কৈলাশ নাথ শৰ্মাৰ গীত | Kailash Nath Sarma Assamese Song | কৈলাশ নাথ শৰ্মাৰ অসমীয়া গীত সমূহ
সুনীল গগন
সুনীল গগন জুৰি
জ্বলে হেজাৰ তৰা,
দুচকুত জ্বলে কাৰ
দুটি নয়নতৰা ।।
বিলৰ বুকুত ফুলা
ভেঁটকলি এপাহি,
কাকনো জনাই ওল
হাঁবে মধুৰ হাঁহি
এযুৰি চকুৰ চাৱনি
মন উতলা কৰা ।
কুঁহি-কোমল কাৰ মনে
আজি মেলিলে পাহি,
মৃদু, মধুৰ সুৰে বাজে
মন-কামনা বাঁহী
কামনা-কুসুম ফুলে,
বয় প্ৰীতিৰ নিজৰা ।।
পলাশৰ ৰং নাই
পলাশৰ ৰং লগা নাই
সূৰুযৰ ৰং গলা নাই।।
যুগৰ কলং হিয়াৰ বেদনা
উটি যায়, ভাহি যায় ।
কলিজাৰ বোল লাগি
ধৰণীৰ ধূলি তেজ ৰঙা হ'ল,
জীৱনৰ সেউজী বাসনা
আজি হায় মৃত্যু নীল হ'ল,
পলাশৰ ৰং লগা নাই ।
কামনাৰ বোল লাগি
ধৰণীৰ ধূলি-বালি সোণ হ'ল
সোণামুখী জীৱনৰ বৰণৰ
ডলা সজাবৰ হ'ল
পলাশৰ ৰং লগা নাই হিয়াৰ
বেদনা উটি যায়, ভাঁহি যায় ।
ৰুন জুন নূপুৰে মাতে
ৰুন জুন নূপুৰে মাতে
কি সাজ, সাজে কুঁহিপাতে
মন মোৰ বলিয়া কৰে
কুহু কুহু কুলিৰ মাতে।।
মন মোৰ উৰি যায়,
চমকি, থমকি ৰয়
ৰুন জুন নূপুৰে.............
যৌৱন যমুনাৰ পাৰতে
কিবা ভাবি-গুণি আজি মনতে,
মনত পৰিছে
মন উতলা সুৰ
মন মোৰ উৰি যায়,
চমকি, থমকি ৰয়
ৰুন জুন নূপুৰে.............
ফাগুনৰ মধুৰ বাঁহী
বাজিচিল তাহানি ইয়াতে,
ফাগুন আহিছে
পলাশ বননি শুৱাই।।
মন মোৰ উৰি যায়,
চমকি, থমকি ৰয়
ৰুন জুন নূপুৰে.............
ৰুন জুন নূপুৰে.............