ক্ষীৰদাকান্দ বিষয়া অসমীয়া গীত | Kshirtadakanta Bikhaya Assamese Song | ক্ষীৰদাকান্ত বিষয়া অসমীয়া সমূহ গীত |


আৱেগৰ বোকোচা বব মই নোৱাৰো

 

আৱেগৰ বোকোচা বব মই নোৱাৰো

যৌৱনে আমনি কৰে,

কিহৰে চেনাই ধন তোমাৰে বৰিম মন

লাহতী কপৌ ফুল সৰে ।।

 

বৰনৈৰ বুকুতে বলুকা সৰিলে

ঝাও বন গজিলে তাত,

তৰে ৰদ পাই চেনেহৰ পলসে

এতিয়া মেলিলে ফাট

চকুতে চকু থৈ চাওঁ চেনাই মুখলৈ

হেঁপাহৰ চতিয়না বাঢ়ে ।

 

কঁকালৰ লাচতে চকুৰে থাৰতে

মনে কাৰ পিচলি পৰে

লাখৰ বাখৰ হিয়া ৰুপত ৰঙে চৰা

সপোনৰ তৰা ফুলে বাচে

এমোকোৰা হাঁহি লৈ চাৱ মোৰ মুখলৈ

জীৱনৰ জেউতি চৰে ।।