জিতেন ডেকাৰ গীত | Jiten Deka Assamese Song |  জিতেন ডেকাৰ অসমীয়া গীত সমূহ 


মোৰ শুকুলা ঘোঁৰা

 

মোৰ শুকুলা ঘোঁৰা

নাম যাৰ আশা

তাৰ পিঠিত উঠি এই যাত্ৰা মোৰ

বহুদূৰ বহুদূৰ মোৰ সক্ষ্যস্থান কিমান দূৰ ।।

 

ইপাৰৰ পৰা সিপাৰ নেদেখি

সিপাৰ পাবলৈ কিমান নো পৰ

উজুটি খাই ভৰি তেজে ৰঙা হ

অভিমানী যুৱক যেন কলিজা মোৰ

মোৰ লক্ষ্যস্থান কিমান নো দূৰ ।।

 

এই ঘোঁৰাৰ পিঠিত উঠি শৃঙ্গ বগালো

পাৰ হ’লো কত নদী নিজৰা

কেনি আছে মই বিচৰা শান্তিৰ দেশ

সমুখ মাথো ঘন এন্ধাৰে ভৰা

তীব্ৰ বেগেৰে ঘোঁৰা চেকুৰালো

সময় যে নাই মোৰ

পিন্ধিবতো লাগিবই ডিঙিতে মালাধাৰী

জয় কিম্বা পৰাজয় ।