মলিন বৰা গীত | Malin Bora Assamese Song | মলিন বৰা অসমীয়া গীত সমূহ |


ইমান ধুনীয়া মুকুতাৰ মালা

 

ইমান ধুনিয়া মুকুতাৰ মালা

ত পালা তুমি দান ।

কোনেনো শিকালে আৱেগৰে তোমাক

বেথা ভৰা মধু গান ।।

 

নেপাহৰো মই ছবিটি তোমাৰ

জীৱনে মৰণে সাৰথি হিয়াৰ

তুমি এৰি গলে বুকু ভাঙি যাব

মিছা হব ভৰা প্ৰাণ ।।

 

হাঁহিছে আকাশে হাঁহিছে ফুলনি

তুমিনো নাহাঁহা কিয় গৰৱিনি

যোৱা যদি যোৱা নাচাপিবা কাষ

ময়ো নেৰো অভিমান ।।