![]() |
Isaac Newton |
আইজাক নিউটনঃ
ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞীজনৰ ছাৰ আইজাক নিউটন। ১৬৪২ চনত ইংলেণ্ডত তেখেতৰ জন্ম হৈছিল। পিতৃ-মাতৃ অবিহনে নিউটন আইতাকৰ লগত ভাঙৰ-দীঘল হৈছিল। সৰু কালত তেখেত পঢ়া-শুনাত অমনোযোগী আছিল, কিন্তু নানা ধৰণৰ খেলনা আৰু যন্ত্ৰ-পাতি তৈয়াৰ কৰাত বৰ পাৰ্গত আছিল। কম বয়সতে আইজাক নিউটনে বায়ুকল আৰু বেলিঘড়ি সাজি উলিয়াইছিল।
আইজাক নিউটনে কেম্ব্ৰীজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰছিল আৰু তাৰ পাছত তাতেই অধ্যাপনা কৰিছিল। তেখেতৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিবিজ্ঞানলৈ আগবঢ়োৱা অৱদান অবিস্মৰণীয় । পদাৰ্থৰ গতি সম্পৰ্কীয় তিনিটা বিখ্যাত সূত্ৰ তেখেতে আৱিস্কাৰ কৰিছিল । এই সূত্ৰ সমূহক নিউটনৰ সূত্ৰ বুলি জনা যায়। গছৰ পৰা আপেল সৰি পৰা দেখি নিউটনে মাধ্যকৰ্ষন তত্ব আৱিস্কাৰ কৰাৰ কাহিনী সৰ্বজনবিদিত । তেখেতৰ অন্যান্য আৱিস্কাৰ ভিতৰত পোহৰৰ প্ৰতিফলন আৰু দূৰবীক্ষণ যন্ত্ৰ উল্লেখযোগ্য। তেখেত এজন সত্য অন্বেষণকাৰী মহান বিজ্ঞানী আছিল। ১৭২৭ চনৰ ২০ মাৰ্চত আইজাক নিউটনৰ দেহাৱসান ঘটে।
By
Hirak Jyoti Bora.