জয়ন্ত বৰুৱাৰ গীত | Jayanta Baruah Assamese Song | জয়ন্ত বৰুৱা অসমীয়া গীত সমূহ
এইখনি গাওঁ বুকুৰ আপোন
এইখনি গাঁও বুকুৰ আপোন
ইয়াতে দেখো নতুন সপোন
কোনে জুমি চায় জুৰিত দাপোণ
ফুলৰ পাতৰ সাজোন কাচোন
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ।।
আগলি বাঁহত বগলী নাচিছে
আলফুলকৈ কহুৱা হালিছে
মুখে মুখে হাঁহি দেখোন ।।
সৰু বৰ নাই ই গাঁৱত সমূলি
উলহাত সৌ উদুলি মুদুলি
চেনেহৰে এই বান্ধোন ।।