মায়াশ্ৰী বৰকটকী গীত | Mayashree Barkatki Assamese Song | মায়াশ্ৰী বৰকটকী অসমীয়া গীত সমূহ 


কৃষ্ণচূড়া...কৃষ্ণচূড়া

 

কৃষ্ণচূড়া.. কৃষ্ণচূড়া.. কৃষ্ণচূড়া..

কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ

ৰঙেৰে মোৰ জীৱন

এবাৰ ৰঙাই তোলা কৃষ্ণচূড়া ।

এজাৰ তোমাৰ কজলা ৰঙৰ

ব্যথাৰে জীৱন নোবোলাবা, কৃষ্ণচূড়া ।

মোৰ জীৱনৰ বকুল বনৰ

ফুল সৰি সৰি গ

মোৰ যে মনৰ শিমলু তুলা

উৰি উৰি নুৰা হল ।

কৃষ্ণচূড়া.. কৃষ্ণচূড়া.. কৃষ্ণচূড়া ।।

কেতেকী তোমাৰ বিননি

আৰু নুশুনাবা

এজাৰ তোমাৰ ব্যথাৰে জীৱন

নোবোলাবা ।

কেতেকী তোমাৰ বিননি

আৰু নুশুনাবা

নিদাঘৰ দাহে শুকালে যি নৈৰ ধাৰা

বৰষা তোমাৰ দানেৰে আকৌ

উপচাই দিয়া

কোনোবাখিনিত কি যে হেৰুৱালে

সি কথা মনত নেপেলাবা ।

এজাৰ তোমাৰ ব্যথাৰে জীৱন

নোবোলাবা ।।