অসমৰ জীৱসম্পদ | অধ্যায় ১৬ | Chapter 16 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Bioresources of Assam

অসমৰ জীৱসম্পদ

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰ প্ৰতিটোত ১ নম্বৰকৈ:


খালী ঠাই পূৰ কৰাঃ 

১। প্রাকৃতিক সম্পদবোৰ হৈছে                আৰু                 ৰ উৎপাদক।

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ। 


২। ভাৰতবৰ্ষত থকা সৰ্বমুঠ ৪০০ বিধ কপৌ জাতীয় উদ্ভিদৰ, অসম হৈছে প্রায়

                প্ৰজাতিৰ ঘৰ।


উত্তৰঃ ৩০০।


৩। ৰাওলফিয়া গছৰ অংশৰ পৰা প্ৰায়                বিধ উপক্ষাৰ পৃথক কৰা হৈছে।

উত্তৰঃ ২০।

8। কুইনাইন আৰু চিনকোনাইন                 গছৰ পৰা পোৱা যায়।

উত্তৰঃ চিনকোনা।

৫। ডাঙৰ গছবোৰৰ                কলাই প্রস্তুত কৰা পাঠ হৈছে গৌণ কলা।

উত্তৰঃ মুখ্য।


৬। ৰেচমকীট                 গোত্ৰৰ অন্তৰ্গত।


উত্তৰঃ চেটাৰনিডি।


৭। মাইকী মুগা মঠে খৰিকাত                 কণী পাৰে।


উত্তৰঃ ৩৫০ টা।


৮। পেব্রিন                ৰ দ্বাৰা হয়।


উত্তৰঃ বেক্টেৰিয়াৰ আদ্য প্রাণীন ছিমা।


৯। কেচেৰু এড়ী পলুৰ               খাদ্য উদ্ভিদ।


উত্তৰঃ গৌণ।


শুদ্ধ নে অশুদ্ধ (১ নম্বৰ)


১। গছে মানুক খাদ্য, বস্ত্ৰ আৰু আশ্রয় প্রদান কৰে।


উত্তৰঃ শুদ্ধ।


২। কুইনাইন, কুইনিডাইন আৰু চিনকোনাইন বল আৰু শক্তি বঢ়াবলৈ ব্যৱহাৰ কৰা দৰকাৰী আৰু

উপযুক্ত ঔষধ।


উত্তৰঃ অশুদ্ধ।


৩। এট্ৰ'পা বেলাড'নাৰ পৰা পোৱা ঔষধ হৃদযন্ত্ৰৰ মাংসপেশীৰ বিষ আৰু হৃদযন্ত্ৰৰ স্পন্দৰৰ উপশম

পাবলৈ ব্যৱহাৰ কৰা হয়।


উত্তৰঃ শুদ্ধ।


8। চেগুণ গছৰ অন্তঃকাঠ আৰু ৰসবাহী কাঠ ক্রমে বগা আৰু সোণালী হালধীয়া ৰঙৰ।


উত্তৰঃ অশুদ্ধ।


৫। ভাৰবিনেটিচি গোত্ৰৰ অন্তৰ্গত শিশুৰ গছৰ বৈজ্ঞানিক নাম হ'ল মেলিনা আৰবোৰিয়া।


উত্তৰঃ শুদ্ধ।


৬। ৰেচম পালন অসমৰ এটা উল্লেখযোগ্য কুটীৰ শিল্প।


উত্তৰঃ শুদ্ধ।


৭। ব'মিবক্স মোৰীৰ মুখ্য খাদ্য উদ্ভিদ হৈছে এৰা গছ।


উত্তৰঃ অশুদ্ধ।


৮। ৰেচমপলুৰ কণীবোৰ ২% ফৰমেলিনত ধোৱা হয় বীজাণুমুক্ত কৰিবলৈ।


উত্তৰঃ শুদ্ধ।

অতি চুটি উত্তৰৰ প্ৰশ্ন (১ নম্বৰ)

১। প্রাকৃতিক সম্পদ কি?


উত্তৰঃ পৃথিৱী বা প্রকৃতিয়ে যি কোনো প্রক্রিয়াৰে মানুহ আৰু সমাজৰ উপযোগী হিচাপে যি বিলাক পদার্থ বা বস্তুৰ

অবদান যোগায়, তাকেই প্রাকৃতিক সম্পদ বোলে।


২। জীৱ সম্পদৰ উষ্ণতম অঞ্চল বুলিলে কি বুজা?


উত্তৰঃ জীৱ সম্পদৰ ফালৰ পৰা আটাইতকৈ চহকী অঞ্চল য'ত জীৱজগতৰ বহুতো দুষ্প্রাপ্য প্রজাতি কেৱল সেই

অঞ্চলতেই সীমাবদ্ধ হৈ থাকে তাকেই জীৱসম্পদৰ উষ্ণতম অঞ্চল বোলে।


৩। অৰণ্যৰ আনুবংশিক সম্পদবোৰ কি কি?


উত্তৰঃ ক্রান্তীয় বর্ষাৰণ্যৰ লগতে চিৰসেউজীয়া, পর্ণপাতী, জলাহ আৰু ৰোপাৰিয়ান আদি বিভিন্ন প্ৰকাৰৰ বনাঞ্চলবোৰ অৰণ্যৰ আনুবংশিক সম্পদ।


8। বউলফিয়া (সর্পগন্ধা) গছৰ প্ৰথম বিৱৰণ কোনে দিছিল?


উত্তৰঃ বাউলফ্।


৫। বর্ষাৰণ্য বুলিলে কি বুজা?


উত্তৰঃ যিবোৰ অঞ্চলত বা অৰণ্যত বৰষুণৰ মাত্ৰা অত্যধিক আৰু ডাঠ হাবিৰ বাবে বৰষুণৰ পানী সৰকিব নোৱাৰি

লাহে লাহে বছৰটোৰ সকলো সময়তে পানী নিঃসৰি থাকে তাকে বর্ষাৰণ্য বোলে।


৬। ৰেচম পালন কি?


উত্তৰঃ ৰেচম উদ্যোগৰ বাবে ৰেচম চকৰী পালন কৰি উপযুক্ত সূতা প্ৰস্তুত কৰাকে ৰেচম পালন বোলে।


৭। মালবেৰী ৰেচম কীট কোনটো গোত্ৰৰ অন্তর্ভুক্ত?


উত্তৰঃ বম্বিচিডী।


৮। মালবেৰী ৰেচম কীটৰ বৈজ্ঞানিক নাম কি?


উত্তৰঃ বম্বীক্স মৰি।


৯। মুগা চকৰীৰ পালনত ল'বলগীয়া সাৱধানতা লিখা।


উত্তৰঃ মুগা কীটৰ জীৱনকালৰ প্ৰতিটো স্তৰতে বিজ্ঞানসম্মত সাৱধানতা অবলম্বণ কৰা হয়। বীজাণুমুক্ত কণীৰ

বাবে নিৰোগী মাইকী চকৰীৰ পৰা কণী লোৱা হয়।


১০। স্পিনাৰেট কি?


উত্তৰঃ স্পিনাৰেট হৈছে ৰেচম পলুৰ মুখৰ তলত থকা এটা অংশ; যাৰ পৰা লেটাখোলা তৈয়াৰ কৰিবলৈ

আঁহ উলিয়ায়।


চমু প্রশ্নোত্তৰ:


১। মানুহৰ লগতে প্রত্যেক প্রাণীয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে কিয় আৰু কেনেকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰ

কৰে লিখা।


উত্তৰঃ সকলো প্রাণী প্রত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। মানুহ আদি অৱস্থাৰ পৰাই জীয়াই থকাৰ

সকলো সমলৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে মানৱ জীৱনৰ বাবে অতি আৱশ্যকীয় তিনিওবিধ দ্রব্য

যেনে- খাদ্য, বস্ত্র আৰু বাসস্থানৰ যোগান ধৰে। আন প্রাণীসমূহো খাদ্যৰ বাবে প্রত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ

ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও সূতা, জৈৱজ ইন্ধন, ৰেচম, কাগজ, ঔষধীয় দ্রব্য, তেল, বিভিন্ন ৰাসায়নিক দ্রব্য

আদি উদ্ভিদৰ পৰাই পোৱা যায়।


২। জনজাতীয় উদ্ভিদ বিদ্যা কি? ই কেনেদৰে ঔষধি উদ্ভিদৰ লগত জড়িত?


উত্তৰঃ অতীজপে পৰা জনজাতীয় লোকসকলে ব্যৱহাৰ কৰি অহা বিভিন্ন উদ্ভিদবোৰৰ চাৰিত্ৰিক আৰু গুণগত

মান অধ্যয়নকে জনজাতীয় উদ্ভিদবিদ্যা বোলে।


ই সাধাৰণতে ঔষধি উদ্ভিদৰ লগত জড়িত; কিয়নো, অতীজৰে পৰাই এই সকল লোকে তেওঁলোকৰ বিভিন্ন ৰোগ

নিৰাময়ৰ বাবে বনাঞ্চলত সততে পোৱা বহুতো মূল্যৱান ঔষধি গছৰ ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণে সুফল পাই

আহিছে। তেনে ক্ষেত্ৰত এইবোৰ উদ্ভিদত থকা বিশেষ গুণবোৰৰ অধ্যয়ন কৰি তাৰে ভৱিষ্যতে নানা ৰোগৰ উপশম

ঘটাব পৰা যাব।


৩। "অসম জীৱসম্পদৰ উষ্ণতম অঞ্চল" কাৰণ দর্শোৱা।


উত্তৰঃ দক্ষিণ এচিয়া দেশৰ সমূহ অঞ্চলৰ ভিতৰত অসমকে ধৰি সমগ্ৰ উত্তৰ পূব অঞ্চলক জৈৱ বিচিত্ৰতাৰ ফালৰ

পৰা জীৱ সম্পদত আটাইতকৈ চহকী বুলি ধৰা হয় আৰু লগতে জীৱ সম্পদৰ উষ্ণতম অঞ্চল হিচাপে চিনাক্ত কৰা

হয়; কিয়নো, ই হৈছে বহুতো আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। ভাৰতবৰ্ষত পোৱা সর্বমুঠ ৩১৫ টা গুপ্তবীজি

উদ্ভিদ গোত্ৰৰ প্রায় ২০০ টা গোত্ৰৰ উদ্ভিদে ইয়াৰ পৰা প্রতিনিধিত্ব কৰে আৰু ৪০০ প্রকাৰ কপৌ জাতীয় উদ্ভিদৰ

প্রায় ৩০০ প্ৰকাৰৰ এই অঞ্চলৰ। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কাঠ উৎপাদনকাৰী, সূতা বা আঁহ প্রস্তুতকাৰী গছ, ৰং

উৎপাদনকাৰী বাঁহ, বেত, আঠা আৰু ৰজন গছ, বিভিন্ন প্ৰকাৰৰ ফলৰ গছ, মাহ জাতীয় আৰু আন আন খাদ্য

জাতীয় গছ আদি ভিন ভিন প্রকৃতিৰ উদ্ভিদেৰে উপচি পৰা। ইয়াৰ উপৰিও অসমৰ প্ৰাকৃতিক পৰিবেশত ৰেচম

উদ্যোগত লগত জড়িত কেইবাটাও প্ৰজাতিৰ পতংগও পোৱা যায়।


8। দুবিধ এনে গছৰ উদ্ভিদ বৈজ্ঞানিক নাম আৰু গোত্র লিখা যাৰ শিপা ঔষধ প্ৰস্তুতকৰণত ব্যৱহৃত

হয়?


উত্তৰঃ দুবিধ এনে গছ হ'ল-


(ক) ৰাউলফিয়াঃ


উদ্ভিদৰ বৈজ্ঞানিক নাম- বাউলফিয়া চাৰপেনটিনা


গোত্র- এপোচাইনোচি (কৰবী গোত্র)


(খ) বাহকতিতাঃ


উদ্ভিদ বৈজ্ঞানিক নাম- জাষ্টিচিয়া এধাতোদা


গোত্র - একান্থেচি।


৫। অসমত ব্যৱসায়িকভাবে ৰেচম পলু পালনত ব্যৱহাৰ হোৱা বিভিন্ন প্রজাতিবোৰ কি কি?


উত্তৰঃ অসমত ব্যৱসায়িকভাবে ৰেচম পালনত চাৰি ধৰণৰ ৰেচম কীট ব্যৱহাৰ কৰা হয়ঃ


(ক) পাট বা মালবেৰী ৰেচম কীট; (খ) মুগা ৰেচম কীট (গ) এৰী ৰেচম কীট আৰু (ঘ) তচৰ ৰেচম কীট।


৬। মুগাপলুৰ বৰ্গীকৰণ লিখা।


উত্তৰঃ মুগাপলুৰ বৰ্গীকৰণ তলত দিয়া হ'ল-


পর্ব - সন্ধিপদী


শ্রেণী - পতংগ


গোত্র - ছেটাৰনিডি


প্রজাতি - এন্থেৰিয়া আছামা


৭। বর্গমতে অসমত ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা ৰেচমকীটৰ এখন তালিকা প্রস্তুত কৰা।


উত্তৰঃ অসমৰ ৰেচম উদ্যোগৰ লগত জড়িত কেইবাটাও প্ৰজাতিৰ পতংগবোৰ সন্ধিপদী পৰ্বৰ লেপিড'পটেৰা

বৰ্গৰ অন্তৰ্গত। ইয়াৰ চাৰি ধৰণৰ ৰেচম কীট অসমত ব্যৱসায়িকভাবে পালন কৰা হয়-


(ক) পাট বা মালবেৰী ৰেচম কীট (খ) মুগাৰেচম কাঁট (গ) এৰী ৰেছম কীট (ঘ) তচৰ ৰেচম কীট।


৮। এড়ী আৰু মুগা পলুৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ এবিধ মুখ্য খাদ্য উদ্ভিদৰ নাম লিখা।


উত্তৰঃ (ক) এড়ী:


বৈজ্ঞানিক নাম: ফিল'চ 'মিয়া বিচিনি


মুখ্য খাদ্য উদ্ভিদ এৰা গছৰ পাত।


(খ) মুগা:-


বৈজ্ঞানিক নাম- এন্থেৰিয়া আছামা;


মুখ্য খাদ্য উদ্ভিদ চোম আৰু চোৱালু


৯। ব্যৱসায়িকভাৱে পালন কৰা ৰেচম কীটবোৰ কি কি? তচৰ কীটৰ দুবিধ খাদ্য উদ্ভিদৰ নাম লিখা।


উত্তৰঃ ব্যৱসায়িকভাবে পালন কৰা দুবিধ তচৰকীট হৈছে- এন্থেৰিয়া মাইলিটা আৰু এন্থেৰিয়া পাফিয়া।


ইয়াৰ দুবিধ খাদ্য উদ্ভিদ হৈছে- অর্জুন আৰু ডিমক।


১০। ফ্ৰেচাৰৰী কাৰক প্ৰাণী আৰু ইয়াৰ লক্ষণসমূহ লিখা।


উত্তৰঃ ফ্লেচাৰী ৰোগ ভাইৰাচৰ দ্বাৰা সংঘটিত হয়।


এই বেমাৰত আক্রান্ত পলু ক'লা পৰি যায় আৰু ক্ৰমে লৰচৰ কৰিব নোৱাৰা হৈ পৰে। বেমাৰী পলুবোৰ মূৰটো

তললৈ কৰি ওলমি থকা দেখা যায়।


Type Himanku Bora


New Update 2026