা যাক কফ উলিয়াবৰ বাবে ব্যৱহাৰ কৰা হয়।

E. চুটি উত্তৰৰ প্রশ্ন (তিনি নম্বৰৰ) ঃ

1. অৰণ্য হৈছে ভৱিষ্যতৰ আনুবংশিক সম্পদবাক্যশাৰীৰ বৰ্ণনা কৰা।

2. অসমৰ তিনিবিধ উল্লেখযোগ্য জনপ্রিয় কাঠ উৎপাদনকাৰী গছৰ বৈজ্ঞানিক নাম আৰু তাৰ বৰ্গ লিখা।

3. তলত উল্লেখ কৰা উদ্ভিদবোৰৰ বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ উল্লেখ কৰা।

(a) বাউলফিয়া (b নিম (c) চিনকোনা (d) চেগুন (e) শাল (f) শিশু

4. মুগাসূতা কেনেকৈ লেটা খোলাৰ পৰা পাব পাৰি চমুকৈ লিখা।

5. এড়ীপলুক কিয় বহুতভা বোলা হয়। এড়ীপলুৰ বিভিন্ন খাদ্য উদ্ভিদৰ বিষয়ে লিখা।

6. অসম ৰেচম সম্পদত বৰ চহকীবাক্যৰৰ বর্ণনা কৰা।

7. পেলনীয়া লেতেৰা পানী শোধন সম্পর্কে এক অধ্যয়মূলক বর্ণনা দিয়া।

8. চেগুন আৰু বনৰীয়া চেগুন গছৰ পৰা পোৱা কাঠৰ দৈহিক গঠন বর্ণনা কৰা। ইহঁতৰ উদ্ভিদ বৈজ্ঞানিক নাম লিখা।

(F) দীঘল উত্তৰৰ প্ৰশ্ন (পাঁচ নম্বৰৰ) ঃ

1. মুগাপলুৰ জীৱনচক্ৰ আৰু পালনৰ বিষয়ে লিখা।

2. ৰেচমপলুৰ প্রতিটো বেমাৰৰ কাৰক জীৱৰ নাম লিখি বেমাৰৰ ওপৰত এটা টোকা লিখা।

3. মুগা ৰেচম কীটৰ জীৱন বৃত্তান্ত আৰু পালন বর্ণনা কৰা।

4. উত্তৰ পূৱ অঞ্চলৰ প্ৰধানকৈ অসমক কিয় উদ্ভিদ সম্পদত চহকী বুলি কোৱা হয় ব্যাখ্যা কৰা।

5. অসমৰ উদ্ভিদ সম্পদ মানুহৰ অর্থনৈতিক বিকাশৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তোমাৰ মতামত দি চমুকৈ বর্ণনা কৰা।

6. জল প্রদূষণ কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি চমুকৈ লিখা।

7. নৃগোষ্ঠীয় জনজাতীয় লোকে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা যিকোনো পাঁচবিধ ঔষধি গছৰ উদ্ভিদ বৈজ্ঞানিক নাম অংশৰ ব্যরহাৰ আৰু ব্যৱহাৰৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ আলাচনা কৰা।

Type Himanku Bora