গৌতম হাজৰিকা গীত | Gautam Hazarika Assamese Song | গৌতম হাজৰিকা অসমীয়া গীত সমূহ


মধুমিঠা সন্ধিয়াতে

 

মধুমিঠা সন্ধিয়াতে

নিৰৱ বহু আশাৰে

বাট চাওঁ তোমালৈ

বুকুভৰা মৰম লৈ

আশা কিয় জ্বলে আজি

বুজিবা জানো তুমি

মৌচুমি কাক ভাল পোৱা তুমি ।।

 

তোমাৰ নীলা চকুযুৰি

তোমাৰ মিঠা এটি হাঁহি

হৃদয়তে সপোন আঁকি

সুবাস দিলা তুমি আহি

বাট চাওঁ তোমালৈ...।।

 

জোনাক ভৰা নিবিড় ৰাতি

মৰম কিয় জাগে আজি

দিবা জানো মৰম ঢালি

আকলুৱা মন বননিত

বাট চাওঁ তোমালৈ....।।


বিস্ফোৰন কিয়

 

বিস্ফোৰন কিয় বাৰু প্ৰয়োজন

কাৰ স্বাৰ্থৰ বাবে

যদি মাটিৰ মানুহ

মাটিতেই মিলে

কিয় তেনেহলে মানুহেই

মানুহক মাৰে ।

 

শব্দ আঁতৰিল

নিৰৱতা আহিল

ধ্বংসৰ ছবি জিলিকি উঠিল

তেজৰঙা নদী ক্ষত-বিক্ষত দেহা

কম্পিত মানৱ

পিশাচৰ হাঁহি

নাআঁকিবা,

আৰু তেনে ছবি

দেখি হৃদয় কঁপা ।।

 

এটি সাঁথৰ

বুজা কি নুবুজা

সকলোতে কিয় বিভেদৰ খেলা ।

বিস্ফোৰন যদি মহাধ্বংসৰ মেলা

কিয়নো আছা ৰৈ

প্ৰতিবাদ কৰা

টুকিছা যদি চকুৰ পানী

প্ৰতিশ্ৰুতি দিয়া ।


মৰমৰে পানচৈ

 

 

মৰমৰে পানচৈ

উটি যা দূৰলৈ

আলকুৱা হিয়া ভাঙি থৈ

নকবি মোক তেনেকৈ

হিয়া দহি যোৱাকৈ

থাকিম মই

সিপাৰতে ৰৈ ।।

 

কেনেকৈ আছো মই

নিজানতে ৰৈ

তোৰে কথা ভাবি মই

আশাৰে যে ৰৈ

কিয় বাৰু নুবুজ

কিয় বাৰু নুশুন

মন আছে তোৰে কথা কৈ

 

উজাগৰী নিশা-মোৰ

আশা হৈ ৰ

বুকুভৰা কামনা

সোঁৱৰণী হ

উমি উমি জ্বলি গ

কিয় বাৰু দেখা নাই

মন মোৰ উকা হৈ ৰল ।।