হেমন্ত দত্তৰ গীত | Hemant Dutt Assamese song | হেমন্ত দত্ত অসমীয়া গীত সমূহ 


মই যি বাটেৰে


মই যি বাটেৰে ওলালো আজি

           নাহো উলটি।।

মই ন পথেৰে জ্যোতিৰে পখী

           ফুল বিচাৰি।

এৰি অহা পথ

এন্ধাৰো দেখো আৱৰি আছে

আশা ভৰা পথ

বিপদে দেখোঁ আগচি ৰাখে

মই ন সাহেৰে সাহসী আজি

নপৰো ভাঙি ।

কিয় বাৰে বাৰে

ভাগৰে আহি আমনি কৰে

জ্যোতি পখীবোৰে

আগলে দেখোঁ বাউলী মাতে

মই ন আশাৰে ফুলনি সাজি

থাকো ওমলি ।

মই যি বাটেৰে ওলালো আজি

           নাহো উলটি

মই ন পথৰে জ্যোতিৰ পখী

           ফুৰো বিচাৰি...।।

 


কিনো সুৰিয়া গানেৰে


কিনো সুৰিয়া গানেৰে

মোৰ মন আজি ভৰিলে

তোমাকে পাই

মোৰো মনে জানা

আছিলে যে সদায়

তোমাৰে গানৰে সুৰ

মনতে গুণ গুণাই

কিনো সুৰিয়া গানেৰে.....

 

বুকুৰে মাজতে কি জুই জ্বলে

দহনো যে মিঠা লাগে

পিৰিতিৰ উমৰে ফু-দি জ্বলোৱা

আৱেগৰে জুই ছাগে

নাই হোৱা এনে কাহানিও

জ্বলা নাই বুকুত

আৱেগৰে জুই জ্বলে

অজানিতে উমি উমি বুকুতে

কিনো সুৰিয়া....।

জীৱন লগৰী হবলৈ আহিছোঁ

হাত থোৱা হাততে

উজুলি-বিজুতি একোতে নেৰিবা

আধৰুৱা বাটতে

কথা দিলোঁ মই মধু প্ৰহৰত

চকুত থৈ চকুতে

ময়ো কথা দিলোঁ পল-অনুপল

থাকিম তোমাৰ লগতে

কিনো সুৰিয়ী.......।


 নহলে পৰিচয় হিয়াৰে 




নহলে পৰিচয় হিয়াৰে

চিনাকি জানো কোনো হব পাৰে

নহলে পৰিচয় ...............


ৰালিৰ ঘাটে ঘাটে 

উমলি থাকোতেই

অচিনা পানচৈ 

লাগিলেহি ঘাটতে মোৰ

অজানিতে-

দুলনি দিলে নুবুজাকে 

মনতে মোৰ গুপুতে

যৌৱনে কলে আজি 

সেয়া হিয়া দিয়া নিয়া

প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে

প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে

তথাপিতো বাৰে বাৰে 

ছিগি যাব কিয় খোজে সুৰ

অকাৰণে অজানিতে

ৰালিৰ ওমলোতে 

ভাল লগা সুৰ 

মনে মনে

যৌৱনে কলে আজি এয়াই

হিয়া দিয়া নিয়া.............

 

ৰালি সুৰকে বিচাৰি আহিলো

অচিনা ঘাটকে বিচাৰিযে নাপালো

সময়েনো কিয় বাৰু 

খেলিলেহি লুকা-ভাকু 

হায়,বাৰে বাৰে 

অজানিতে

উভতিনো উকা হাতে 

লৈ মাথোঁ মোৰ 

সোঁৱৰণী

যৌৱনে কলে আজি এয়াই

হিয়া দিয়া নিয়া .............