হীৰেণ গোঁহাই গীত | Heeren Gohain Assamese Song | হীৰেণ গোঁহাই অসমীয়া গীত সমূহ 



যায় বাঁহীৰ সুৰে

 

যায় বাঁহীৰ সুৰে যমুনা ঢৌৱাই

অভিসাৰিনী ৰাধাই বিচাৰি নাপায় শ্যাম

তে বেণু বায় ।

 

ফাগুনে সজায় বন আবিৰ উৰুৱাই

কানুৱে নুবুজে মন নিদিয়ে ধৰাৰে হায়

ফাগুনে সজায় বন আবিৰ উৰুয়াই

নুবুজে অভিমান অবুজ কানুৰয়

ফাকুগুড়ি সানে শ্যামে মায়াৰে লুকাই লুকাই ।।

 

কোনে নাম দিলে ৰাধাক কলংকিনী

কানুৱে কয় ৰাধা বিনোদনী

কোনে নাম দিলে ৰাধাক কলংকিনী

ৰাধাই নেমানে বাধা শ্যাম যে নয়নমণি

আবিৰ ৰঙা পলাশবনে ইমান যে হাঁহি বিলায় ।।