লক্ষহীৰা দাসৰ গীত | Lakshahira Das Assamese Song | লক্ষহীৰা দাসৰ অসমীয়া গীত সমূহ 


জিৰিপ জিৰিপ অ

 

জিৰিপ জিৰিপ অ বতা চৰাই

মোৰ ধান নাখাবি

তোক দিম গোটা কৰাই

 

সোণৰ কাঁহীত ভাত দিম

মাছে ভাতে খাবি

বাটি ভৰাই গাখীৰ পিঠা

খাই মজা পাবি

লহপহীয়া ধাননিলৈ

নাহিবি দুনাই ।

 

ঘৰত আছে আখৈ চিৰা

দিম চোতালতে

দেও দি দি ফুৰিবি তই

মনৰ উলাহতে

দহোকৰো উৰি আহি

নেখাবি দুনাই ।।

 

সুৰৰে পানচৈ চলে ধীৰে ধীৰে

 

সুৰৰে পানচৈ চলে ধীৰে ধীৰে

সুৰৰে পানচৈ চলে

জীৱনৰে লগৰী অ কবিতা কুঁৱৰী

তোমাৰ বন্তি জ্বলে ।।

 

সাজৰে সবিতা শুলে অ শুলে

দূৰণিতে মনে দূৰণিতে

মনে পাখী মেলি ডাৱৰ ফালি ফালি

উৰা মাৰে কৰবালে অজানিতে

উৰা মাৰে কৰবালে ।।

দূৰণিতে বাঁহী বাজে ৰিণি ৰিণি ৰিণি

দূৰণিতে বাঁহী বাজে

সুৰেৰে মাধুৰী প্ৰাণৰে লগৰী

জীৱন অমিয়া ঢালে পৰাণতে

জীৱন অমিয়া ঢালে ।।

 

মোক এজন বগা মানুহ দিয়া

 

মোক এজন বগা মানুহ দিয়া

যাৰ ৰক্ত বগা

মোক এজন কলা মানুহ দিয়া

যাক ৰক্ত কলা

যদি দিব পাৰা, প্ৰতিদান যি বিচাৰা পাব পাৰা ।

 

উত্তৰৰ আৰু দক্ষিণ মেৰুত যত মানুহ আছে

পূৰ্বৰ পৰা পশ্চিম প্ৰান্তত যত মানুহ আছে

একে মঙহেৰে গঢ়া

প্ৰেম-প্ৰীতিৰে হৃদয় ভৰা,

সেই মানুহক কিয় তুমি ভিন্ন কৰা

ভেদাভেদ সৃষ্টি কৰা ।।

 

জন্মৰ পৰা মৃত্যুলৈ তুমি হিচাব কৰা

এই পৃথিৱীৰ ধৰ্ম যত তুমি বিচাৰা কৰা

দেখিবা তাত একেই কথা

উৰ্দ্ধত আছে মানৱতা

সেই কথাকে ভাবি তুমি গৰ্ব কৰা

তেনে কিয় যুদ্ধ কৰা ।।

এই পৃথিৱীতে হয় নিকৃষ্ট স্ৰষ্ঠাবিনে

একে সূৰ্যৰ জেউতিতে দৃষ্টি ভৰে

একে মেঘৰ বৃষ্টিতে, বিশ্বৰ প্ৰতিম সৃষ্টিতে

সকলোৱে জীয়াই আছো যদি ভাবা

তেনে কিয় গৰ্ব কৰা ।।