হিৰেন ভট্ৰাচাৰ্য়ৰ গীত | Hiren Bhattacharya Assamese Song | হীৰেন ভট্ৰাচাৰ্য়ৰ অসমীয়া গীত
গানে কি আনে ....
গানে কি আনে সুৰৰ সপোনে সপোনে
গানে কি সানে ডাঁৱৰৰ কাণে কাণে
ৰামধেনুৰ শিতানে শিতানে শিতানে
সুৰৰ সোপনে সোপনে ||
সৌ আকাশৰ ঢৌ তোলা
জোনাকৰ গানে
সৌ পথাৰৰ থোৰ মেলা
কুমলীয়া ধানে
জানো জানে ?
গানে কি আনে কি সানে
সুৰৰ সোপানে সোপানে ।
ৰামধেনুৰ শিতানে শিতানে
সুৰৰ সোপানে সোপানে
গানে শাওনৰ আকাশৰ দৰে কান্দে
গানে ৰুপহী বিজুলী চমকৰে হাঁহে ।
গানে কি আনে কি সানে
সুৰৰ সোপানে সোপানে
ৰামধেনুৰ শিতানে শিতানে ||
উন্মনা...।
উজাগৰি বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয়।।
সুৰে সুৰে গানৰ
আলোড়ন উলাহৰ
জানানে নাজানা
জানো জানো জানো
হে হে হে
উজাগৰি...........
তৃষ্ণাৰে দীপালী
জ্বলালা আজি মনতে
সপোনৰে ধেমালি
ৰচিলা আজি হিয়াতে
বহু যুগৰে হেঁপাহে
আছে বাটে চাই আমালে
সোণালী চকু মেলি
উজাগৰি বুকুতে.............
উজ্বলিল জীৱনৰ ফাগুণৰ
এমুঠি ফুল হৈ
আকলুৱা প্ৰাণতে
বাজি ৰ’লা এধানি সুৰ হৈ।।
আমোলমোল শেৱালিৰ গোন্ধে
যাওঁ বুলি যাবই নোখোজে চোন
চকুৱে
চকুৱে পৰা হ'লে চাব
দেখিলোহেঁতেন
বেলিৰ মুখৰ ৰং
তোমাৰ
শিৰৰ সেন্দুৰকণ।।
পুৱতি
নিয়ৰে ফুলালে শেৱালি
দূবৰিৰ
দলিচাত থ’লেহি দপোণখন
আহিন
আহি বজালে বাঁহী
ভৰিল
শেৱালি বন
পাহিলৈ
কি চাবা
পাবলি
পাবলি
হাঁহিটি ৰজঞ্জন।।
মোক তোল
মোক তোল
শেৱালিৰ গোন্ধ
আহিনৰ সতে আহিল আকৌ দেখোন
চকুৱে
চুকৱে পৰা হ'লে চাব
দেখিলোহেঁতেন
কেঁচা সোণ যেন
তোমাৰ শিৰৰ সেন্দুৰকণ৷৷