কপিল ঠাকুৰ গীত | Kapil Thakur Assamese Song | কপিল ঠাকুৰ অসমীয়া গীত সমূহ


মায়া মায়া মাথো মায়া

 

মায়া মায়া মাতো মায়া,

তুমি জানো সঁচানে

মৰমৰে মায়া ।

মায়া ভৰা দুচকুলৈ

দিয়া জুৰি আছেহি বৈ

দূৰণীৰে জোনাকী হৈ

লা কিয়

মায়া মায়া...

 

সাগৰৰ দৰে গভীৰ

তুমি অনা মৰমকে লৈ

আছোঁ জীয়াই

দেহে মনে আছা যদি

বাৰে বাৰে গুচি যোৱা মোক

কিয় কন্দুৱাই

নানিবা সেমেকা ৰাতি

নেলাগে মোক সোঁৱৰণী

মায়া মায়া...

 

মায়াৱিনি সেই ৰাতি আহিছিলোঁ

কাষলে তোমাৰ দুখ হবলে

হাঁহি হাঁহি সাবটিলোঁ

অশ্ৰুভৰা অনুভতিবোৰ মনত গোপনে

মৰমৰ মায়াৱী তৃষা

দিবহি মাথোঁ বেদনা

মায়া মায়া...।।


জোনাক গলা জাৰৰ নাশা

 

জোনাক গলা জাৰৰ নিসা

মূৰ থৈ শেঁতা শেতেলিত

গণি গণি আঙুলিৰ মূৰত

আছে কিমান চকুৰ পানী

সুখৰ চিকুন মণি

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।

 

গলি গলি প্ৰতিদিনে

পলে পলে জীৱন গলে

তনো বিচিৰিবা কৰুণাৰ হাত

বিচাৰি ফুৰিম প্ৰতিদিন, প্ৰতিদিনট

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।

 

মৰম-চেনেহ তেনেই তাকৰ

নীলিম তোমাৰ চকুৰ বাখৰ

পোহৰাবানো আহি

খিৰিকি মুখৰ সাঁজৰ তৰাটি হৈ,

তৰাটি হৈ

মই ভাগৰা নাই...

জীৱন হেৰুওৱা নাই...।

জোনাক গলা...।।

 

দূৰ বহু দূৰ

 

দূৰ বহু দূৰ

সপোনৰ সুৱদি সুৰ

দূৰ বহু দূৰ

চিনাকি বাটৰ সুৰ

কাতৰ হিয়াৰ কোমল উষাত

শুনিছানে গোপনে

হেজাৰ আশাৰ মিঠা সুবাস

ৰাখিছানে যতনে

গবীৰ ৰাতিৰ পৰতে ।।

মোৰ মন পদুবলিকে

 সন্ধিয়াতে জ্বলালা চাকি

উৰুঙা মোৰ আকাশত

হাঁহিলা শৰতত মিঠা হাঁহি

কোনোবা আঁউসিৰ ৰাতিয়ে

আৱৰিলেহি মোহনীয়া বাট

ফুলিলে আশাৰে পাহি হেৰালে

হেঁপাহত মৰমী ছাঁ

নীৰৱে মিলন গণি আছোঁ মই ভাগৰতে ।।

 

মিলনৰ ৰাতি পুৱাতে কিয়যে

শিপালে সেন্দুৰীয়া ফুল

দতে জিলিকি থকা

মুকুতা মণিৰ দেখালো ভুল

তেতিয়া পামনে তোমাক সেই জীৱনৰ দুপৰীয়াতে

আদৰি লবানে উলাহত নিজৰা বোৱাই দুচকুতে

দুখৰে পৰিব ওৰ ফুল ফুলাৰ সময়তে ।।


জোনাকে কাণে কাণে আহি কলে

 

জোনাকে কামে কাণে আহি কলে

নিবিড় অবুজ ভাষাৰে

তুমি মোৰ মাথোঁ মোৰ

নীৰৱে জ্বলি থকা তৰাবোৰ

বাৰে বাৰে কব খোজে

তুমি মোৰ মাথোঁ মোৰ...

তুমি মোৰ মাথোঁ মোৰ...।

 

ফুলৰ পাহে পাহে,

মেঘৰ আঁৰে আঁৰে

তুমি আছা প্ৰীতি হৈ

মোৰ বাবেই নীৰৱে

প্ৰীতি জুৰি আছে মাথোঁ

মোৰ দুখ নোপোৱাৰ

জোনাকে কাণে কাণে...।

 

তুমি অহাৰে পৰত

ফুলে হিয়াৰ পাহি

মৰমতে সাগৰত তুমি থকা উমলি

প্ৰীতি জুৰি আছা তুমি বিয়পি

বুকু জুৰি আছা মাথোঁ

মোৰ দুখ নোপোৱাৰ...।

জোনাকে কাণে কাণে...।।